জাতক শব্দটোৰ আভিধানিক অৰ্থ অতীতৰ কাহিনী৷ বৌদ্ধ ধৰ্মমতে, ব্যক্তিবিশেষে বুদ্ধত্বপ্ৰাপ্তিৰ আগতে অনেক জন্ম-জন্মান্তৰৰ মাজেদি চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰিব লাগে৷ বুদ্ধত্ব লাভ কৰিলে বিগত জন্মৰ কথাবোৰ স্মৰণ কৰাৰ ক্ষমতা থাকে বুলি ভৱা হয়৷ গৌতম বুদ্ধৰ এই ক্ষমতা লাভ হৈছিল৷ তেওঁঁৰ কোনো এটা নহয় কোনো এটা পূৰ্বজন্মৰ বিষয়ে ৰচিত কাহিনীবোৰেই জাতক নামে পৰিচিত৷ জাতকমালা বৌদ্ধসকলৰ ধৰ্মগ্ৰন্থ৷ জাতকবিলাকৰ সৰহভাগৰে ৰূপ আখ্যানধৰ্মী৷ ই পশু-পক্ষী সম্বন্ধীয় আখ্যানো হ’ব পাৰে নতুবা সাধাৰণজনৰ কাহিনীও হ’ব পাৰে৷ লোক কাহিনীও হ’ব পাৰে৷[1]

জাতকৰ ভাগ

সম্পাদনা কৰক

জাতক মাত্ৰৰে তিনিটা প্ৰধান ভাগ থাকে৷ প্ৰথমভাগৰ নাম প্ৰত্যুৎপন্নবস্তু বা বৰ্তমান কথা৷ ইয়াত বুদ্ধৰ জীৱনৰ কোনো ঘটনা থাকে৷ সেই প্ৰসংগতে তেওঁৰ পূৰ্বজীৱনৰ কোনো এটা কাহিনী (জাতক) কোৱা হয়৷ এই ভাগটো দ্বিতীয় ভাগঃ ইয়াৰ নাম অতীত বস্তু৷ এয়ে প্ৰকৃত জাতক৷ তৃতীয় ভাগৰ নাম সমবধান ইয়াত অতীত কাহিনীৰ পাত্ৰ-পাত্ৰীসকলক বৰ্তমানৰ কাহিনীৰ পাত্ৰ-পাত্ৰীৰ লগত চিনাক্ত কৰা হয়৷ [1]

মূল জাতকবোৰ পালি ভাষাত লিখা৷ প্ৰত্যেক জাতকৰে অতীত বস্তু গদ্য-পদ্যমিশ্ৰিত ৰচনা৷ পদ্যাংশৰ নাম গাথা৷ জাতকমাত্ৰৰে পৰিণতিৰ অংশটো সদায় পদ্যত লিখা আৰু ইয়াক বোধিসত্ত্বৰ উক্তি বুলি গণ্য কৰা হয়৷ অধিকাংশ জাতক ‘অতীতকালত বাৰাণসীত ব্ৰহ্মদত্ত নামে এজন ৰজা আছিল’- এই কথাৰে আৰম্ভ হয়৷ জাতকবোৰ সুত্তপিটৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দশম গ্ৰন্থৰ অন্তৰ্ভূক্ত৷ মূল জাতকসমূহৰ প্ৰকৃত সংখ্যা নিৰ্ণয় কৰা টান৷ ‘জাতকত্থবন্ননা’ নামৰ এক সংকলন গ্ৰন্থত পাঁচশৰো অধিক জাতকৰ উল্লেখ আছে৷ জাতকবোৰৰ বহুতো বিষয় ঈছপৰ সাধুৰ লগত প্ৰায় হুবহু মিলে৷ আন কিছুমান ‘পঞ্চতন্ত্ৰ’ৰ আখ্যানৰ লগত মিলে৷ এনেবোৰ ক্ষেত্ৰত দেখা যায় যে অনা-বৌদ্ধ মূলৰপৰা আখ্যানবোৰ লোৱা হৈছে, আৰু মাত্ৰ জাতকৰ ৰূপ দিবলৈ তাত বোধিসত্ত্বৰ অৱতাৰণা কৰা হৈছে৷ জাতকবোৰৰ প্ৰত্যেকটোতে একোটা নৈতিক আদৰ্শ উত্থাপন কৰা হৈছে, কৰ্মফল আৰু জন্মান্তৰবাদৰ যোগেদি পাপ-পূণ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ জাতকবোৰ সাহিত্যগুণসম্পন্ন৷ বহুতো জাতকত অতীত কালৰ ৰাজনীতি, সমাজনীতি, আচাৰ-ব্যৱহাৰ ইত্যাদিৰ বিষয়ে অনেক তথ্য পোৱা যায়৷ জাতকবোৰ পৃথিৱীৰ বিভিন্ন ভাষালৈ বৰ্তমান সময়ত অনুবাদ হৈছে৷ [1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 প্ৰফুল্ল কটকী. "প্ৰফুল্ল কটকী". জ্যোতি প্ৰকাশন. পৃষ্ঠাসমূহ: ৯১.