জেতুকী (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ

জেতুকী (ইংৰাজী: Jetuki ১৯৮৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। চন্দ্ৰজ্যোতি চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আৰু পৰিচালক চন্দ্ৰ তালুকদাৰ। কাহিনী আৰু চিত্ৰনাট্যও পৰিচালকজনে ৰচনা কৰিছে। সংগীত আৰু চিত্ৰগ্ৰহণ সুজিত সিংহৰ। এইখনে শেষ অসমীয়া ক’লা-বগা ছবি। নিৰ্মাণ আৰম্ভ কৰাৰ বহু বছৰ পিছত প্ৰযোজকে ছবিখন মুক্তি দিবলৈ সক্ষম হৈছিল।

জেতুকী

জেতুকীৰ এটা দৃশ্যত অতিথি শিল্পী বিজু ফুকন
পৰিচালক চন্দ্ৰ তালুকদাৰ
ৰচনা তীৰ্থ ফুকন, চন্দ্ৰ তালুকদাৰ
চিত্ৰনাট্য চন্দ্ৰ তালুকদাৰ
কাহিনী চন্দ্ৰ তালুকদাৰ
প্ৰযোজক চন্দ্ৰ তালুকদাৰ
অভিনয়ত বিদ্যা ৰাও
মৃণাল কুমাৰ
চিত্ৰগ্ৰহণকাৰী সুজিত সিংহ
সম্পাদনা চিত্ত দাস
সংগীত পৰিচালক সুজিত সিংহ
প্ৰযোজনা
কোম্পানী
মুক্তি
১৯৮৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

নাম ভূমিকাত অভিনয় কৰিছে বিদ্যা ৰাৱে। বিদ্যা ৰাওৰ বিপৰীতে আছে মৃণাল কুমাৰ। ‘জেতুকী’ত বিজু ফুকনে এটা সৰু চৰিত্ৰত অতিথি শিল্পীৰূপে ভূমুকি মাৰিছে, য’ত তেওঁ এটা গীতৰ দৃশ্যত অভিনয় কৰিছে।

গীত ৰচনা সুজিত সিংহ আৰু হেমন্ত দত্তৰ। কণ্ঠদান কৰিছে হেমলতা, পুলক বেনাৰ্জী, আল্পনা মহন্ত, নৰেন বৰুৱা, ৰুণু চৌধুৰী, আদিল শ্বাহ আৰু অঞ্জনা বৰুৱাই।[1]

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

জেতুকী এজনী সহজ-সৰল, দুখীয়া গাঁৱলীয়া ছোৱালী। জেতুকীৰ সৈতে প্ৰেম হয় চহৰৰ চহকী পৰিয়ালৰ সন্তান প্ৰদীপৰ। এই সম্পৰ্কত বিৰোধিতা কৰে প্ৰদীপৰ দেউতাকে। সেইবাবে প্ৰদীপে ঘৰৰ পৰা ওলাই আহি জেতুকীক বিবাহ কৰায়। দাম্পত্য জীৱনৰ চিন স্বৰূপে তেওঁলোকৰ ল’ৰা এটা ওপজে। বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে কাহিনী আগবাঢ়ে আৰু সামৰণিত পুত্ৰ, বোৱাৰী আৰু নাতিক প্ৰদীপৰ দেউতাকে আদৰি লয়।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Jetuki (1987)". youtube.com. https://www.youtube.com/watch?v=3i_24Xg7PgM&t=5751s। আহৰণ কৰা হৈছে: 7 April 2022.