ট্ৰাঞ্চলেটৰছ আছাম অসমীয়া অনুবাদ সাহিত্য সম্পৰ্কীয় এটা ৱেব প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অনুবাদ সাহিত্যক ইণ্টাৰনেটৰ পৃথিৱীখনলৈ লৈ যোৱা। প্ৰকল্পটোৰ প্ৰতিষ্ঠা ২০২০ চনৰ মে' মাহৰ ২২ তাৰিখ।

লক্ষ্য আৰু উদ্দেশ্য সম্পাদনা কৰক

  1. অসমীয়া ভাষালৈ বিশ্বৰ বিভিন্ন ভাষাৰ ধ্ৰুপদী আৰু সমসাময়িক সাহিত্যৰ অনুবাদ কৰা।
  2. অসমীয়া ভাষাৰ কালজয়ী সাহিত্যসমূহক ইংৰাজী ভাষালৈ অনুবাদ কৰা।
  3. নতুন অনুবাদকক অনুবাদ কাৰ্যৰ বাবে উত্‍সাহ প্ৰদান কৰা।
  4. নতুন আৰু পুৰণি অনুবাদকৰ মাজত এক সমন্বয় সাধন কৰা।[1]

সম্পাদনা মণ্ডলী সম্পাদনা কৰক

সম্পাদকঃ নিকু দুৱৰা আৰু কোকিল শইকীয়া।

সদস্যঃ অৰুণাভ দেবেন্দ্ৰনাথ কোঁৱৰ, অৱণী বুঢ়াগোহাঁই,জ্যোতিস্মিতা শইকীয়া আৰু অপৰাজিতা গগৈ।[2]

মুখ্য শিতানসমূহ সম্পাদনা কৰক

ৱেব প্ৰকল্পটোত ঘাইকৈ দুটা মুখ্য শিতান আছে, 'অসমীয়ালৈ' আৰু 'To English'। অসমীয়ালৈ কৰা অনুবাদসমূৰ শিতানসমূহ হৈছেঃ গল্প, কবিতা, প্ৰবন্ধ, ঐতিহাসিক চিঠি-পত্ৰ, ঐতিহাসিক বক্তৃতা, ঐতিহাসিক নথি-পত্ৰ, সাক্ষ্যাতকাৰ, লোকসাহিত্য, অনুবাদৰ তাত্বিক কথাসমূহ আৰু অনুবাদকৰ আড্ডা। সেইদৰে To Englishৰ শিতানসমূহ হৈছে কবিতা, কাহিনী, প্ৰবন্ধ, ভাষণ, সাক্ষাৎকাৰ, আৰু লোক-সংস্কৃতি। প্ৰতিটো শিতানেই নিয়মীয়া।

তথ্যসূত্ৰ সম্পাদনা কৰক