জিএছপিএছপি অৰ্থাৎ গণ সুৰক্ষা পাৰ্টি । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা নৱকুমাৰ শৰণীয়াই২০১৯ চনত দলটো গঠন কৰিছিল । তেওঁৰ প্ৰধান বিষয়বস্তু আছিল বিটিচিত অবড়োৰ ওপৰত হোৱা অন্যায় বন্ধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা । কিন্তু বিটিচি বিটিআৰলৈ ৰূপান্তৰ হোৱাত জিএছপিৰ গুৰুত্ব কমি আহে । বিজেপিৰ প্ৰবল উপস্থিতিয়েও দলটোক দুৰ্বল কৰে । ২০২০চনৰ বড়োলেণ্ড পৰিষদৰ নিৰ্বাচনত ৩০ খনতকৈয়ো অধিক আসনত প্ৰতিদন্দ্বিতা কৰি কোনোমতেহে এখন আসন লাভ কৰে । অৱশ্য এজন সদস্যৰেই জিএছপিয়ে ইউপিপিএল চৰকাৰত যোগ দিছিল । তেওঁলোকে জয়ী হোৱা দিহিৰা সমষ্টিটোত বিজেপি , ইউ পি পি এল, বিপিএফ আৰু বিপিএফৰ পূৰ্বৰ কাৰ্য্যবাহী সদস্যজনে নিৰ্দলীয়া হিচাপে অৱতীৰ্ণ হোৱাতেই জিএছপি প্ৰাৰ্থীজন জয়ী হয় । আনহাতে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে নিৰাপদ দূৰত অৱস্থান কৰে ।জিএছপি অৰ্থাৎ গণ সুৰক্ষা পাৰ্টি । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা নৱকুমাৰ শৰণীয়াই২০১৯ চনত দলটো গঠন কৰিছিল । তেওঁৰ প্ৰধান বিষয়বস্তু আছিল বিটিচিত অবড়োৰ ওপৰত হোৱা অন্যায় বন্ধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা । কিন্তু বিটিচি বিটিআৰলৈ ৰূপান্তৰ হোৱাত জিএছপিৰ গুৰুত্ব কমি আহে । বিজেপিৰ প্ৰবল উপস্থিতিয়েও দলটোক দুৰ্বল কৰে । ২০২০চনৰ বড়োলেণ্ড পৰিষদৰ নিৰ্বাচনত ৩০ খনতকৈয়ো অধিক আসনত প্ৰতিদন্দ্বিতা কৰি কোনোমতেহে এখন আসন লাভ কৰে । অৱশ্য এজন সদস্যৰেই জিএছপিয়ে ইউপিপিএল চৰকাৰত যোগ দিছিল । তেওঁলোকে জয়ী হোৱা দিহিৰা সমষ্টিটোত বিজেপি , ইউ পি পি এল, বিপিএফ আৰু বিপিএফৰ পূৰ্বৰ কাৰ্য্যবাহী সদস্যজনে নিৰ্দলীয়া হিচাপে অৱতীৰ্ণ হোৱাতেই জিএছপি প্ৰাৰ্থীজন জয়ী হয় । আনহাতে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে নিৰাপদ দূৰত অৱস্থান কৰে ।