ট্ৰানজিষ্টৰ

কঠিন অৱস্থাৰ বৈদ্যুতিক সংকেত সলোৱা আৰু এম্প্লিফায়াৰ হিচাপে ব্যৱহাৰ কৰা আহিলা

ট্ৰানজিষ্টৰ হ'ল এবিধ অৰ্ধপৰিবাহী আহিলা। ইয়াক বৈদ্যুতিক সংকেত আৰু ক্ষমতা , এম্প্লিফাই কৰা আৰু সালসলনি কৰাত ব্যৱহাৰ কৰা হয়। অতিকমেও তিনিটা প্ৰান্তিক্(terminal) থকা এই আহিলাৰ মুখ্য উপাদান হ'ল অৰ্ধপৰিবাহী পদাৰ্থ। কোনো এয়োৰ টাৰ্মিনেলত প্ৰয়োগ কৰা বৈদ্যুতিক বিভৱ বা সোঁতৰ সালসলনি অনুসৰি আন এযোৰ টাৰ্মিনেলৰ বৈদ্যুতিক বিভৱ বা সোঁত সলনি হয়। বৰ্তমান ট্ৰানজিষ্টৰ এককভাবে অথবা সংযুক্ত বৰ্তনীত পোৱা যায়।

কেইটামান ট্ৰানজিষ্টৰ। ওপৰৰ পৰা তললৈ TO-3, TO-126, TO-92, SOT-23

ট্ৰানজিষ্টৰ ইলেক্ট্ৰনিক আহিলাপাতিৰ মৌলিক কাৰ্য্যকৰি অংশ। আজি ট্ৰানজিষ্টৰ অবিহনে আধুনিক ইলেক্ট্ৰ্নিক্স কল্পনাই কৰিব নোৱাৰি। ৫০ৰ দশকত উদ্ভাবিত ট্ৰানজিষ্টৰ ৰেডিঅ' ,কম্পিউটাৰ ,কেলকুলেটৰ আদি নানান আহিলাত ব্যৱহাৰ হয়।

ট্ৰানজিষ্টৰৰ ইতিহাস

সম্পাদনা কৰক

ট্ৰানজিষ্টৰ আৱিষ্কাৰৰ পূৰ্বে তাপিয় ট্ৰায়ড্,(এক প্ৰকাৰৰ বায়ুশূন্য নলী) ৰেডিঅ', দুৰভাষ আদিত ব্যৱহাৰ কৰা হৈছিল। পিছে ই যথেষ্ট শক্তি খৰচ কৰাৰ লগতে সহজে গৰমো হৈছিল। ১৯২৫ চনত পদাৰ্থবিজ্ঞানী জুলিয়াছ এডগাৰ লিলিয়েনফেল্ডে ফিল্ড ইফেক্ট ট্ৰানজিষ্টৰ আৱিষ্কাৰ কৰে।[1] কিন্তু তেওঁ ইয়াৰ বিষয়ে কোনো গবেষণামুলক বা কাৰ্য্যপ্ৰণালী সম্পৰ্কীয় কোনো লেখা প্ৰকাশ কৰা নাছিল। আৰু সেইসময়ত উচ্চমানদণ্ডৰ অৰ্ধপৰিবাহীৰ উত্পাদন সহজ নাছিল। সেয়ে ই ট্ৰায়ডক অপসাৰিত কাৰিব নোৱৰিলে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Vardalas, John. "ফিল্ড ইফেক্ট ট্ৰানজিষ্টৰ". todaysengineer.org. Archived from the original on January 8, 2015. https://web.archive.org/web/20150108082709/http://www.todaysengineer.org/2003/May/history.asp। আহৰণ কৰা হৈছে: December 24, 2011.