টাৱাং মঠ
টাৱাং মঠ (ইংৰাজী: Tawang monastery)টাৱাং মঠ হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত এটা বৌদ্ধ মঠ। টাৱাং মঠ দেশৰ আটাইতকৈ ডাঙৰ মঠ। এই মঠটো টাৱাং চু উপত্যকা,চীনা আৰু ভূটানৰ সীমান্তৰ ওচৰত অৱস্থিত।
টাৱাং মঠক তিব্বতী ভাষাত গাডেন নামগিয়াল লাটছে বুলি জনা যায়, যাৰ অৰ্থ হৈছে "সম্পূৰ্ণ বিজয়ৰ ঐশ্বৰিক স্বৰ্গ।" ১৬৮০-১৬৮১ চনত মেৰাক লামা লোদ্ৰে গিয়াটচোৱে পঞ্চম দালাই লামা নগাৱাং লোবচাং গিয়াটচোৰ ইচ্ছা অনুসৰি প্ৰতিষ্ঠা কৰিছিল।[1] এই মঠ ব্ৰজাৰায়ণ বৌদ্ধ ধৰ্মৰ গেলাগ বিদ্যালয়ৰ অন্তৰ্গত আৰু লাছাৰ ড্ৰেপুং মঠৰ সৈতে ইয়াৰ ধৰ্মীয় সম্পৰ্ক আছিল আৰু ব্ৰিটিছ শাসনকাললৈকে অব্যাহত আছিল। মঠটো তিনিমহলীয়া আৰু মঠৰ ভিতৰত ৬৫টা আৱাসিক ভৱন আছে। মঠৰ পুথিভঁৰালত মূল্যৱান পুৰণি শাস্ত্ৰ আদিও আছে, মুখ্যতঃ কাঙ্গুৰ আৰু টেংগিউৰৰ কথা উল্লেখ কৰিব পাৰি।
ব্যুৎপত্তি
সম্পাদনা কৰকমঠটোৰ সম্পূৰ্ণ নাম হৈছে টাৱাং গালদান নামগিয়ে লাটছে। টা ৰ অৰ্থ হৈছে "ঘোঁৰা" আৰু ৱাঙৰ অৰ্থ হৈছে "বাছনি কৰা", যি একেলগে টাৱাং শব্দটো গঠন কৰে, যাৰ অৰ্থ হৈছে "ঘোঁৰাৰ দ্বাৰা বাছনি কৰা অৱস্থান।" তদুপৰি, গদানৰ অৰ্থ হৈছে "স্বৰ্গ", নামগিয়ালৰ অৰ্থ হৈছে "সম্পূৰ্ণ বিজয়" আৰু লাটছেৰ অৰ্থ হৈছে "ঈশ্বৰীয়।" সেয়েহে, টাৱাং গালদান নামগিয়ে লাটছেৰ সম্পূৰ্ণ অৰ্থ হৈছে "ঘোঁৰাটোৱে বাছনি কৰা ঠাইখন হৈছে সম্পূৰ্ণ বিজয়ৰ ঐশ্বৰিক স্বৰ্গ।"
অৱস্থান
সম্পাদনা কৰকসাগৰ পৃষ্ঠৰ পৰা 10,000 ফুট উচ্চতাত টাৱাং চু উপত্যকাত নিৰ্মিত এই মঠটোৱে সমগ্ৰ বিশ্বৰ বৌদ্ধ ভিক্ষু আৰু পৰ্যটকসকলক আকৰ্ষিত কৰে। এটা পাহাৰত নিৰ্মাণ কৰা, টাৱাং মঠটোৱে সমগ্ৰ টাৱাং উপত্যকাৰ সুন্দৰ দৃশ্য প্ৰদান কৰে। এই মঠটো দূৰৰ পৰা এটা দুৰ্গৰ দৰে দেখা যায়। ইয়াৰ প্ৰৱেশদ্বাৰটোৰ নাম হৈছে 'কাকলিঙ্গা' যিটো এটা কুটিৰ দৰে দেখা যায় আৰু ইয়াৰ দুখন দেৱাল নিৰ্মাণত শিল ব্যৱহাৰ কৰা হৈছে। এই দেৱালবোৰত সুন্দৰ চিত্ৰকলা কৰা হৈছে যিবোৰে পৰ্যটকসকলক আকৃষ্ট কৰে।
স্থাপত্যশৈলী
সম্পাদনা কৰকমঠটো এটা স্থাপত্যৰ আশ্চৰ্য য'ত এটা বিশাল প্ৰাৰ্থনা গৃহ আৰু পৱিত্ৰ কোঠা আছে। ইয়াৰ এক বৃহৎ তিব্বতীয় আৰু ভাৰতীয় স্থাপত্যপ্ৰভাৱ আছে। সুন্দৰকৈ অংকিত দেৱাল, জটিল থাংকা চিত্ৰ, আৰু এটা বিশাল বুদ্ধ মূৰ্তিয়ে ঠাইখনক আৱৰি থকা সৌন্দৰ্যৰ অনুভূতি বৃদ্ধি কৰে।[2]
উৎসৱ
সম্পাদনা কৰকটাৱাং বৌদ্ধ মঠৰ মনপা জনগোষ্ঠীয়ে লামা চংখাপাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু ৰোগ, দুৰ্ভাগ্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ সূচনা কৰা দুষ্ট আত্মাক খেদি পঠিয়াবলৈ টৰ্গিয়া উৎসৱ পালন কৰে। এই উৎসৱৰ উদ্দেশ্য হৈছে মঠৰ লামাসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি যোদ্ধা অৰ্পুৰ চাম নৃত্য পৰিৱেশন কৰা। লামাসকলে বিভিন্ন সাজ-পোছাক আৰু ভিন্ন মুখা পৰিধান কৰি চাম নৃত্য পৰিৱেশন কৰি তিনিদিনীয়াকৈ অনুষ্ঠিত টৰ্গিয়া উৎসৱটি অধিক মোহনীয় কৰি তোলে। চাম নৃত্য পৰিৱেশনৰ সময়ত তেওঁলোকে ঢোল আৰু জংঘলৰ সৈতে কিছুমান আত্মাস্পৰ্শী সংগীতত পৰিৱেশন কৰে।[3]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ https://tawang.dcourts.gov.in/about-department/history/
- ↑ https://timesofindia.indiatimes.com/travel/destinations/discovering-tawang-monastery-the-largest-monastery-in-india/amp_articleshow/105076947.cms
- ↑ https://www.etvbharat.com/assamese/assam/state/sonitpur/torgya-festival-celebrated-at-tawang-monastery/assam20230123214638276276509