জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম

জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (National Law University and Judicial Academy, Assam ) অসমৰ গুৱাহাটীত অৱস্থিত এখন ভাৰতৰ স্বায়ত্বশাসিত আইন বিদ্যালয়। এইখন ভাৰতৰ ১৭খন নামজ্বলা জাতীয় আইন বিদ্যালয়ৰ অন্যতম। ২০০৯ চনৰ পঞ্চদশ অসম বিধেয়কৰ ফলশ্ৰুতিত ২০১০ চনত অসম চৰকাৰে আইন শিক্ষাৰ ক্ষেত্ৰৰ বাবে এই ৰাজহুৱা বিশ্ববিদ্যালয়খন স্থাপন কৰে। অধ্যাপক ডঃ গুৰজীৎ সিং এই বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্য অধ্যাপক ডঃ বিজেন্দৰ কুমাৰ।

জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম
National Law University and Judicial Academy, Assam
NLUJA
স্থাপিত ২০০৯
ধৰণ জাতীয় আইন বিশ্ববিদ্যালয়
আচাৰ্য গুৱাহাটী উচ্চ ন্যায়ালয় ৰ মূখ্য ন্যায়াধীশ
উপাচাৰ্য ডঃ বিজেন্দৰ কুমাৰ
শিক্ষাৰ্থী ৩০০
স্থান গুৱাহাটী, অসম, ভাৰত
চৌহদ ৪৭ একৰ (0.19 বৰ্গ কি.মি.)
ভুক্তি অখিল ভাৰতীয় অধিবক্তা পৰিষদ(Bar Council of India), বিশ্ববিদ্যালয় অনুদান আয়োগ(University Grant Commission)
ৱেবছাইট আধিকাৰিক ৱেবছাইট