১৯৪৮ চনত সংঘটিত জীপ কেলেংকাৰী স্বাধীন ভাৰতৰ প্ৰথমটো বৃহৎ কেলেংকাৰী বুলি জনা যায়৷[1] সেইসময়ত যুক্তৰাজ্যত ভাৰতীয় হাই কমিছনাৰ পদত নিযুক্ত হৈ থকা ভি. কে. মেনন-এ প্ৰ’ট’কল ভংগ কৰি এক বিদেশী কোম্পানীৰ পৰা সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ এক ৮০ লাখ টকাৰ এক নিৰ্ব্বাহ (contract)ত চহী কৰে৷[2]

দুৰ্নীতিৰ অভিযোগ

সম্পাদনা কৰক

ভি. কে. কৃষ্ণ মেননে প্ৰ’ট’কল আওকান কৰি বিদেশী কোম্পানীৰ সৈতে ২০০ খন সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ ৮০ লাখ টকাৰ এক নিৰ্ব্বাহত চহী কৰে৷ [3][4] সময়মতেই সম্পূৰ্ণ দাম আদায় দিয়াৰ পিছত মাত্ৰ ১৫৫ খন জীপগাড়ীহে ভাৰত আহি পায়৷ তাৎপৰ্য্যপূৰ্ণভাৱে সেইসময়ৰ প্ৰধানমন্ত্ৰী নেহৰুৱে চৰকাৰক সেইসংখ্যক গাড়ীয়েই বলপূৰ্বক গ্ৰহণ কৰিবলৈ বাধ্য কৰায়৷[5] ১৯৫৫ চনৰ ৩০ ছেপ্টেম্বৰত সেইসময়ৰ গৃহমন্ত্ৰী গোবিন্দ বল্লভ পন্ট (Govind Ballabh Pant)-এ ঘোষণা কৰে যে এই জীপ কেলেংকাৰী অনুসন্ধান কমিটিৰ পৰামৰ্শ আইনব্যৱস্থাই আওকান কৰাৰ বাবে বন্ধ কৰা হৈছে৷[6] ইয়াৰ কিছুদিন পিছতে ১৯৫৬ চনৰ ৩ ফেব্ৰুৱাৰীত কৃষ্ণ মেননক পৰ্টফলিঅ’বিহীন কেবিনেট মন্ত্ৰীৰূপে নেহৰুৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়[7][8] পৰৱৰ্ত্তীকালত এই কৃষ্ণমেনন নেহৰুৰ এক ঘনিষ্ঠ সতীৰ্থ হৈ পৰে আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰূপেও কাৰ্য্যনিৰ্বাহ কৰে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক