ঝালিমাটিৰ গান

অসমৰ গোৱালপাৰা জিলাত প্ৰচলিত এবিধ লোকগীত।

ঝালিমাটিৰ গান গোৱালপাৰাৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ লোকগীত। ইয়াৰ মানুহৰ মৃত্যু, শৱযাত্ৰা, শৱদাহন, শ্ৰাদ্ধ আদি প্ৰেতাদি কৰ্মকাণ্ডৰ সৈতে সম্পৰ্ক আছে। গোৱালপাৰা জিলাৰ ঠাইবিশেষে ইয়াক বড় পুৰাণ, সংকীৰ্তন আদি নামেৰেও জনা যায়। এই গীতসমূহ আধ্যাত্মিক তত্ত্বমূলক কৰুণ-ভক্তিৰসেৰে সমৃদ্ধ।[1]

ব্যৱহৃত বাদ্যযন্ত্ৰ সম্পাদনা কৰক

ঝালিমাটিৰ গানত ব্যৱহৃত প্ৰধান বাদ্যযন্ত্ৰবোৰ হৈছে খোল, তাল আৰু ঝালি। খোলটো সাধাৰণ খোলতকৈ কিছু দীঘলীয়া ধৰণৰ। খোলটো মাটিৰে নিৰ্মাণ কৰা হয়। ‘ঝালি’ সাধাৰণ তালতকৈ চেপেটা আৰু বহল আ্কৃতিৰ এবিধ বিশেষ তাল। ‘ঝালি’ আৰু ‘মাটিৰ খোল’ ব্যৱহাৰ কৰি এইবিধ লোকগীত গোৱা হয় বাবেই ইয়াক ‘ঝালিমাটিৰ গান’ বুলি কোৱা হয়।[2]

বিভিন্ন ধৰণৰ ঝালিমাটিৰ গান সম্পাদনা কৰক

এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে ‘ঝালিমাটিৰ গান’ গোৱা আৰম্ভ হয় আৰু ই মৃতকৰ শ্ৰাদ্ধ আদি সম্পন্ন হোৱালৈকে ই চলি থাকে। অৱশ্যে কাৰ্য্য অনুসৰি ইয়াৰ বিষয়বস্তু আৰু নাম বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে মৃতকক সাঙীত তুলি শ্মশানলৈ লৈ যাওঁতে, শ্ৰাদ্ধৰ সময়ত, পিণ্ড দানৰ সময়ত এই গীতৰ ৰূপ ভিন্ন হ’ব পাৰে।[3]

সংস্কৃতিত সম্পাদনা কৰক

এই গীত পৰিবেশনৰ ক্ষেত্ৰত বা ইয়াৰ লগত জড়িত বাদভযন্ত্ৰ সমূ্হৰ সংৰক্ষণৰ ক্ষেত্ৰত থকা কঠোৰ নিয়ম-নীতিৰ বাবেই এই গীতবিধ পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ উপক্ৰম হৈছে বুলি বহুতে মতপোষণ কৰে।

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. ড॰ যতীন বৰুৱা (১৬ - ৩১ অক্টোবৰ, ২০১৪). "ঝালিমাটিৰ গান". প্ৰান্তিক. খণ্ড ৩৩ শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ৪৬-৪৭.
  2. ড॰ যতীন বৰুৱা (১৬ - ৩১ অক্টোবৰ, ২০১৪). "ঝালিমাটিৰ গান". প্ৰান্তিক. খণ্ড ৩৩ শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ৪৬-৪৭.
  3. ড॰ যতীন বৰুৱা (১৬ - ৩১ অক্টোবৰ, ২০১৪). "ঝালিমাটিৰ গান". প্ৰান্তিক. খণ্ড ৩৩ শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ৪৬-৪৭.