টাইৰানোছৰাছ ইংৰাজী: Tyrannosaurus(/tɪˌrænəˈsɔːrəs, taɪ-/)[a] হৈছে বৃহৎ থেৰ'পড ডাইনোছৰৰ এটা প্ৰজাতি। টাইৰানোছৰাছ ৰেক্স (লেটিন ভাষাত ৰেক্সৰ অৰ্থ 'ৰজা') প্ৰজাতিটোক চুটিকৈ টি. ৰেক্স বুলি কোৱা হয় আৰু ই থেৰ'পডক প্ৰতিনিদ্ধিত্ব কৰা সকলৰ মাজত অন্যতম শ্ৰেষ্ঠ। ই বাস কৰিছিল সৰ্বত্ৰ বৰ্তমানৰ উত্তৰ আমেৰিকাৰ পশ্চিম ভাগত, যি তেতিয়া জনাজাত আছিল দ্বীপ মহাদেশ লাৰামিডিয়া ৰ নামেৰে। টাইৰানোছ’ৰাছৰ পৰিসৰ আন টাইৰানোছ’ৰাইডচতকৈ বহু বেছি আছিল। ইয়াৰ জীৱাশ্ম ক্ৰিটেচিয়াছৰ শেষৰ ফালে, ৭২.৭ৰ পৰা ৬.৬ কোটি বছৰৰ আগৰ শেহতীয়া কেম্পেনিয়ান-মাষ্ট্ৰিচিয়ান যুগৰ বিভিন্ন শিলৰ গঠনত পোৱা যায়। ই আছিল টাইৰানোছ’ৰাইডচৰ শেষ জ্ঞাত সদস্য আৰু ক্ৰিটেচিয়াছ–পেলিঅ’জিন বিলুপ্তিৰ পূৰ্বে অস্তিত্ব লাভ কৰা শেষ অ-এভিয়ান ডাইনোছৰৰ ভিতৰত।

আন টাইৰানোছ’ৰাইডৰ দৰেই টাইৰানোছ’ৰাছো আছিল দ্বিপদী মাংসভোজী,যাৰ মূৰৰ খুলাটো আছিল বিশাল আৰু ই গধুৰ নেজ দালেৰে সৈতে তাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছফালৰ ডাঙৰ আৰু শক্তিশালী অংগবোৰৰ তুলনাত টাইৰানোছৰছৰ আগৰ অংগবোৰ চুটি আছিল যদিও আকাৰৰ বাবে অস্বাভাৱিকভাৱে শক্তিশালী আছিল আৰু ইহঁতৰ দুটা নখযুক্ত ঠেং আছিল। এতিয়ালৈ বিচাৰি পোৱা আটাইতকৈ সম্পূৰ্ণ জীৱাশ্ম নমুনাটোৰ দৈৰ্ঘ্য ১২.৩–১২.৪ মিটাৰ (৪০–৪১ ফুট) যদিও বেছিভাগ আধুনিক অনুমান অনুসৰি টাইৰানোছ’ৰাছৰ আকাৰ হয়টো ১৩ মিটাৰ (৪৩ ফুট) দৈৰ্ঘ্য, ৩.৭–৪ মিটাৰ (১২–১৩ ফুট) কঁকালৰ উচ্চতা ৩.৭–৪ মিটাৰ (১২–১৩ ফুট), আৰু ভৰত ৮.৮ টন (৮.৭ দীঘল টন; ৯.৭ চুটি টন) অতিক্ৰম কৰিলেহেঁতেন। যদিও আন কিছুমান থেৰ'পড আকাৰত টাইৰানোছ'ৰাছক প্ৰতিদ্বন্দ্বিতা বা অতিক্ৰম কৰিব পৰা, তথাপিও ই স্থলজ প্ৰাণীৰ ভিতৰত আটাইতকৈ বেছি জনাজাত পৰভক্ষী আছিল আৰু ইয়াৰ আনুমানিক কামোৰ শক্তি সকলো স্থলজ প্ৰাণীৰ ভিতৰত আটাইতকৈ বেছি আছিল। ইয়াৰ পৰিৱেশৰ আটাইতকৈ ডাঙৰ মাংসভোজী এই টাইৰানোছ'ৰাছ ৰেক্স সম্ভৱতঃ এটা শিখৰ পৰভক্ষী আছিল। ই হেড্ৰ'ছৰছ, চেৰাট'পচিয়ান আৰু এংকিল'ছৰৰ দৰে কিশোৰ তৃণভোজী যি নিজৰ দেহত থকা অস্ত্ৰ কৱচেৰে সাজসজ্জিত আছিল আৰু সম্ভৱতঃ চ'ৰ'পডচক চিকাৰ কৰিছিল। কিছুমান বিশেষজ্ঞই এই ডাইনোছৰটো মূলতঃ এটা মৰা জীৱ খাই পৰিৱেশ পৰিষ্কাৰ কৰা ধৰণৰ আছিল বুলিও মত প্ৰকাশ কৰিছে। টাইৰানোচ’ৰাছ এপেক্স প্ৰিডেটৰ নে বিশুদ্ধ স্কেভেঞ্জাৰ সেই প্ৰশ্নটো পুৰাজীৱবিজ্ঞানৰ আটাইতকৈ দীঘলীয়া বিতৰ্কৰ ভিতৰত আছিল। আজিৰ বেছিভাগ পুৰাজীৱবিজ্ঞানীয়ে মানি লৈছে যে টাইৰানোছ’ৰাছ আছিল সক্ৰিয় পৰভক্ষী আৰু মৰা জীৱ খাই পৰিৱেশ পৰিষ্কাৰ কৰা দুয়োটায়ে।

টাইৰানোচছ’ৰাছ ৰেক্সৰ নমুনাৰ ভিতৰত কিছুমান আছে যিবোৰ প্ৰায় সম্পূৰ্ণ কংকাল। এই নমুনাবোৰৰ ভিতৰত অন্ততঃ এটা নমুনাত কোমল কোষাংগআৰু প্ৰ’টিন পোৱা গৈছে। জীৱাশ্ম পদাৰ্থৰ প্ৰাচুৰ্য্যই ইয়াৰ জীৱন ইতিহাস আৰু জৈৱ বলবিজ্ঞানকে ধৰি ইয়াৰ জীৱবিজ্ঞানৰ বহু দিশৰ ওপৰত উল্লেখযোগ্য গৱেষণাৰ সুবিধা প্ৰদান কৰিছে। টাইৰানোচছ’ৰাছ ৰেক্সৰ খাদ্য খোৱাৰ অভ্যাস, শৰীৰবিজ্ঞান আৰু সম্ভাৱ্য গতিৰ বিষয় কেইটামান বিতৰ্কৰ বিষয়। ইয়াৰ শ্ৰেণীবিভাজনো বিতৰ্কিত, কিয়নো কিছুমান বিজ্ঞানীয়ে এছিয়াৰ পৰা অহা টাৰ্ব’ছ’ৰাছ বাটাৰক তৃতীয় টাইৰানোছ’ৰাছ প্ৰজাতি বুলি গণ্য কৰে, আনহাতে আন কিছুমানে টাৰ্ব’ছ’ৰাছক এটা পৃথক প্ৰজাতি বুলি কয়। উত্তৰ আমেৰিকাৰ টাইৰেন’ছ’ৰিডৰ আন কেইবাটাও বংশকো টাইৰানোছ’ৰাছৰ সমাৰ্থক বুলি কোৱা হৈছে। বৰ্তমান টাইৰানোছ’ৰাছৰ দুটা প্ৰজাতি বৈধ বুলি গণ্য কৰা হয়; টি. ৰেক্স আৰু ইয়াৰ আগতে আৰু শেহতীয়াকৈ আৱিষ্কাৰ কৰা টি. মক্ৰেইনচিছ।

আৰ্কিটাইপাল থেৰ’পড হিচাপে টাইৰানোছ’ৰাছ ২০ শতিকাৰ আৰম্ভণিৰ পৰাই অন্যতম পৰিচিত ডাইনোছৰ আৰু ইয়াক চলচ্চিত্ৰ, বিজ্ঞাপন, ডাক ডাকটিকট আৰু আন বহুতো মাধ্যমত প্ৰদৰ্শিত কৰাও হৈছে।

গৱেষণাৰ ইতিহাস

সম্পাদনা কৰক

আটাইতকৈ প্ৰাচীন আৱিষ্কাৰ

সম্পাদনা কৰক

১৮৭৪ চনৰ জুলাই মাহত ক'লৰাডোৰ গোল্ডেনৰ ওচৰৰ অধ্যাপক আৰ্থাৰ লেকছৰ তত্ত্বাৱধানত জাৰ্ভিছ হল (কলৰাডো)ৰ ছাত্ৰ পিটাৰ টি ডটছনে চাউথ টেবল মাউণ্টেন (কলৰাডো)ত বৰ্তমান টাইৰানোছ'ৰাছ ৰেক্স বুলি নথিভুক্ত কৰা এটা দাঁত উদ্ধাৰ কৰে।[1] ১৮৯০ চনৰ আৰম্ভণিতেজন বেল হেঁচাৰে পূব ৱাইমিংত মূৰৰ পিছফালৰ উপাদান কিছুমান সংগ্ৰহ কৰিছিল। এই জীৱাশ্মসমূহ বৃহৎ প্ৰজাতিৰ অৰ্নিথ'মিমাছ গ্ৰেণ্ডিছ (বৰ্তমান ডেইনোডন)ৰ বুলি বিশ্বাস কৰা হৈছিল যদিও এতিয়া তাক টি. ৰেক্সৰ অৱশিষ্ট বুলি গণ্য কৰা হয়।[2]

১৮৯২ চনত এডৱাৰ্ড ড্ৰিংকাৰ ক’পে এটা বৃহৎ ডাইনোছৰৰ মেৰুদণ্ডৰ দুটা খণ্ড পাইছিল। কোপে এই খণ্ডবোৰ "এগাথাউমিড" (চেৰাটপচিড) ডাইনোছৰৰ বুলি বিশ্বাস কৰিছিল আৰু ইয়াৰ ৰক্তবাহী নলীত পোৱা হাড়ৰ অসংখ্য খোলাৰ কথা উল্লেখ কৰি ইয়াক Manospondylus gigas অৰ্থাৎ "বিশাল ছিদ্ৰযুক্ত মেৰুদণ্ড" বুলি নামকৰণ কৰিছিল।[3] ১৯০৭ চনত হেঁচাৰে এম.গিগাছৰ অৱশিষ্টক চেৰাটপচিডৰ পৰিৱৰ্তে থেৰ'পডৰ অৱশিষ্ট বুলি চিনাক্ত কৰে।[4]

হেনৰী ফেয়াৰফিল্ড অছবৰ্ণে ১৯১৭ চনৰ পৰাই মানোস্পণ্ডাইলাছ গিগাছ আৰু টি ৰেক্সৰ মাজত সাদৃশ্য চিনি পাইছিল। মানোস্পণ্ডাইলাছৰ মেৰুদণ্ডৰ খণ্ডিত প্ৰকৃতিৰ বাবে অছবৰ্ণে দুয়োটা বংশৰ সমাৰ্থকতা নিদিলে, বৰঞ্চ পুৰণি প্ৰজাতিটোক অনিৰ্দিষ্ট বুলি গণ্য কৰিলে।[5] ২০০০ চনৰ জুন মাহত ব্লেক হিলছ ইনষ্টিটিউটে প্ৰায় ১০% টাইৰানোছ'ৰাছৰ কংকাল (BHI 6248) এটা স্থানত পাইছিল যিটো হয়তো মূল এম.গিগাছ।

কংকাল আৱিষ্কাৰ আৰু নামকৰণ

সম্পাদনা কৰক

আমেৰিকান মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰীৰ সহকাৰী সংগ্ৰাহাধক্ষ বাৰ্নাম ব্ৰাউনে ১৯০০ চনত পূব ৱাইমিংত টি.ৰেক্সৰ প্ৰথমটো আংশিক কংকালৰ উদ্ধাৰ কৰে।[6] সেই সময়ত ব্ৰাউনে লিখিছিল যে "১ নং কুৱেৰীত মাৰ্ছে বৰ্ণনা নকৰা এটা বৃহৎ মাংসভোজী ডাইনোছৰৰ ফেমাৰ, পিউব, হিউমেৰাছ, তিনিটা মেৰুদণ্ড আৰু দুটা অনিৰ্দিষ্ট হাড় আছে। ... মই কেতিয়াও ক্ৰিটেচিয়াছৰ পৰা এনেকুৱা একো দেখা নাই।"[7] আমেৰিকান মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰীৰ সভাপতি হেনৰী ফেয়াৰফিল্ড অছবৰ্ণে ১৯০৫ চনত দ্বিতীয়টো কংকালৰ নাম টি ৰেক্স ৰাাখে। এই নামটো গ্ৰীক শব্দ τύραννος (tyrannos, অৰ্থাৎ "অত্যাচাৰী") আৰু σαῦρος (sauros, অৰ্থাৎ "জেঠী")ৰ পৰা উদ্ভৱ হৈছে। অচবৰ্ণে নিৰ্দিষ্ট নামটোৰ বাবে লেটিন শব্দ ৰেক্স অৰ্থাৎ "ৰজা" ব্যৱহাৰ কৰিছিল। সেয়েহে সম্পূৰ্ণ দ্বিপদটোক "অত্যাচাৰী জেঠী ৰজা" বা "ৰজা অত্যাচাৰী জেঠী" বুলি অনুবাদ কৰা হয়, য'ত প্ৰাণীটোৰ আকাৰ আৰু সেই সময়ৰ অন্যান্য প্ৰজাতিৰ ওপৰত অনুমান কৰা আধিপত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।[8]

  1. "The Colorado Transcript". July 8, 1874 – via www.coloradohistoricnewspapers.org.
  2. Breithaupt, B. H.; Southwell, E. H.; Matthews, N. A. (October 15, 2005). "In Celebration of 100 years of Tyrannosaurus rex: Manospondylus gigas, Ornithomimus grandis, and Dynamosaurus imperiosus, the Earliest Discoveries of Tyrannosaurus rex in the West". Abstracts with Programs; 2005 Salt Lake City Annual Meeting. 37 (7). Geological Society of America: 406. ISSN 0016-7592. Archived from the original on May 30, 2012. Retrieved October 8, 2008.
  3. Breithaupt, B. H.; Southwell, E. H.; Matthews, N. A. (October 15, 2005). "In Celebration of 100 years of Tyrannosaurus rex: Manospondylus gigas, Ornithomimus grandis, and Dynamosaurus imperiosus, the Earliest Discoveries of Tyrannosaurus rex in the West". Abstracts with Programs; 2005 Salt Lake City Annual Meeting. 37 (7). Geological Society of America: 406. ISSN 0016-7592. Archived from the original on May 30, 2012. Retrieved October 8, 2008.
  4. Hatcher, J. B. (1907). "The Ceratopsia". Monographs of the United States Geological Survey. 49: 113–114. ISSN 0886-7550.
  5. Osborn, H. F. (1917). "Skeletal adaptations of Ornitholestes, Struthiomimus, Tyrannosaurus". Bulletin of the American Museum of Natural History. 35 (43): 733–771. hdl:2246/1334.
  6. Osborn, H. F. (1905). "Tyrannosaurus and other Cretaceous carnivorous dinosaurs". Bulletin of the AMNH. 21 (14): 259–265. hdl:2246/1464. Retrieved October 6, 2008.
  7. Dingus, L.; Norell, M. (May 3, 2010). Barnum Brown: The Man Who Discovered Tyrannosaurus rex. University of California Press. pp. 90, 124. ISBN 978-0-520-94552-4.
  8. Osborn, H. F. (1905). "Tyrannosaurus and other Cretaceous carnivorous dinosaurs". Bulletin of the AMNH. 21 (14): 259–265. hdl:2246/1464. Retrieved October 6, 2008.