টুকুৰীয়া পূজা দক্ষিণ কামৰূপৰ পাতি ৰাভা জনগোষ্ঠীসকলৰ এটি উল্লেখযোগ্য বাৰ্ষিক ধৰ্মানুষ্ঠান। বনগাঁও মৌজাৰ খাটলপাৰা গাঁৱৰ এই পূজা প্ৰখ্যাত। এই উৎসৱ চাৰি দিনীয়াকৈ অনুষ্ঠিত হয়।[1]

উৎযাপন শৈলী সম্পাদনা কৰক

পূজাৰ বাবে প্ৰায় তিনি মিটাৰ ওখ আৰু ছয়মিটাৰ বহল এখনি বৃত্তাকাৰ কলৰ দোনাৰ থাপনা সজা প্ৰয়োজন। থাপনাখনিৰ সোঁমাজত এটি কলপুলি পোতা দৰকাৰ। বৃত্তাকাৰ থাপনাৰ চাৰিওফালে কলদোনাৰেই সাত খলপীয়া মজু এটি সাজি তাৰ গাত কুৰিখন হাত, মূৰত সৰ্প ফণা আৰু তলত ছাগলীৰ মূৰৰ প্ৰতীকীৰূপ কৰি তাৰ লগতে এখনি ভূৰো সাজে। এই ভুৰৰ গৰাকিনী হ'ল - মনসাৰ ন ভনীৰ অন্যতমা সুপনী। মজুৰ ওচৰত লাঙাবুঢ়া (মহাদেৱ) আৰু অন্যান্য দেৱতাৰো আসন সজা নিয়ম। চলিত ভাষাত আসনবোৰক কোৱা হয় - মাল্লা।

জয়জয়তে দেওধনীয়ে হাঁহ এটি মাৰি সুপনীলৈ আগবঢ়ায়। তাৰ পিছত প্ৰসাদ আৰু বলিৰ বাবে অনা জীৱ-জন্তুবোৰ কলপাত পাৰি আগবঢ়াব লাগে। এই পূজাত এটা গাহৰি, দুযোৰ পাৰ, তিনিটা হাঁহ আৰু তিনি-পাঁচযোৰ কুকুৰা বলি দিয়া প্ৰয়োজন।

পূজা আৰম্ভ হয় টুকুৰিয়া গীতেৰে। গীতৰ সুৰে সুৰে চলে দেওধনীৰ অবিৰাম নৃত্য। দেওধনীয়ে নাচি নাচি ভঁৰালৰ পৰা ধূপ-দীপ আনি থাপনাত আগবঢ়ায়। গায়কে খুটিতাল বজাই - গীত গাই পূজা ভাগ আগবঢ়াই নিয়ে। টুকুৰীয়াসকলে জয়জয়তে গায় ন-ভনীৰ আৱাহনী গীত। তাৰ পিছত সৰস্বতী বন্দনা। সকলো দেৱ দেৱীক গীতেৰে আহ্বান জনোৱাৰ পিছত জনোৱা হয় - উত্তৰপাৰৰ পৰা লাঙাবুঢ়াক। কেঁচাইখাইতী, কাছু-কামুৰী, চুৰিখা - কামাখ্যা, সুবচনী প্ৰভৃতি দেৱীলৈ প্ৰসাদ আৰু বলি আগবঢ়োৱাৰ শেষত সকলো দেৱীকে গীতৰ মাধ্যমেৰেই বিদায় দিয়া প্ৰয়োজন। সৰ্বশেষ বিদায় দিয়া দেৱতাজন হ'ল - যমৰাজ। পিছ ফাললৈ প্ৰসাদ খায় আৰু কলদোনাৰ মজু পানীত উটুৱাই দি পূজাৰ বছৰেকলৈ ইতিৰেখা টানে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ১৫৫.