অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত অন্যতম এটি জনগোষ্ঠী হ'ল কাৰ্বি জনগোষ্ঠী। কাৰ্বি সকলৰ মূল বসতি পাহাৰ অঞ্চল যদিও ভৈয়াম অঞ্চলতো বসবাস কৰা দেখা যায়। বিশেষকৈ কামৰূপ, শোণিতপুৰ, গোলাঘাট আদি জিলাৰ উপৰি মেঘালয়ৰ কোনো কোনো ভৈয়াম অঞ্চলত বসবাস কৰা দেখা যায়। পাহাৰ আৰু ভৈয়াম দুটা ভিন্ন  অঞ্চল হোৱা বাবে কিজানি দুয়োটা অঞ্চলৰ কাৰ্বি সকলৰ ভাষা-সংস্কৃতিৰ মাজত কিছু পাৰ্থক্য দেখা যায়। পাহাৰ অঞ্চলৰ কাৰ্বি সকলে উদ্ যাপন কৰা চামাংকান যিদৰে ভৈয়ামৰ কাৰ্বি সকলে পালন নকৰে, তদনুৰূপে পাহাৰ অঞ্চলৰ কাৰ্বিসকলেও ভৈয়াম অঞ্চলৰ কাৰ্বিসকলে উদ্ যাপন কৰা দেহাল পূজা বা জহং পূজা পালন নকৰে।    

বৰ্ণনা সম্পাদনা কৰক

জহং উৎসৱ বা পূজা মূলত ভৈয়াম অঞ্চলৰ কাৰ্বিসকলৰ এক বাসন্তীক উৎসৱ। নতুন বছৰক আদৰাৰ বাবেই তেওঁলোকে এই উৎসৱ বা পূজাৰ আয়োজন কৰে। কাৰ্বি সকলৰ গাঁৱৰ মূল মানুহজনৰ ( মূল মানুহজনক বাংথাই বুলি কোৱা হয় ) ঘৰৰ চোতালতে জহং পূজা বা উৎসৱ পালন কৰা দেখা যায়। এই পূজাত কল,পিঠাগুড়ি, কেতেকী ফুল,ছাগলী, কুকুৰা আদি উপচাৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ব'হাগ বিহুত গাৱৰ ডেকা-বুঢ়াই হুঁচৰি মাৰিবলৈ যোৱাৰ দৰে কাৰ্বি সকলেও গাঁৱৰ ঘৰে ঘৰে গৈ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে আৰু গীত গায়। বিশেষকৈ নৃত্য কৰোঁতে হাতত ঢাল-তৰোৱাল আদি লৈ নৃত্য কৰে। ঢোল (চেং) পেঁপাৰ (মুৰীপ) ছন্দে ছন্দে সুৰে সুৰে নৃত্য গীত কৰিলে জহং দেৱতা  সৰগৰ পৰা পূজা থলীলৈ নামি আহে বুলি এক পৰম্পৰাগত জনবিশ্বাস আছে। এই জহং দেৱতাক ভগৱান বিষ্ণুৰ এটা অংশ আৰু শিৱৰ অন্য এটা ৰূপ বুলি কোৱা হয়। কাৰ্বি সকলৰ বিশ্বাস আছে যে এই জহং দেৱতাইহে মানুহৰ মংগল সাধন কৰে আৰু খেতি বাতিও ভাল কৰে। দুদিনীয়াকৈ আয়োজন কৰা এই উৎসৱত দ্বিতীয়দিনা সকলোৱে ভোজ ভাত খায় আৰু নৃত্য-গীত কৰে। হুঁচৰিৰ দৰে গৃহস্থক তেওঁলোকে আশীৰ্বাদ কৰি এনেধৰণৰ পদ গোৱা দেখা যায় -

"দম দম মাদুলী দম ঐ আই/দম দম মাদুলী দম ঐ আই/দম দম মাদুলী দম দম/নীংচপ তেন তেলা দম ঐ আই/কাথিৰাক কাংৱেল দম ঐ আই। ¹[1]।"

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অসমৰ সংস্কৃতি কোষ, ড° নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী; পৃ:২৪২উদ্বৃতি¹:২৮তম কাহিলীপাৰা ৰঙালী বিহুৰ স্মৰণিকা মনবিৰিণাৰ আধাৰত যুগুতোৱা।