টিউৰিং পৰীক্ষা এনে এক পৰীক্ষা যাৰ দ্বাৰা এটা যন্ত্ৰৰ ক্ষমতা কিমান মানৱ-সম অথবা মানৱ-সদৃশ তাৰ পৰীক্ষা কৰা হয়। এলান ট্যুৰিঙে প্ৰস্তাৱ দিয়ে যে এজন মানৱ বিচাৰকে আন এজন মানৱ আৰু এটা মানৱ-সদৃশ বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ মাজৰ সাধাৰণ মানৱীয় ভাষাৰে হোৱা বাৰ্তালাপ বিচাৰ কৰিব। বিচাৰকে জানিব যে অংশগ্ৰহণকাৰীৰ এজন যন্ত্ৰহে, আৰু বাৰ্তালাপত অংশগ্ৰহণকাৰী কোনো কাৰোৰে দৃষ্টিগোচৰত নাথাকে। বাৰ্তালাপ লিখিত ৰূপত যেনে এখন কীব'ৰ্ড আৰু মনিটৰৰ মাধ্যমেৰে কৰোৱা হয় যাতে যন্ত্ৰটোৰ লিখিত শব্দক শ্ৰুতিগোচৰ কৰিব পৰা-নোৱৰাৰ ওপৰত পৰীক্ষাৰ ফলাফল নিৰ্ভৰ নকৰে।[2] যদিহে বিচাৰকজনে বাৰ্তালাপৰ অন্তত যন্ত্ৰ আৰু মানুহজনক দৃঢ়তাৰে নিদিষ্ট কৰিব নোৱাৰে তেন্তে যন্ত্ৰটো এই পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি কোৱা হয়। এই পৰীক্ষাটোৱে যন্ত্ৰটোৰ শুদ্ধকৈ প্ৰশ্নোত্তৰ দিব পৰাৰ ক্ষমতা নাচায়, বৰং উত্তৰসমূহ কিমান মানৱীয় গুণসম্পন্ন তাকহে চায়।

The "standard interpretation" of the Turing Test, in which player C, the interrogator, is tasked with trying to determine which player - A or B - is a computer and which is a human. The interrogator is limited to using the responses to written questions in order to make the determination. Image adapted from Saygin, 2000.[1]

১৯৫০ চনত এলান ট্যুৰিঙে এই পৰীক্ষাৰ কথা উপস্থাপন কৰে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Saygin 2000.
  2. Turing originally suggested a teleprinter, one of the few text-only communication systems available in 1950. (Turing 1950, পৃষ্ঠা 433)