জীৱনী (ইংৰাজী: Biography) হৈছে এজন ব্যক্তিৰ জীৱনৰ বিশদ বিৱৰণ। জীৱনীত শিক্ষা, কৰ্ম, সম্পৰ্ক, মৃত্যু আদি মৌলিক তথ্যবোৰতকৈ অধিক জড়িত হৈ আছে। ইয়াত এজন ব্যক্তিৰ এই জীৱনৰ পৰিঘটনাবোৰৰ অভিজ্ঞতাক চিত্ৰিত কৰা হৈছে। জীৱনীমূলক ৰচনাবোৰ সাধাৰণতে অ-কল্পকাহিনী হয় যদিও কল্পকাহিনীৰ সহায়ত এজন ব্যক্তিৰ জীৱনক চিত্ৰিত কৰিব পাৰি। জীৱনীমূলক সামৰি লোৱাৰ এটা গভীৰ ৰূপক লিগেচি ৰাইটিং বোলা হয়। সাহিত্যৰ পৰা চলচ্চিত্ৰলৈকে বৈচিত্ৰময় মাধ্যমৰ ৰচনাই জীৱনী নামেৰে জনাজাত ধাৰাটো গঠন কৰে।

কোনো বিষয় বা কোনো বিষয়ৰ উত্তৰাধিকাৰীসকলৰ অনুমতি, সহযোগিতা আৰু কেতিয়াবা অংশগ্ৰহণ কৰি এখন অনুমোদিত জীৱনী লিখা হয়। আনহাতে আত্মজীৱনী ৰচনা কৰে ব্যক্তিজনে নিজেই। অৱশ্যে কেতিয়াবা কোনো সহযোগী বা লেখকৰ সহায়তো আত্মজীৱনী লিখা হয়।

ইতিহাসসম্পাদনা কৰক

প্ৰথমতে জীৱনীমূলক লেখাবোৰক কেৱল ইতিহাসৰ এটা উপখণ্ড হিচাপেহে গণ্য কৰা হৈছিল য’ত ঐতিহাসিক গুৰুত্বপূৰ্ণ কোনো বিশেষ ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সাধাৰণ ইতিহাস লেখাৰ পৰা পৃথক হিচাপে স্বতন্ত্ৰ জীৱনী ধাৰাটোৱে ১৮ শতিকাত আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ২০ শতিকাৰ প্ৰান্তত সমসাময়িক ৰূপত উপনীত হয়। [1]

প্ৰথম আধুনিক জীৱনী আৰু এই ধাৰাটোৰ বিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলোৱা এখন গ্ৰন্থ আছিল জেমছ বছৱেলৰ দ্য লাইফ অৱ চেমুৱেল জনছন(১৭৯১ চনত প্ৰকাশিত)। চেমুৱেল জনছন আছিল এগৰাকী অভিধানকাৰ,নাট্যকাৰ,লেখক, লেক্সিকোগ্ৰাফাৰ[2][3][4]

 
জেমছ বছৱেল ১৭৯১ চনত বহুতে প্ৰথম আধুনিক জীৱনী বুলি গণ্য কৰা চেমুৱেল জনছনৰ জীৱন লিখিছিল।

ঐতিহাসিক জীৱনীসম্পাদনা কৰক

আটাইতকৈ পুৰণি জীৱনীকাৰসকলৰ ভিতৰত এজন আছিল কৰ্ণেলিয়াছ নেপছ, যিয়ে খ্ৰীষ্টপূৰ্ব ৪৪ চনত তেওঁৰ গ্ৰন্থ Excellentium Imperatorum Vitae ("অসাধাৰণ সেনাপতিসকলৰ জীৱন") প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনত বিখ্যাত গ্ৰীকসকলক বিখ্যাত ৰোমানসকলৰ সৈতে তুলনা কৰা হৈছে। উদাহৰণস্বৰূপেঃ বক্তা ডেমষ্টেনিছ আৰু চিচেৰো, বা জেনেৰেল আলেকজেণ্ডাৰ দ্য গ্ৰেট আৰু জুলিয়াছ চিজাৰ। গ্ৰন্থখনৰ প্ৰায় পঞ্চাশটা জীৱনী এতিয়াও আছে। আন এটা সুপৰিচিত প্ৰাচীন জীৱনী সংকলন হৈছে সম্ৰাট হড্ৰিয়ানৰ সময়ত প্ৰায় ১২১ খ্ৰীষ্টাব্দত লিখা ছুৱেটনিয়াছৰ ডে ভিটা চিজাৰাম ("চিজাৰসকলৰ জীৱনৰ ওপৰত")।

মধ্যযুগীয় পশ্চিম ভাৰতত প্ৰবন্ধ নামে খ্যাত একাংশ বিশেষ ব্যক্তিৰ জীৱনৰ বিষয়ে অৰ্ধ-ঐতিহাসিক জীৱনীমূলক আখ্যান লিখাৰ ধাৰা এটা সংস্কৃত জৈনে গুৰি ধৰিছিল। প্ৰবন্ধসমূহ প্ৰধানকৈ ত্ৰয়োদশ শতিকাৰ পৰা জৈন পণ্ডিতসকলে ৰচনা কৰিছিল আৰু ইয়াক কথিত সংস্কৃতত (ধ্ৰুপদী সংস্কৃতৰ বিপৰীতে) লিখা হৈছিল।[5] প্ৰবন্ধ- নামেৰে স্পষ্টকৈ শিৰোনাম দিয়া আদিম সংকলনটো হৈছে জিনাভদ্ৰৰ প্ৰবন্ধাৱলী (১২৩৪ খ্ৰীষ্টাব্দ)।

শেহতীয়া ধাৰাসম্পাদনা কৰক

শেহতীয়া বছৰবোৰত সকলো জীৱনী কল্পকাহিনী নেকি?- সেই লৈ বিতৰ্কৰ সৃষ্টি হৈছে, বিশেষকৈ যেতিয়া লেখকসকলে অতীতৰ ঘটনাৱলীৰ বিষয়ে লিখিছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ উলফছন কলেজৰ সভানেত্ৰী হাৰ্মাইন লীয়ে যুক্তি আগবঢ়ায় যে সকলো ইতিহাসক এনে এক দৃষ্টিভংগীৰ দ্বাৰা দেখা যায় যিটো এজনৰ সমসাময়িক সমাজৰ উন্মোচন আৰু যাৰ ফলস্বৰূপে জীৱনীমূলক সত্যবোৰ অহৰহ স্থানান্তৰিত হৈ থাকে। গতিকে, জীৱনীকাৰসকলে লিখা ইতিহাসৰ বিষয়ে যিদৰে ঘটিছিল, সেইদৰে নহ’ব; তেওঁলোকে যিদৰে মনত পেলাইছিল, সেইদৰেহে হ'ব।[6] জীৱন-লিখাত স্থানৰ গুৰুত্ব সম্পৰ্কেও বিতৰ্কৰ সৃষ্টি হৈছে।[7]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Kendall.
  2. Butler 2012.
  3. Ingram et al. 1998, পৃষ্ঠা. 319-320.
  4. Turnbull 2019.
  5. Thaker, Jayant Premshankar (1970) (en ভাষাত). Laghuprabandhasaṅgrahah. Oriental Institute. পৃষ্ঠা. 18. https://books.google.com/books?id=5eK7apI_l4oC. 
  6. Derham 2014.
  7. Regard 2003.