টুলুনী উৎসৱ

নাগালেণ্ডৰ উৎসৱ

টুলুনী উৎসৱ (ইংৰাজী: Tuluni Festival) নাগালেণ্ডৰ চুমী বা ছেমা উপজাতিৰ লোকসকলে জুলাই মাহত অনুষ্ঠিত কৰা এক উৎসৱ৷[1] ই এক কৃষিভিত্তিক উৎসৱ৷ কৃষিক্ষেত্ৰত শস্যৰে নদন-বদন হোৱাৰ কামনাৰে জুলাই মাহত এই উৎসৱ ৪-৫ দিন ধৰি পালন কৰা হয়৷

গাঁৱৰ পুৰোহিত (আউৱৌ)জনে উৎসৱৰ দিন (আছিঘেনী) ঘোষণা কৰে৷ প্ৰথম দিনাই ঘৰৰ পোহনীয়া জন্তু বধ কৰি কাটি তাৰ মাংস ইঘৰ সিঘৰৰ লগত বিনিময় কৰে৷ দ্বিতীয় দিনা উৎসৱৰ দিন বা আনিঘিনি৷ সেইদিনা গাঁৱৰ প্ৰভাৱশালী ব্যক্তিজনে চাউলৰ মদিৰা তৈয়াৰ কৰে৷ গাঁৱৰ পুৰোহিতে পৃথিৱী শস্য-শ্যামলা হ’বলৈ প্ৰাৰ্থনা কৰে৷ তৃতীয় দিনা মুখ্য উৎসৱৰ দিন৷ সেইদিনা গাঁৱৰ সকলোৱে মিলি প্ৰাৰ্থনা কৰে৷ চতুৰ্থ দিনা শস্য দেৱতাক সন্তুষ্ট কৰিবলৈ পূজা-অৰ্চনা কৰে৷ পঞ্চম দিনা গাঁৱৰ পুৰুষসকলে খেতিপথাৰ তথা পানী অনা পুখুৰীলৈ অহা-যোৱা কৰা পথসমূহ পৰিদৰ্শন আৰু মেৰামতি কৰে৷[2]

টুলুনি চুমী উপজাতিৰ অতি আদৰৰ উৎসৱ। বছৰৰ কৃষি আৰম্ভণিৰ ঋতুত এই অনুষ্ঠানটো হোৱাৰ বাবে এই উৎসৱত ভোজ-ভাতৰ আয়োজন কৰা হয়। চাউলৰ পৰা তৈয়াৰী পানীয় খোৱাটো ভোজৰ এটা অপৰিহাৰ্য অংশ। কলৰ পাতেৰে তৈয়াৰী বিশেষ পাত্ৰত “চাউল-বিয়েৰ’’ পৰিৱেশন কৰা হয়। এই ৱাইনৰ নাম টুলুনী বা তুলুনী। সেয়েহে এই পানীয় সেৱনক “টুলুনী” বুলি কোৱা হয়। তুলুনীক “এন্নি” বুলিও কোৱা হয় যাৰ অৰ্থ প্ৰচুৰ শস্যৰ ঋতু। বছৰৰ মাজভাগত (জুলাই) অনুষ্ঠিত উৎসৱটো নাগালেণ্ডৰ চুমি সম্প্ৰদায়ৰ বাবে আটাইতকৈ ডাঙৰ আৰু আনন্দৰ। এই উৎসৱৰ সময়ত বাগদান কাৰ্যও কৰা হয়৷ উপহাৰৰ টোপোলা ভৰ্তি খাদ্যৰ সৈতে হবলগীয়া কইনাক হবলগীয়া কইনাৰ বাসগৃহত অনুষ্ঠিত হোৱা এক ভোজলৈ আমন্ত্ৰণ জনোৱা হয়। আনকি দৰা-কইনা উভয়ৰে পৰিয়ালৰ ভাই-ভনীয়েও ৰাতিৰ আহাৰ আৰু টোপোলা কৰা খাদ্য আৰু মাংসৰ বিনিময় কৰে। এই দিনটোত তেওঁলোকক খাদ্য-মাংসৰে উদৰ পূৰাই খুৱাই দিয়া হয়।

খেতিয়কসকলে সাধাৰণতে একোটা গোটত কাম কৰে আৰু বিশেষকৈ আন্নি (উৎসৱ)ৰ বাবে তেওঁলোকে ধন সাঁচি ৰাখে যাৰ সহায়ত গাহৰি বা গৰু ক্ৰয় কৰা হয় আৰু কটা জীৱ-জন্তুৰ মাংস বন্ধু-বান্ধৱৰ মাজত ভাগ কৰা হয়। সংৰক্ষিত মাংস গোটৰ ভোজৰ বাবে ব্যৱহাৰ কৰা হয়। ভোজৰ মাজত গোটৰ নেতাসকলে আনৰ দ্বাৰা খুৱাই মাংসৰ অতিৰিক্ত প্ৰস্তাৱ পায়। প্ৰতিটো কৰ্মগোটত সংখ্যাত ২০ৰ পৰা ৩০ জন থাকে য'ত কেইবাগৰাকীও মহিলাও অন্তৰ্ভুক্ত। এই বৃহৎ ভোজত নতুন নিযুক্তিপ্ৰাপ্তসকলকো গোটত যোগ দিবলৈ নিমন্ত্ৰণ কৰা হয়। ভোজৰ উত্সাহ লোকগীত আৰু বেলাডৰ টুংগত উঠে৷ নাগালেণ্ডৰ চুমিৰ দুটা পৃথক ফৈদ আছে; চুমি আৰু টুকুমি৷ সেয়ে, এই দুই ফৈদৰ টুলুনীৰ মাজত গেনা আৰু আচাৰ-ব্যৱহাৰৰ পাৰ্থক্য আছে। আন সকলো উৎসৱ আৰু গেনাৰ ভিতৰত সাধাৰণতে চুমিসকলে তুলুনিৰ উৎসৱক আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গ্ৰহণ কৰে।[3]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. https://www.festivalsofindia.in/hornbill/
  2. সোণোৱাল, প্ৰহ্লাদ (জানুৱাৰী ২০১৬). "নগাসকলৰ পৰম্পৰাগত উংসৱ : এটি চমু আলোকপাত". বৰ্ণিল বৰাইল (অসম সাহিত্য সভাৰ হাফলং অধিৱেশনৰ মুখপত্ৰ): ২০৩. 
  3. "Festivalsː Tuluni". zunheboto.nic.in. https://zunheboto.nic.in/festivals/#:~:text=Tuluni%20is%20also%20called%20%E2%80%9CANNI,basketful%20of%20gifts%20with%20meals। আহৰণ কৰা হৈছে: 17 April 2023.