টুম্পেং (জাভানিজ: ꦠꦸꦩ꧀ꦥꦼꦁ; বালিনিজ: ᬢᬸᬫ᭄ᬧᭂfl) হৈছে ইণ্ডোনেছিয়াৰ এবিধ পৰম্পৰাগত খাদ্য।[1] জাভানীজ খাদ্যৰ পৰা উৎপত্তি হোৱা চাউলৰ পৰা প্ৰস্তুত কৰা শঙ্কু আকৃতিৰ এই খাদ্যক ইণ্ডোনেছিয়াত শাক-পাচলি আৰু মাংসৰ সৈতে পৰিবেশন কৰা হয়। পৰম্পৰাগতভাৱে স্লামাটান অনুষ্ঠানত শঙ্কু আকৃতিৰ বাঁহৰ পাত্ৰ ব্যৱহাৰ কৰি চাউলৰ পৰা এই খাদ্য তৈয়াৰ কৰা হয়। এই খাদ্য প্ৰস্তুত কৰিবলৈ চাউলবোৰ সাধাৰণ ভাপত দিয়া হয়, নাৰিকলৰ গাখীৰৰ সৈতে সিজোৱা হয়, বা হালধিৰ ৰং মিহলাই সিজোৱা হয়।[1]

টুম্পেং

টুম্পেং: শংকু আকৃতিৰ মূল খাদ্যৰ সৈতে চাৰিওফালে সহযোগী খাদ্যৰ সৈতে সজোৱা এবিধ ইণ্ডোনেছিয়ান খাদ্য।
উৎপত্তিৰ স্থান ইণ্ডোনেছিয়া[1]
অঞ্চল জাভা, ৰাষ্ট্ৰীয়
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ইণ্ডোনেছিয়াৰ ৰন্ধনশৈলী
পৰিবেশনৰ উষ্ণতা গৰম বা সামান্য উষ্ণতা

চাউলৰ শঙ্কুটো টাম্পাহ নামৰ ঘূৰণীয়াকৈ নিৰ্মাণ কৰা বাঁহৰ পাত্ৰত স্থাপন কৰা হয়, কল পাতেৰে ঢাকি থোৱা হয়, আৰু চাৰিওফালে অন্যান্য বিভিন্ন ধৰণৰ ইণ্ডোনেছিয়ান খাদ্যৰ সৈতে উপস্থাপন কৰা হয়। ২০১৩ চনত ইণ্ডোনেছিয়াৰ “পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি মন্ত্ৰালয়ে” (Ministry of Tourism and Creative Economy) টুম্পেঙক ইণ্ডোনেছিয়াৰ ৩০ টা ইণ্ডোনেছিয় ৰন্ধনশৈলী আইকনৰ ভিতৰত অন্যতম হিচাপে প্ৰচাৰ কৰে[2] আৰু ২০১৪ চনত ইয়াক ইণ্ডোনেছিয়াৰ চৰকাৰী জাতীয় খাদ্যৰ মৰ্যাদা প্ৰদান কৰে, ইয়াক “ইণ্ডোনেছিয়াৰ বিভিন্ন ৰান্ধনীশালৰ পৰম্পৰাৰ বৈচিত্ৰ্যক বান্ধি ৰখা খাদ্য” বুলি অভিহিত কৰে।[3]

সাধাৰণতে বিভিন্ন গুৰুত্বপূৰ্ণ উৎসৱ উদযাপনৰ সময়ত জাভা, বালি আৰু মাদুৰাৰ মানুহে টুম্পেং প্ৰস্তুত কৰে। অৱশ্যে সকলো ইণ্ডোনেছিয়ান টুম্পেঙৰ সৈতে পৰিচিত। টুম্পেঙৰ আঁৰত থকা দৰ্শন ইণ্ডোনেছিয়াৰ ভৌগোলিক অৱস্থাৰ, বিশেষকৈ অসংখ্য পৰ্বত আৰু আগ্নেয়গিৰি থকা উৰ্বৰ দ্বীপ হিচাপে জাভাৰ সৈতে জড়িত কৰা হয়। টুম্পেং প্ৰাচীন ইণ্ডোনেছিয়ান পৰম্পৰাত পৰ্বতক পূৰ্বপুৰুষ আৰু দেৱতাৰ আত্মা ‘হিয়াং’ৰ বাসস্থান হিচাপে শ্ৰদ্ধা কৰিছিল। শঙ্কু আকৃতিৰ চাউলে পবিত্ৰ পৰ্বতটোক প্ৰতিনিধিত্ব কৰে। প্ৰচুৰ পৰিমাণে শস্যৰ উৎপাদন বা আন কোনো আশীৰ্বাদৰ বাবে ধন্যবাদৰ চিন স্বৰূপে এই ভোজৰ আয়োজন কৰা হয়।

আধুনিক যুগত সামাজিক অনুষ্ঠান বা বঁটা প্ৰদান অনুষ্ঠান আদিৰ সন্মানীয় অতিথিক টুম্পেং পৰিবেশন কৰা হয়। ইণ্ডোনেছিয়াৰ বহু চহৰত, যেনে যোগাকাৰ্টাত, এটা পৰম্পৰা গঢ় লৈ উঠিছে সেয়া হৈছে ইণ্ডোনেছিয়াৰ স্বাধীনতা দিৱস ১৭ আগষ্টৰ প্ৰাকক্ষণত অনুষ্ঠিত কৰা টুম্পেংগান অনুষ্ঠান। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে জাতিটোৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰা।

উপস্থাপন

সম্পাদনা কৰক

টুম্পেঙৰ শঙ্কু আকৃতিৰ চাউলৰ চাৰিওফালে বিভিন্ন ধৰণৰ ইণ্ডোনেছিয়ান খাদ্য, যেনে উৰাপ শাক-পাচলি (চালাড), আয়ম গোৰেং (শুকান কৈ ভজা কুকুৰা মাংস), আয়াম বাকাৰ (গ্ৰিল কৰা কুকুৰা), এম্পাল গেপুক (মিঠা আৰু টেঙা দি ভজা গৰুৰ মাংস), আবন চাপি (গো-মাংসৰ এবিধ খাদ্য), চেমুৰ ( মিঠা ছয়া চচত দি তৈয়াৰ কৰা গৰুৰ মাংস), টেৰী কাকাং, ভজা চিংৰা, টেলুৰ পিণ্ডাং, টুকুৰা টুকুৰ কৰা অমলেট, টেম্পে অৰেক, পাৰ্কেডেল কেন্টাং, পাৰ্কেডেল জাগং, আদি বহু ধৰণৰ খাদ্য দিয়া হয়।[4]

পৰম্পৰাগতভাৱে শাক-পাচলি, কণী, মাংস, আৰু সাগৰীয় খাদ্যৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি টুম্পেং পৰিবেশন কৰা হয়। পৰম্পৰাগত জাভানীজ টুম্পেঙৰ গঠন অধিক জটিল কাৰণ জাভানীজ বিশ্বাস অনুসৰি উপাদানসমূহে ইটোৱে সিটোক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। এনে টুম্পেঙত সাধাৰণতে উৰাপ শাক-পাচলি, টেম্পে, আয়ম গোৰেং, টেৰী কাকেং, ভজা চিংৰা, তেলুৰ পিণ্ডাং, এম্পাল গেপুক আৰু চাম্বল আদি সন্নিবিষ্ট কৰা হয়। টুম্পেঙক ৰাষ্ট্ৰীয় খাদ্য হিচাপে গ্ৰহণ কৰাৰ পিছত ই ইণ্ডোনেছিয়াৰ ৰন্ধন পৰম্পৰাক একত্ৰিত কৰিব বুলি আশা কৰা হৈছে। গাডো-গাডো, চেটেই আৰু ৰেণ্ডাঙৰ দৰে জনপ্ৰিয় ইণ্ডোনেছিয়ান খাদ্যক ইয়াৰ সৈতে পৰিবেশন কৰা হয়। আজি কালি গৃহস্থই নিজা বিবেচনাৰে টুম্পেঙৰ সৈতে অন্য খাদ্য সংলগ্ন কৰে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক