টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল।[1] ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
টেছি থমাছ | |
---|---|
জন্ম | এপ্ৰিল, ১৯৬৩ আলাপ্পুঝা, কেৰালা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, থ্ৰীছুৰ (বি টেক) ডিফেন্স ইনষ্টিটিউট অৱ এডভাঞ্চড টেকন'লজি (বৰ্তমানৰ ইনষ্টিটিউট অৱ আৰ্মামেণ্ট টেকন'লজি, পুণে) (এম টেক) |
পেচা | বিজ্ঞানী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৮ – বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | সৰোজ কুমাৰ |
সন্তান | টেজাছ |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৬৩ চনৰ এপ্ৰিল মাহত কেৰালাৰ আলাপ্পুঝা নামে ঠাইত এটা ছিৰিয়ান খ্ৰীষ্টান পৰিয়ালত টেছি থমাছৰ জন্ম হৈছিল।[2][3] মাডাৰ টেৰেছাৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছে।[4] টেছিৰ ১৩ বছৰ বয়সত দেউতাক পক্ষাঘাতত পীড়িত হয় যাৰ বাবে তেওঁৰ দেহৰ সোঁফাল অচল হৈ পৰে। টেছিৰ মাক আছিল এগৰাকী শিক্ষয়িত্ৰী।[4][5] টেছিৰ চাৰিজনী ভনী আৰু এজন ভায়েক আছিল। থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ আশে-পাশেই টেছি ডাঙৰ-দীঘল হৈছিল যাৰ বাবে ৰকেট আৰু মিছাইলৰ প্ৰতি তেওঁ বাৰুকৈয়ে মুগ্ধ হৈছিল। ইয়াৰোপৰি তেওঁ উৰাজাহাজ উৰণৰ দ্বাৰাও মুগ্ধ হৈছিল।[6][4][4][7]
শিক্ষা
সম্পাদনা কৰকটেছি থমাছে ছেইণ্ট মাইকেলছ হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু ছেইণ্ট যোছেফছ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতি তেওঁৰ সহজাত প্ৰবৃত্তি আছিল। স্কুলত একাদশ আৰু দ্বাদশ বছৰৰ সময়ছোৱাত গণিত বিষয়ত তেওঁ এশ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছিল। সেই একে সময়তে তেওঁ বিজ্ঞান বিষয়ত ৯৫ শতাংশতকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছিল।[4][3][5] থ্ৰীছুৰত অৱস্থিত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ উদ্দেশ্যে তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰা প্ৰতি মাহে এশ টকীয়া এটা ঋণ লৈছিল। ইয়াৰোপৰি তেওঁ এটা ছাত্ৰবৃত্তিও লাভ কৰিছিল আৰু এই বৃত্তিৰেই তেওঁৰ টিউচনৰ মাচুল পৰিশোধ কৰিছিল। বি টেক কৰি থকা সময়ছোৱাত হোষ্টেলত থকাৰ বাবে বেংকৰ পৰা লোৱা ঋণটোৱে ভালেখিনি সহায় কৰিছিল।[4][8] স্কুল আৰু কলেজ দুয়োতে টেছি থমাছে ৰাজনৈতিক আলোচনাকে ধৰি আন বহুতো পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপত যোগদান কৰিছিল। তেওঁ ক্ৰীড়াত, বিশেষকৈ বেডমিণ্টনত, উৎকৰ্ষ লাভ কৰিছিল।[9] তেওঁ পুণেত অৱস্থিত ইনষ্টিটিউট অৱ আৰ্মামেণ্ট টেকন’লজিৰ (বৰ্তমানৰ ডিফেন্স ইনষ্টিটিউট অৱ এডভাঞ্চড টেকন'লজি) পৰাও গাইডেড মিছাইল বিষয়ত এম টেক ডিগ্ৰী অৰ্জন কৰিছে। ইয়াৰোপৰি তেওঁ অভিযান ব্যৱস্থাপনা বিষয়ত এম বি এ ডিগ্ৰী লাভ কৰিছে।[8] প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ পৰা তেওঁ গাইডেড মিছাইল বিষয়ত পি এইচ ডি লাভ কৰিছে।[3]
জীৱিকা
সম্পাদনা কৰক১৯৮৮ চনত টেছি থমাছে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত যোগদান কৰে।[10] তেওঁক নতুন প্ৰজন্মৰ ক্ষেপণাস্ত্ৰ “অগ্নি”ৰ ৰূপাংকণ আৰু উন্নয়ন বিভাগত নিযুক্ত কৰা হৈছিল। অগ্নি কাৰ্যসূচীৰ বাবে তেওঁক স্বয়ং এ পি জে আব্দুল কালামে নিযুক্তি প্ৰদান কৰিছিল।[3] টেছি থমাছ তিনি হাজাৰ কিলোমিটাৰ পৰিসৰৰ অগ্নি-৩ মিছাইল প্ৰকল্পৰ সহকাৰী সঞ্চালক আছিল।[11] ২০১১ চনত সফলতাৰে পৰীক্ষা কৰা অগ্নি-৪ মিছাইল প্ৰকল্পটোৰো তেওঁ সঞ্চালক আছিল।[12] ২০০৯ চনত পাঁচ হাজাৰ কিলোমিটাৰ পৰিসৰৰ অগ্নি-৫ মিছাইল প্ৰকল্পটোৰ সঞ্চালক হিচাপে পুনৰ টেছি থমাছক নিযুক্তি দিয়া হৈছিল। ২০১২ চনৰ ১৯ এপ্ৰিল তাৰিখে সফলতাৰে মিছাইলটো পৰীক্ষা কৰা হয়। ২০১৮ বৰ্ষত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ বৈমাণিকী পদ্ধতিসমূহৰ সাধাৰণ সঞ্চালক হিচাপে তেওঁক নিযুক্তি দিয়া হয়।[1] টেছি থমাছে ভাৰতীয় ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক একাডেমী (INAE), ইনষ্টিটিউছন অৱ ইঞ্জিনীয়াৰিং-ভাৰত (IEI) আৰু টাটা প্ৰশাসনিক সেৱাকে (TAS) ধৰি ভালেমান বিশ্ববিদ্যালয়ৰ অধিসদস্যপদ গ্ৰহণ কৰিছে।[3]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকটেছি থমাছ বিবাহপাশত আৱদ্ধ হৈছিল ভাৰতীয় নৌসেনাৰ কমাণ্ডাৰ সৰোজ কুমাৰৰ সৈতে। তেওঁলোকৰ টেজাছ নামে এজন পুত্ৰ সন্তানৰ পিতৃ-মাতৃ।[13]
বঁটা
সম্পাদনা কৰকমিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে টেছি থমাছক লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে।[14][15]
প্ৰকাশন
সম্পাদনা কৰক- থমাছ, টেছি (২০০৫-০৭-০১). "Guidance Scheme for Solid Propelled Vehicle during Atmospheric Phase" (ইংৰাজী ভাষাত). ডিফেন্স ছায়েন্স জাৰ্ণেল খণ্ড ৫৫ (৩): ২৫৩–২৬৪. doi:10.14429/dsj.55.1987. Archived from the original on 2018-01-22. https://web.archive.org/web/20180122071824/http://publications.drdo.gov.in/ojs/index.php/dsj/article/view/1987। আহৰণ কৰা হৈছে: 2019-02-11.
- সুধাকৰ, আৰ.; ভেংকান্না, এম.; ৰাও, বি. ভি. পাপা; থমাছ, টেছি (২০১৭). "Prediction of Real Gas and Non-Equilibrium Effects in the Gas Dynamics of Canister Launch Missile". 30th International Symposium on Ballistics. http://www.dpi-proceedings.com/index.php/ballistics30/article/view/16878.
- "Online Trajectory Reshaping for a Launch Vehicle to Minimize the Final Error Caused by Navigation and Guidance - ProQuest" (ইংৰাজী ভাষাত). search.proquest.com. https://search.proquest.com/openview/b7b53e7a1b3952bc5b6e2f890a907c63/1?pq-origsite=gscholar&cbl=2028808। আহৰণ কৰা হৈছে: 2018-01-21.
- "Quality Assessment of High Strength Metallic Rocket Motor Casings - A Non Destructive Testing Approach". 2015 International Journal of Engineering Development and Research খণ্ড ৩ (৪). Archived from the original on 2020-12-05. https://web.archive.org/web/20201205091800/https://www.ijedr.org/papers/IJEDR1504189.pdf। আহৰণ কৰা হৈছে: 2019-02-11.
- ঘোগালে, শ্ৰীকান্ত; ভেংকান্না, এম.; ৰাও, বি. ভি. পাপা; থমাছ, টেছি (২০১৭). "Developmental Challenges during Realization of High Progressivity Rocket Motor". 30th International Symposium on Ballistics. http://dpi-proceedings.com/index.php/ballistics30/article/view/16860.
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 M Somasekhar (29 May 2018). "Tessy Thomas elevated as D-G Aero of DRDO" (en ভাষাত). The Hindu Business Line. https://www.thehindubusinessline.com/news/science/tessy-thomas-elevated-as-d-g-aero-of-drdo/article24022280.ece.
- ↑ Profile of Dr.Tessy Thomas
- ↑ 3.0 3.1 3.2 3.3 3.4 "‘We watched breathlessly, praying for inner strength as the missile took off’". The Telegraph. https://www.telegraphindia.com/1120429/jsp/7days/story_15431535.jsp.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 DD News (2016-10-09), Tejasvini: Interaction with Tessy Thomas, The Missile Women of India, https://www.youtube.com/watch?v=6l9tM3G2AGs, আহৰণ কৰা হৈছে: 2018-01-20
- ↑ 5.0 5.1 Atul Vidyalaya (2016-01-04), Atul Vidyalaya - Speech - Agni Putri - Dr.Tessy Thomas, Missile Woman of India - 2015, https://www.youtube.com/watch?v=SQ7jsY2N-i8, আহৰণ কৰা হৈছে: 2018-01-20
- ↑ Bagla, Pallav. "The 'missile woman' behind India's new ICBM". BBC Online. https://www.bbc.co.uk/news/world-asia-india-17781281। আহৰণ কৰা হৈছে: 21 April 2012.
- ↑ INDIA SCIENCE NEWS ISN (2013-02-09), Tessy Thomas.mp4, https://www.youtube.com/watch?v=vdvpvV13o9M, আহৰণ কৰা হৈছে: 2018-01-20
- ↑ 8.0 8.1 "Tessy Thomas – The First Indian Woman Scientist to Head a Missile Project in India" (English ভাষাত). Be An Inspirer. 2016-12-22. Archived from the original on 2019-03-30. https://web.archive.org/web/20190330212711/https://www.beaninspirer.com/tessy-thomas-first-indian-woman-scientist-head-missile-project-india/.
- ↑ "Dr. Tessy Thomas" (English ভাষাত). http://www.indianfrontliners.com/article/24184-dr-tessy-thomas/35-frontline-articles.
- ↑ "In Love With Rocket Science: The Story of Tessy Thomas, India's Missile Woman" (English ভাষাত). The Better India. 2017-11-30. https://www.thebetterindia.com/122711/missile-woman-agniputri-tessy-thomas-drdo-kerala-india/.
- ↑ Smt. Tessy Thomas is first woman scientist to head missile project Archived 22 April 2012 at the Wayback Machine.
- ↑ "'Agni Putri' Tessy Thomas breaks glass ceiling". Archived from the original on 2012-04-19. https://web.archive.org/web/20120419134057/http://articles.timesofindia.indiatimes.com/2011-11-17/india/30409431_1_wheelers-island-agni-programme-agni-missiles। আহৰণ কৰা হৈছে: 2019-02-11.
- ↑ "Meet India's "Missile Woman".". IWSA Newsletter খণ্ড 34 (3). September 2008. Archived from the original on 17 September 2013. https://web.archive.org/web/20130917090903/http://www.iwsa.net/BullJan09final.pdf। আহৰণ কৰা হৈছে: 19 April 2012.
- ↑ "Scientist honoured for work on Agni missile tech". http://www.moneycontrol.com/news/features/scientist-honoured-for-workagni-missile-tech_764008.html। আহৰণ কৰা হৈছে: 2 October 2012.
- ↑ "‘Missile woman’ Tessy Thomas conferred Shastri award". October 2, 2012. http://www.firstpost.com/fwire/missile-woman-tessy-thomas-conferred-shastri-award-476024.html। আহৰণ কৰা হৈছে: 2 October 2012.