জিলেণ্ডিক
জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হ'লেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ কৰি তুলে। ভাষাগতভাৱে ই পশ্চিম ফ্লেমিছৰ এক উপভাষা।[3]
জিলেণ্ডিক | |
---|---|
Zeêuws | |
থলুৱা অঞ্চল | নেডাৰলেণ্ডচ |
স্থানীয় ভাষিক |
(undated figure of 220,000)[1] |
ভাষা পৰিয়াল |
ভাৰতীয়-ইউৰোপীয়
|
লিখন প্ৰণালী | জিলেণ্ডিক (লেটিন লিপি) |
ভাষা সংকেত | |
ISO 639-3 | zea |
গ্লোটোলগ | zeeu1238 [2] |
লিংগোৱাস্ফেয়াৰ | 52-ACB-af |
Distribution of Zeelandic (blue) in the Low Countries | |
মূল
সম্পাদনা কৰকজিলেণ্ডিক হ'লেণ্ডিক আৰু পশ্চিমীয়া ফ্লেমিছৰ মাজৰ এক পাৰম্পৰিক স্থানীয় ভাষা। মধ্য যুগত আৰু আগৰ আধুনিক যুগত জিলেণ্ডক হলেণ্ড আৰু ফ্লেণ্ডাৰ, উভয়ৰে কাউণ্টে দাবী কৰিছিল। দুয়ো দিশৰে প্ৰভাৱ পৰিছিল। উত্তৰে গতি কৰিলে লাহেকৈ হলেণ্ডিকৰ প্ৰভাৱ বাঢ়ি অহা দেখা পোৱা যায়। তথাপিও জিলেণ্ডিক নিজা সীমাবদ্ধ।
বিশেষত্ব
সম্পাদনা কৰকমান্য ওলন্দাজ আৰু জিলেণ্ডিকৰ মাজত অনেক পাৰ্থক্য দেখা যায়, যেনে, জিলেণ্ডিকৰ ২ নহয়, ৩ লিংগ আছে আদি।
জিলেণ্ডিক | ওলন্দাজ | ইংৰাজী |
---|---|---|
d'n boer | de boer | the farmer |
de boerinne | de boerin | the farmer's wife |
uus | huis | house |
kieke(n) | kijken | to look |
tweê | twee | two |
oôd | hoofd | head |
ছবি সংগ্ৰহ
সম্পাদনা কৰক-
Zeelandic sign in Driewege, "Durpsuus" which is Zeelandic for a Community center.
-
"Juun", Zeelandic for onion(s)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ জিলেণ্ডিক at Ethnologue (15th ed., 2005)
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Zeeuws". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/zeeu1238.
- ↑ Marco Evenhuis. "Zeelandic". Language in the Netherlands. Streektaal.net. http://taal.phileon.nl/eng/zeelandic.php। আহৰণ কৰা হৈছে: 2007-06-03. "Together with West-Flemish and the Flemish spoken in northern France, Zeeuws is part of a cluster of remarkably homogenic dialects"