জিল এলেন ষ্টেইন (জন্ম ১৪ মে ', ১৯৫০) এগৰাকী আমেৰিকান চিকিৎসক আৰু সক্ৰিয় কৰ্মী। তেওঁ ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে গ্ৰীণ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০১২ আৰু ২০১৬ চনৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তেওঁ ২০০২ আৰু ২০১০ চনত মেছাচুচেটছৰ গৱৰ্ণৰৰ বাবে গ্ৰীণ-ৰেইনবো পাৰ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা মহিলাসকলৰভিতৰত ষ্টেইন অন্যতম। লগতে সাধাৰণ নিৰ্বাচনত হিলৰী ক্লিণ্টন আৰু জো জৰ্গেনছনৰ পিছত এক নিযুতৰো অধিক ভোট লাভ এগৰাকী মহিলা ৰাজনীতিক।