জামাল আহমেদ ষাশ্বকজী ( আৰবী: جمال أحمد خاشقجي ) , এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।[5] চৌদি আৰবীয় ৰাজতন্ত্ৰ , বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ মতে তুৰস্কৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

জামাল আহমেদ ষাশ্বকজী

ষাশ্বকজী ২০১৮ চনত
জন্ম জামাল আহমেদ ষাশ্বকজী[1]
১৩ অক্টোবৰ, ১৯৫৮[2]
মদিনা, চৌদি আৰব
মৃত্যু ২ অক্টোবৰ, ২০১৮[3]
তুৰ্কীৰ ইষ্টানবুল চহৰ
বাসগৃহ আমেৰিকা যুক্তৰাজ্য[4]
ৰাষ্ট্ৰীয়তা চৌদি আৰবীয়
শিক্ষানুষ্ঠান ইণ্ডিয়ানা চৰকাৰী বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাজ্য
পেচা সাংবাদিক, লেখক,স্তম্ভ লেখক
দাম্পত্যসঙ্গী ৰাৱয়িয়া-অল-টুনিচি
সন্তান [1]
ৱেবছাইট
jamalkhashoggi.com

জীৱনী সম্পাদনা কৰক

১৩ অক্টোবৰ, ১৯৫৮ চনত চৌদি আৰবৰ মদিনাত ষাশ্বকজীৰ জন্ম হৈছিল।[6] তেওঁৰ ককাক মহম্মদ ষাশ্বকজী, এজন তুৰ্কীৰ ডাক্তৰ আৰু আইতাক চৌদি আৰবৰ আছিল। ককাকে চৌদি আৰবৰ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক প্ৰথম ৰজা আব্দুল-আজিজ-অল-চৌদৰ ঘৰুৱা চিকিৎসক হিচাপে কাম কৰিছিল।[7] তেওঁৰ সম্পৰ্কীয় ভাতৃ ডডি ফায়েদৰ ব্ৰিটিছ ৰাজকুমাৰী ডায়েনাৰ লগত একেলগে পেৰিছৰ পথ-দুৰ্ঘটনাত মৃত্যু হৈছিল।[8] আমেৰিকাৰ ইণ্ডিয়ানা চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮২ চনত ষাশ্বকজীয়ে বিবিএ ডিগ্ৰী লৈছিল।

১৯৮৩-৮৪ চনত টিহামা বুকষ্টোৰৰ আঞ্চলিক প্ৰবন্ধক হিচাপে ষাশ্বকজীয়ে কৰ্ম জীৱন আৰম্ভ কৰে।[9] জুন ২০১৭ ৰ পৰা তেওঁ আমেৰিকা যুক্তৰাজ্যত থাকি দি ৱাছিংটন পোষ্ট কাকতৰ বাবে লিখা মেলা কৰি আছিল।

চৌদি আৰবীয় ৰাজতন্ত্ৰৰ সৈতে সংঘাত সম্পাদনা কৰক

ষাশ্বকজীৰ ওপৰত চৌদি আৰবীয় চৰকাৰে তেওঁ চৰকাৰৰ বিপক্ষে লিখা সমালোচনামুলক মন্তব্য আৰু প্ৰবন্ধ বোৰৰ বাবে আক্ৰোশমূলক ব্যৱস্থা হাতত লৈছিল। ষাশ্বকজীয়ে নিজে কোৱা মতে চৌদি চৰকাৰে তেওঁৰ টুইটাৰ মন্তব্যবোৰৰ বিৰোধিতা কৰিবৰ বাবে আৰু টুইটাৰতে তেওঁক মন্তব্য দিলেই ভয় ভাবুকি দিবৰ বাবে ভাৰাতীয়া মানুহৰ নিযুক্তি দিছিল।[10] চৌদি আৰবৰ নেতৃত্বত কাষৰীয়া য়েমেন দেশত আক্ৰমণ চলি থকা ঘটনাৰ বিপক্ষেও ষাশ্বকজী সৰব হৈ উঠিছিল।[11] চেপ্তেম্বৰ ২০১৭ ত ষাশ্বকজীয়ে চৌদি আৰব ত্যাগ কৰিছিল।

হত্যা আৰু তদন্ত সম্পাদনা কৰক

২ অক্টোবৰ, ২০১৮ ত ষাশ্বকজীয়ে কিবা কামৰ বাবে তুৰ্কীৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত প্ৰবেশ কৰিছিল কিন্তু আৰু তাৰ পৰা উলাই অহা নাই।[12][13] সেয়ে তুৰ্কী চৰকাৰে তেওঁক নিৰুদ্দেশ হৈছে বুলি ঘোষনা কৰে আৰু ১৫ অক্টোবৰ , ২০১৮ ত চৌদি আৰবীয় বিষয়াৰ সহিতে তুৰ্কীৰ বিষয়া ইষ্টানবুলৰ চৌদি দূতাবাসত প্ৰবেশ কৰে।[14][15] তুৰ্কীৰ চৰকাৰে উক্ত তদন্তৰ ভিত্তিত দূতাৱাসৰ ভিতৰতে ষাশ্বকজীক হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে। চৌদি আৰবে প্ৰথমে এই কথা অস্বীকাৰ কৰে আৰু ষাশ্বকজী জীৱিত অৱস্থাতে দূতাৱাসৰ পৰা উলাই গৈছিল বুলি দাবী কৰে। কিন্তু তুৰ্কীৰ চৰকাৰে তদন্ত ক্ৰমে পাইছিল যে চৌদি আৰবৰ পৰা ১৫ জনীয়া এটি ঘাটকৰ দলে আগৰে পৰা ষাশ্বকজীৰ বাবে দূতাৱাসৰ ভিতৰত খাপ পিটি আছিল আৰু তেওঁলোকে তাতে ষাশ্বকজীক সোমোৱাৰ লগে লগে ডিঙি চেপি হত্যা কৰে আৰু তেওঁৰ শৱদেহটো টুকুৰা টুকুৰ কৰি কাটি এচিডত গলাই পেলায়।[16] দূতাৱাসৰ পৰা উলাই যোৱা চৌদি আৰবে দাবী কৰা ষাশ্বকজীৰ দৰে মানুহজন ষাশ্বকজীৰ বেশ ধৰি অহা ঘাটক দলৰে সদস্য আছিল বুলি তদন্তত প্ৰকাশ পাই। তুৰ্কীয়ে শেহতীয়া ভাৱে দূতাৱাসৰ ভিতৰত নজৰ ৰখা যন্ত্ৰৰ দ্বাৰা প্ৰাপ্ত শ্ৰাৱ্য তথ্য বিশ্বৰ কেবাখনো দেশক প্ৰদান কৰে যাৰ ফলত সেই দেশ সমূহে চৌদি আৰব চৰকাৰৰ এই দুষ্কৰ্মৰ প্ৰতি সৰব হৈ উঠে। চৌদি আৰবে অৱশেষত দূতাৱাসৰ ভিতৰত হোৱা এক হতাহতিত ষাশ্বকজীৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে কিন্তু চৰকাৰী ভাৱে হত্যা কৰা হৈছে বুলি স্বীকাৰ কৰা নাই।

মৃত্যুৰ সময়ত ষাশ্বকজীয়ে ইষ্টানবুলত পি এইচ ডি কৰি থকা হেটিছ চেঙিজ নামৰ এগৰাকী মহিলাক বিবাহ কৰিবলৈ মন মেলিছিল আৰু সেই সংক্ৰান্তত কিবা কাগজ-কৰ্মৰ বাবে চৌদি আৰবৰ দূতাৱাসলৈ যাব লগা হৈছিল।[17] ইতিপূৰ্বে ষাশ্বকজীৰ তিনিবাৰ বিবাহ আৰু তিনিবাৰ বিবাহ বিচ্ছেদ হৈছিল। আমেৰিকা যুক্তৰাজ্যত চৌদি আৰবৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্য্যৰত হৈ থকা খালিদ-বিন-ছলমান ৰাজকুমাৰ মহম্মদ-বিন-ছলমানৰ নিজৰ ভায়েক , যাৰ সৈতে ষাশ্বকজীয়ে ফোনত কথা পতাৰ তথ্য অনুসৰি ষাশ্বকজীক ৰাষ্ট্ৰদূত জনে তেওঁৰ কাগজ-কৰ্মৰ বাবে ইষ্টানবুলৰ চৌদি দূতাৱাসলৈ যাবলৈ উপদেশ দিছিল আৰু দূতাৱাসৰ ভিতৰত একো ভয় নাই বুলি অভয় দানো দিছিল। আমেৰিকাৰ কেন্দ্ৰীয় গুপ্তচৰী সংস্থা চিআইএ ৰ দ্বাৰা ধৰা পেলোৱা এই তথ্যৰ ভিত্তিত চৌদি ৰাজপৰিয়াল বিশেষকৈ ৰাজকুমাৰ মহম্মদ-বিন-ছলমানক হত্যাকাণ্ডৰ লগত গভীৰ ভাৱে জড়িত হৈ থকাৰ বিষয়ে চিআইএ য়ে অনুমান কৰিছে বুলি দি ৱাছিংটন পোষ্ট কাকতে ১৬ নৱেম্বৰ ২০১৮ ত বাতৰি প্ৰকাশ কৰে।[18] আমেৰিকাই অবশ্যে চৰকাৰী ভাৱে ৰাজকুমাৰ মহম্মদ বিন ছলমানক হত্যাকাণ্ডৰ বাবে প্ৰত্যক্ষ ভাৱে জগৰীয়া বুলি কবলৈ বিচৰা নাই যদিও হত্যাকাণ্ডত জড়িত বুলি চৌদি চৰকাৰৰ কেবাজনো বিষয়াৰ ওপৰত শাস্তিমূলক নিষেধাজ্ঞা আৰোপ কৰে। [19]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Black, Ian (19 October 2018). "Jamal Khashoggi obituary". The Guardian. https://www.theguardian.com/world/2018/oct/19/jamal-khashoggi-obituary। আহৰণ কৰা হৈছে: 25 October 2018. 
  2. Hubbard, Ben; Gladstone, Rick; Landler, Mark (16 October 2018). "Trump Jumps to the Defense of Saudi Arabia in Khashoggi Case". The New York Times. https://www.nytimes.com/2018/10/16/world/middleeast/pompeo-saudi-arabia-turkey.html. ""Mr. Khashoggi, who wrote columns for The Washington Post, lived in the United States, and his 60th birthday was on Saturday [October 13]."" 
  3. "Khashoggi 'died after fight' – Saudis". BBC. 19 October 2018. https://www.bbc.com/news/world-middle-east-45923217. 
  4. "What we know (and don't) about missing Saudi journalist Jamal Khashoggi". https://eu.usatoday.com/story/news/world/2018/10/11/saudi-arabia-journalist-jamal-khashoggi-disappearance-what-we-know/1598590002/। আহৰণ কৰা হৈছে: 16 October 2018. 
  5. "Speakers". International Public Relations Association – Gulf Chapter (IPRA-GC). 2012. Archived from the original on 11 May 2012. https://web.archive.org/web/20120511210004/http://www.prwcdubai.com/english/speaker_article.php?idsp=11। আহৰণ কৰা হৈছে: 10 May 2012. 
  6. "Who is Jamal Khashoggi?". Al Jazeera. https://www.aljazeera.com/news/2018/10/profile-jamal-khashoggi-saudi-writer-missing-turkey-181007184026645.html। আহৰণ কৰা হৈছে: 15 October 2018. 
  7. "Who Is Jamal Khashoggi? A Saudi Insider Who Became an Exiled Critic". Bloomberg. 10 October 2018. https://www.bloomberg.com/news/articles/2018-10-10/jamal-khashoggi-s-shift-from-insider-to-exiled-critic-quicktake. 
  8. Philippe Martinat (10 October 2018). "Disparition du journaliste saoudien Jamal Khashoggi, le mystère demeure" (french ভাষাত). Le Parisien. http://www.leparisien.fr/international/disparition-du-journaliste-saoudien-jamal-khashoggi-le-mystere-demeure-10-10-2018-7915158.php. 
  9. "Jamal Khashoggi". World Economic Forum. https://www.weforum.org/people/jamal-khashoggi। আহৰণ কৰা হৈছে: 21 July 2012. 
  10. "Opinion – Saudi Arabia wasn't always this repressive. Now it's unbearable.". The Washington Post. https://www.washingtonpost.com/news/global-opinions/wp/2017/09/18/saudi-arabia-wasnt-always-this-repressive-now-its-unbearable/। আহৰণ কৰা হৈছে: 7 October 2018. 
  11. "Saudi journalist Jamal Khashoggi tells BBC: 'The Oslo Accords are dead'". The Washington Post. 11 September 2018. https://www.washingtonpost.com/news/global-opinions/wp/2018/09/11/saudi-arabias-crown-prince-must-restore-dignity-to-his-country-by-ending-yemens-cruel-war/?utm_term=.6e2a41a007d5. 
  12. "‘Tell Your Boss’: Recording Is Seen to Link Saudi Crown Prince More Strongly to Khashoggi Killing". https://www.nytimes.com/2018/11/12/world/middleeast/jamal-khashoggi-killing-saudi-arabia.html. 
  13. Coskun, Orhan. "Exclusive: Turkish police believe Saudi journalist Khashoggi was killed in consulate – sources". Reuters. https://www.reuters.com/article/us-saudi-politics-dissident/exclusive-turkish-police-believe-saudi-journalist-khashoggi-was-killed-in-consulate-sources-idUSKCN1MG0HU?il=0&utm_source=reddit.com. 
  14. "Turkey to search Saudi Consulate for missing journalist". The Washington Post. 9 October 2018. https://www.washingtonpost.com/world/europe/post-publishes-possibly-last-image-of-missing-saudi-reporter/2018/10/09/e2e8acae-cb82-11e8-ad0a-0e01efba3cc1_story.html?utm_term=.285330495dfc। আহৰণ কৰা হৈছে: 13 October 2018. 
  15. "Turkish prosecutors 'find evidence of Jamal Khashoggi killing'". Al Jazeera. 15 October 2018. https://www.aljazeera.com/news/2018/10/turkish-prosecutors-find-evidence-jamal-khashoggi-killing-181015205254636.html। আহৰণ কৰা হৈছে: 17 October 2018. 
  16. Umut Uras (31 October 2018). "Turkey: Khashoggi strangled immediately after entering consulate". Al Jazeera. https://www.aljazeera.com/news/2018/10/khashoggi-choked-death-dismembered-turkey-prosecutor-181031145816813.html. 
  17. Prengel, Kate (12 October 2018). "Hatice Cengiz, Jamal Khashoggi's Fiancee: 5 Fast Facts You Need to Know". https://heavy.com/news/2018/10/hatice-cengiz-jamal-khashoggis-fiancee/। আহৰণ কৰা হৈছে: 20 October 2018. 
  18. https://www.washingtonpost.com/world/national-security/cia-concludes-saudi-crown-prince-ordered-jamal-khashoggis-assassination/2018/11/16/98c89fe6-e9b2-11e8-a939-9469f1166f9d_story.html?utm_term=.bcbdfa984feb
  19. Jamal Khashoggi obituary, Ian Black, 19 October 2018, The Guardian