টু কিল এ মকিংবাৰ্ড

হাৰ্পাৰ লীৰ দ্বাৰা ৰচিত ইংৰাজী উপন্যাস

টু কিল এ মকিংবাৰ্ড (ইংৰাজী: To Kill a Mockingbird) হৈছে আমেৰিকান লেখিকা হাৰ্পাৰ লীৰ দ্বাৰা ৰচিত এখন ইংৰাজী ভাষাৰ উপন্যাস। ১৯৬০ চনত প্ৰকাশিত উপন্যাসখন প্ৰকাশৰ লগে লগেই সফলতাৰ মুখ দেখে আৰু পুলিৎজাৰ বঁটা বুটলিবলৈ সক্ষম হয়। বৰ্তমানে উপন্যাসখনক আধুনিক আমেৰিকান সাহিত্যৰ এক ধ্ৰুপদী গ্ৰন্থ বা "ক্লাচিক" হিচাপে স্বীকৃতি দিয়া হোৱাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। উপন্যাসখনৰ কাহিনী লেখিকাৰ জন্মচহৰ আলাবামা ৰাজ্যৰ মনৰোভিল চহৰত তাইৰ শৈশৱকালৰ ১০ বছৰ বয়সত ১৯৩৬ চনত ঘটা ঘটনাৰ আলমলৈ লিখা। ইয়াৰোপৰি উপন্যাসখনৰ চৰিত্ৰসমূহ হৈছে লেখিকাৰ নিজৰ পৰিয়াল আৰু চুবুৰীয়াৰ সম্পৰ্কে নিজস্ব পৰ্যবেক্ষণ অৱলম্বনত সৃষ্টি কৰা।

টু কিল এ মকিংবাৰ্ড  
লেখক হাৰ্পাৰ লী
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
প্ৰকাৰ উপন্যাস
প্ৰকাশক জে. বি. লিপিনকট এণ্ড কো.
পৃষ্ঠা সংখ্যা ২৮১

উপন্যাসখনত তৎকালীন সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্ণ বৈষম্য আৰু ধৰ্ষণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰাৰ সত্ত্বেও ই এক উষ্ম তথা হাস্যৰসাত্মক ৰচনাৰ ৰূপেও স্মৰণীয় হৈ ৰৈছে। উপন্যাসখনৰ কাহিনী ছয়-বছৰীয়া জঁ-লুই ফিঞ্চৰ কথাৰে বৰ্ণনা কৰা হৈছে। জঁ-লুই ফিঞ্চৰ দেউতাক এটিকাচ ফিঞ্চক বহু পাঠকে এজন নীতিবান নায়ক আৰু উকিলসকলে চাৰিত্ৰিক দৃঢ়তাৰ এক আদৰ্শ ৰূপে গণ্য কৰে। ইতিহাসবিদ জে ক্ৰেচপিন'ৰ মতে, "বিংশ শতাব্দীত টু কিল এ মকিংবাৰ্ড সম্ভৱতঃ হৈছে আমেৰিকাত জাতি সম্পৰ্কিত লেখাসমূহৰ ভিতৰত সকলোতকৈ বহুল পঠিত গ্ৰন্থ আৰু ইয়াৰ প্ৰধান চৰিত্ৰ এটিকাচ ফিঞ্চ বৰ্ণবাদ বিৰোধী বীৰত্বৰ সকলোতকৈ স্মৰণীয় কাল্পনিক চৰিত্ৰ। "[1]

টু কিল এ মকিংবাৰ্ড বহু বছৰ ধৰি হাৰ্পাৰ লীৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ আছিল। তাইৰ মৃত্যুৰ এবছৰ পূৰ্বে ২০১৫ চনত গ্ৰন্থখনৰ এখন খচৰা সংস্কৰণ গ' চেট এ বাটচ্‌মেন (Go Set a Watchman) নামেৰে প্ৰকাশিত পায়।

সমালোচনা সম্পাদনা কৰক

লেখিকাৰ সম্পাদকে প্ৰকাশকৰ পূৰ্বে গ্ৰন্থখনে ভাল ব্যৱসায় নকৰিব বুলি সতৰ্কতা কৰি দিয়া সত্ত্বেও গ্ৰন্থখন অতি সোনকালে জনপ্ৰয়তা লাভ কৰে আৰু হাৰ্পাৰ লী সাহিত্যিক সমাজ, তাইৰ জন্মচহৰ মনৰোভিল আৰু সমগ্ৰ আলাবামাৰ ৰাইজৰ প্ৰশংসা লাভ কৰিবৰ সক্ষম হয়।[2] পৰবৰ্তীকালত গ্ৰন্থখনৰ কেইবাটাও পুনৰমুদ্ৰণ কৰা হৈছিল লগতে বুক অফ দ্যা মান্থ ক্লাব-ত অন্তৰ্ভুক্তিৰ মাধ্যমেৰে আৰু ৰিডাৰ ডাইজেষ্ট কনডেন্সড্ বুক সংস্কৰণৰ মাধ্যমেৰে ব্যাপক সফলতা লাভ কৰে।[3]

উপন্যাখনৰ প্ৰাথমিক প্ৰতিক্ৰিয়া আছিল মিশ্ৰ। দ্যা নিউয়ৰ্কাৰ-এ হাৰ্পাৰ লীক "দক্ষ, বিনয়ী আৰু সম্পূৰ্ণ অকৃত্ৰিম লেখিকা" হিচাবে মত পোষণ কৰিছিল।[4] দ্যা আটলাণ্টিক মান্থলি-ৰ সমালোচকে গ্ৰন্থখনক "আনন্দদায়ক, উদাৰ পাঠ" বুলিছিল, কিন্তু ছয় বছৰীয়া এক শিশুৰ বৰ্ণনা এক সুশিক্ষিত প্ৰাপ্তবয়স্কৰ দৰে হোৱাৰ কথাতো অলপ অভাবনীয় বুলি মন্তব্য কৰিছিল।[5] গ্ৰন্থখনৰ টাইম আলোচনীয়ে ১৯৬০ চনত কৰা সমালোচনাত কৈছে যে উপন্যাসখনে "এজনী সৰু ছোৱালী আৰু [আমেৰিকা যুক্তৰাষ্ট্ৰৰ] দক্ষিণ প্ৰান্তৰ জীৱন সম্পৰ্কে পাঠকক বহুতো গুৰুত্বপূৰ্ণ লাগটিয়াল কথাৰ শিক্ষা প্ৰদান কৰে"।[6] চিকাগো চানডে ট্ৰিবিউন-এ উপন্যাসখনৰ ঘটনাৱলীৰ বৰ্ণনাৰ স্পষ্ট আৰু নিৰপেক্ষ হোৱাৰ কথা উল্লেখ কৰি লিখিছিল: "এয়া কোন সমাজতাত্ত্বিক উপন্যাস নহয়, ই কোন উদ্দেশ্যকো আখ্যায়িত নকৰে ... টু কিল এ মকিংবাৰ্ড এক শক্তিশালী সমসাময়িক ৰাষ্ট্ৰীয় তাৎপৰ্যপূৰ্ণ উপন্যাস। "[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Crespino, J. (2000). "The Strange Career of Atticus Finch". Southern Cultures খণ্ড 6 (2): 9–30. doi:10.1353/scu.2000.0030. 
  2. Shields, pp. 185–188.
  3. Bain, Robert "Harper Lee" in Southern Writers: A Biographical Dictionary Louisiana State University Press (1980), pp. 276–277. আই.এচ.বি.এন. 0-8071-0390-X
  4. "To Kill a Mockingbird", The New Yorker (September 10, 1960), p. 203.
  5. Adams, Phoebe (August 1960). "To Kill a Mockingbird, by Harper Lee [review"]. The Atlantic Monthly খণ্ড 206 (2): 98–99. https://www.theatlantic.com/past/unbound/classrev/mocking.htm। আহৰণ কৰা হৈছে: March 4, 2016. 
  6. About Life & Little Girls Archived 2008-02-14 at the Wayback Machine Time (magazine) (August 1, 1980). Retrieved on February 15, 2008.
  7. Sullivan, Richard (July 17, 1960). "To Kill a Mockingbird", Chicago Sunday Times.

গ্ৰন্থসূচী সম্পাদনা কৰক