এটা সময় অঞ্চলৰ পৰা আন এটালৈ যাত্ৰা কৰোঁতে হোৱা জৈৱিক লয়ৰ অসামঞ্জস্যতাক জেট লেগ (Jet lag) বোলে। মেলাট'নিন হৰম'ন নিঃসৰণ নিয়ন্ত্ৰণ কৰা আন্ধাৰ-পোহৰৰ চক্ৰ ব্যাহত হ'লে জেট লেগ হয়। মেলাট'নিনে টোপনি আৰু সাৰে থকাৰ দৈনিক ছন্দ (circadian rythm) নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিমান সময়ত কিমান দূৰত্বলৈ যাত্ৰা কৰিছে তাৰ ওপৰত জেট লেগৰ প্ৰাবল্য নিৰ্ভৰ কৰে। জেট লেগক আগতে দৈনিক ছন্দৰ টোপনি ৰোগত শ্ৰেণীবদ্ধ কৰা হৈছিল।[1] লক্ষণৰ ভিতৰত ভাগৰ লগা, মনোযোগ দিব নোৱৰা, টোপনিৰ খেলিমেলি, অস্বাচ্ছন্দ্য বোধ, মূৰৰ বিষ, খিংখিঙীয়া হোৱা, পেটৰ অসুখ, ভোক কমা আদি প্ৰধান।

জেট বিমানৰ প্ৰচলন হোৱাৰ আগতে এই পৰিঘটনা বৰকৈ দেখা নগৈছিল। জেট বিমানত তীব্ৰবেগেৰে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা হোৱাৰ পাছত এই পৰিঘটনা পোহৰলৈ আহে আৰু সেইবাবে ইয়াৰ নামো "জেট লেগ" ৰখা হয়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Highlights of Changes from DSM-IV-TR to DSM5" (PDF). American Psychiatric Association. May 17, 2013. Archived from the original on September 17, 2013. https://web.archive.org/web/20130917201810/http://www.psychiatry.org/File%20Library/Practice/DSM/DSM-5/Changes-from-DSM-IV-TR--to-DSM-5.pdf। আহৰণ কৰা হৈছে: May 23, 2013. 
  2. Hoiberg Dale H. (Editor) (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 375.