জ্বালামুখী মন্দিৰ
জ্বালামুখী মন্দিৰ উত্তৰ ভাৰতত অৱস্থিত এটি বিখ্যাত শক্তিপীঠ। হিমাচল প্ৰদেশৰ কাংৰাৰ সমীপবৰ্তী জ্বালামুখী নামে চহৰত অৱস্থিত এই মন্দিৰ ভাৰতৰ একাৱন্নটা শক্তিপীঠৰ অন্যতম। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে খণ্ডিত কৰা দেৱী সতীৰ জিভা ইয়াত পৰিছিল বুলি প্ৰচলিত বিশ্বাস আছে। বিপাশা উপত্যকাৰ কালীধৰ পাহাৰত সমুদ্ৰপৃষ্ঠৰপৰা ৬১০ মিটাৰ (২১০০ ফুট) উচ্চতাত জ্বালামুখী মন্দিৰ অৱস্থিত। জ্বালামুখী মন্দিৰত কোনো বিগ্ৰহ নাই। তাৰ সলনি আছে দেৱীৰ জিভাৰ প্ৰতীকৰূপী অনিৰ্বাণ অগ্নিশিখা। প্ৰাকৃতিক গেছৰ দ্বাৰা বৰ্তমান এই মন্দিৰৰ শিখা জ্বলাই ৰখা হৈছে। এই অগ্নিশিখাই দেৱীৰ প্ৰতিভূ। এই জ্বলন্ত অগ্নিশিখাই ইয়াত দেৱী জ্বালামুখীৰূপে পূজিতা। স্থানীয় অধিবাসীসকলৰ মাজত মন্দিৰটো ‘বাত্তিৱালী মাঈ’ অৰ্থাৎ শিখাৰূপী মাতৃ হিচাপে পৰিচিত। নৱৰাত্ৰি মেলা ইয়াত মহা সমাৰোহেৰে পালন কৰা হয়। মন্দিৰটোৰ কাষতে এটা গৰম পানীৰ উহ আছে। এই উহ সংলগ্ন এটা সৰু মন্দিৰত নাৰায়ণৰ পদচিহ্নক পূজা কৰা হয়।
জ্বালামুখী মন্দিৰ | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | হিমাচল প্ৰদেশ |
জ্বালামুখী মন্দিৰৰ নিৰ্মাণকৰ্তা
সম্পাদনা কৰকৰজা ভূমিচন্দ্ৰই জ্বালামুখী মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি জনা যায়। পিছত মোগল সম্ৰাট আকবৰে বহু অৰ্থ ব্যয় কৰি প্ৰধান মন্দিৰটোৰ চূড়া সোণৰ পাতেৰে বন্ধাই দিছিল। একেদৰে পঞ্জাবৰ মহাৰজা ৰঞ্জিত সিঙে ইয়াৰ ৰূপৰ দুৱাৰ নিৰ্মাণ কৰাইছিল। [1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, পৃষ্ঠা ২৭-২৮, প্ৰান্তিক, ফেব্ৰুৱাৰী