ট্ৰান্সমেস্কুলাইন হৰম’ন থেৰাপী

ট্ৰান্সমেস্কুলাইন হৰম’ন থেৰাপী বা মহিলাৰ পৰা পুৰুষলৈ (বা এফটিএম) হৰম’ন থেৰাপী বুলিও কোৱা হয়, মেস্কুলিনাইজিং হৰম’ন থেৰাপী হৈছে হৰম’ন থেৰাপী আৰু লিংগ দৃঢ়কৰণ থেৰাপীৰ এক প্ৰকাৰ যিটো তৃতীয়লিংগৰ গৌণ যৌন বৈশিষ্ট্যক নাৰী বা এণ্ড্ৰজিনাছৰ পৰা পুৰুষলৈ সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়।[2][3][4] ই এক সাধাৰণ ধৰণৰ ৰূপান্তৰিত হৰম’ন থেৰাপী (আন এটা হ’ল ফেমিনাইজিং হৰম’ন থেৰাপী), আৰু ইয়াক প্ৰধানকৈ ৰূপান্তৰিত পুৰুষ আৰু অন্যান্য ৰূপান্তৰিত লিংগৰ ব্যক্তিৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কিছুমান আন্তঃলিংগ লোকেও, হয় শৈশৱৰ পৰা আৰম্ভ কৰি নিৰ্ধাৰিত লিংগ নিশ্চিত কৰিবলৈ নতুবা নিজৰ জন্মগত লিংগক অস্বীকাৰ কৰি এই ধৰণৰ চিকিৎসা গ্ৰহণ কৰে।

টেষ্টষ্টেৰন চাইপিঅনেট, পুৰুষত্বৰ হৰম’ন চিকিৎসাত ব্যৱহৃত ঔষধ।[1]

এই ধৰণৰ চিকিৎসাৰ উদ্দেশ্য হ’ল আকাংক্ষিত লিংগৰ গৌণ লিংগ বৈশিষ্ট্য যেনে মাত গভীৰ হোৱা আৰু চুলি, চৰ্বি, পেশীৰ বিতৰণৰ পুৰুষসুলভ আৰ্হিৰ বিকাশ ঘটোৱা। ই প্ৰাকৃতিকভাৱে হোৱা যৌৱনকালৰ ফলত সৃষ্টি হোৱা বহু পৰিৱৰ্তন ঘূৰাই আনিব নোৱাৰে, যিবোৰ উলটিবলৈ অস্ত্ৰোপচাৰ আৰু অন্যান্য চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে। এফটিএম চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধসমূহৰ ভিতৰত মূলতঃ এণ্ড্ৰজেন (যেনে টেষ্টষ্টেৰন) আৰু জিএনআৰএইচ এনালগ আদি অন্তৰ্ভুক্ত।

থেৰাপীয়ে ব্যক্তিৰ প্ৰথম যৌৱনকালৰ প্ৰভাৱক বাতিল কৰিব নোৱাৰিলেও, বেলেগ লিংগৰ সৈতে জড়িত গৌণ লিংগ বৈশিষ্ট্য বিকশিত কৰিলে লিংগ ডিছফ'ৰিয়াৰ সৈতে জড়িত কিছুমান বা সকলো দুখ আৰু অস্বস্তিৰ পৰা উপশম পাব পাৰি, আৰু ব্যক্তিজনক আগুৱাই যোৱাত বা তেওঁৰ আকাংক্ষিত লিংগৰ স্বৰূপত দেখা পোৱাত সহায় কৰিব পাৰে। শৰীৰত বহিৰ্জাতীয় হৰম’ন প্ৰৱৰ্তন কৰিলে প্ৰতিটো স্তৰতে ইয়াৰ প্ৰভাৱ পৰে আৰু বহু ৰোগীয়ে শক্তিৰ মাত্ৰা, মেজাজ, ভোক আদিৰ পৰিৱৰ্তন হোৱাৰ কথা জনায়। চিকিৎসাৰ লক্ষ্য হৈছে, প্ৰকৃততে সকলো দেহগত চিকিৎসাই ৰোগীক অধিক সন্তুষ্টিদায়ক শৰীৰ প্ৰদান কৰা তেওঁলোকৰ লিংগ পৰিচয়ৰ সৈতে সামঞ্জস্যপূৰ্ণতা প্ৰদান কৰা

পুৰুষতান্ত্ৰিক হৰম'ন চিকিৎসাই লিংগ ডিছফ'ৰিয়াৰ সৈতে জড়িত দুখ আৰু অস্বস্তি হ্ৰাস কৰাৰ সম্ভাৱনা দেখা গৈছে।[5]

চিকিৎসা ব্যৱহাৰ সম্পাদনা কৰক

ৰূপান্তৰিত লিংগৰ পুৰুষ আৰু জেণ্ডাৰকুইয়াৰ ব্যক্তিৰ পুৰুষত্ব আৰু/বা নাৰীসুলভতা নোহোৱা কৰা।
আন্তঃলিংগ লোকৰ পুৰুষত্ব আৰু/বা নাৰীসুলভতা নোহোৱা কৰা।

ক্ষতি সম্পাদনা কৰক

এণ্ড্ৰজেন চিকিৎসাৰ কেইবাটাও স্বাস্থ্য বিৰোধি প্ৰতিক্ৰিয়া আছে।[6] এই চিকিৎসাৰ এক নিৰপেক্ষ প্ৰভাৱ পৰে গৰ্ভাৱস্থাত।

আপেক্ষিক চিকিৎসাৰ প্ৰতিক্ৰিয়া সমূহ হ'ল:

  • এণ্ড্ৰজেন সংবেদনশীল মৃগীৰোগ
  • মাইগ্ৰেইন
  • টোপনিৰ এপনিয়া
  • পলিচাইথেমিয়া (ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি)
  • হৃদযন্ত্ৰৰ বিকলতা, বৃক্ক বিকলতা, বা ছডিয়াম ধৰি ৰখা আৰু তৰল পদাৰ্থৰ অতিৰিক্ত বোজাৰ প্ৰতি সহজলভ্য গুৰুতৰ উচ্চ ৰক্তচাপ
  • উল্লেখযোগ্য যকৃতৰ ৰোগ
  • ক’ৰ’নাৰী ধমনী ৰোগ বা এই অৱস্থাৰ বাবে বিপদজনক কাৰক
  • জৰায়ুৰ কৰ্কট ৰোগ
  • ৰক্তক্ষৰণৰ বিকাৰ (বেজী দিয়া টেষ্টষ্টেৰনৰ বাবে)
  • হিংসাত্মক আচৰণৰ
  • স্তন কেন্সাৰৰ সম্ভাৱনা (টেষ্টষ্টেৰনে বেছিভাগ স্তন কেন্সাৰতে এণ্টিপ্ৰলিফেৰেটিভ প্ৰভাৱ পেলায় যদিও সকলো স্তন কেন্সাৰতে নহয়)
  • ব্ৰণ (মৃদুৰ পৰা গুৰুতৰ)

নিৰাপত্তা সম্পাদনা কৰক

শেহতীয়াকৈ কৰা দুটা গৱেষণাই হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধিৰ সম্ভাৱনাৰ কথা সূচায়। নোটা, ইটি এল (২০১৯)এ বিচাৰি উলিয়াইছে যে টেষ্টষ্টেৰন গ্ৰহণ কৰা ৰূপান্তৰকামি পুৰুষৰ চিছজেণ্ডাৰ মহিলাৰ তুলনাত হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, প্ৰতি এক লাখ ব্যক্তি-বছৰত ১১ বনাম ৩টা হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, যদিও এই আশংকা চিছজেণ্ডাৰ পুৰুষতকৈ কম। এইক্ষেত্ৰত গৱেষকসকলে ধূমপানৰ অৱস্থা বা মানসিক চাপৰ প্ৰভাৱ সম্পৰ্কত কোনো মত প্ৰকাশ কৰা নাই।[7] শেহতীয়াকৈ কৰা আন এটা অধ্যয়নত (Alzahrani, 2019) স্ব-চিনাক্ত ৰূপান্তৰিত লিংগৰ পুৰুষৰ মাজত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছে—যিটো বয়স, ডায়েবেটিছ মেলিটাছ, দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ, ধূমপান, উচ্চ ৰক্তচাপ, হাইপাৰকলেষ্টেৰলেমিয়া, আৰু ব্যায়ামৰ লগত খাপ খুৱাই লোৱাৰ পিছতো স্থায়ী হৈ থাকে। অধ্যয়নটোত দেখা গৈছে যে ৰূপান্তৰিত লিংগৰ পুৰুষৰ মায়োকাৰ্ডিয়াল ইনফাৰ্কচন হোৱাৰ সম্ভাৱনা ক্ৰমে চিছজেণ্ডাৰ মহিলা আৰু চিছজেণ্ডাৰ পুৰুষৰ তুলনাত >৪গুণ আৰু ২গুণ বৃদ্ধি পায়।[8] অৱশ্যে সেয়া সদায় নহয়,[9][10] ট্ৰেন্সমেস্কুলাইন লোকৰ বাবে টেষ্টষ্টেৰন প্ৰায়ে দীৰ্ঘম্যাদী ব্যৱহাৰৰ উদ্দেশ্যেৰে কৰা হয়। অপৰ্যাপ্ত বিস্তৃত গৱেষণাৰ বাবে দীৰ্ঘদিন ধৰি টেষ্টষ্টেৰন প্ৰয়োগৰ সম্পূৰ্ণ পৰিসৰৰ বিপদৰ ওপৰত কোনো একমত হোৱা নাই।

কিছুমান ৰূপান্তৰিত লিংগৰ পুৰুষে ডিআইৱাই চিকিৎসা কৰিব পাৰে আৰু টেষ্টষ্টেৰন স্বয়ংক্ৰিয়ভাৱে প্ৰয়োগ কৰিব পাৰে; কিন্তু সঠিক প্ৰশিক্ষণ অবিহনে ইয়াৰ ফলত ঘাঁ, বিৰক্তি, আৰু বেজী ভাঙি যোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰশিক্ষণ বা প্ৰেছক্ৰিপচন অবিহনে ট্ৰেন্সমেস্কুলাইন লোকৰ বাবে টেষ্টষ্টেৰন স্ব-প্ৰশাসন কৰাটো অসুৰক্ষিত বুলি গণ্য কৰা হয় আৰু ৰাজহুৱা বা ব্যক্তিগত স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে ইয়াক পৰামৰ্শ দিয়া নহয়। ই অবৈধও হ'ব পাৰে।[11]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Overview of masculinizing hormone therapy | Gender Affirming Health Program". transcare.ucsf.edu. https://transcare.ucsf.edu/guidelines/masculinizing-therapy। আহৰণ কৰা হৈছে: 2022-10-04. 
  2. "Overview of masculinizing hormone therapy | Gender Affirming Health Program". transcare.ucsf.edu. https://transcare.ucsf.edu/guidelines/masculinizing-therapy। আহৰণ কৰা হৈছে: 2022-09-27. 
  3. Unger, Cécile A. (December 2016). "Hormone therapy for transgender patients". Translational Andrology and Urology খণ্ড 5 (6): 877–884. doi:10.21037/tau.2016.09.04. ISSN 2223-4691. PMID 28078219. 
  4. "Masculinizing hormone therapy - Mayo Clinic". www.mayoclinic.org. https://www.mayoclinic.org/tests-procedures/masculinizing-hormone-therapy/about/pac-20385099। আহৰণ কৰা হৈছে: 2022-09-27. 
  5. van Leerdam, Taylah R.; Zajac, Jeffrey D.; Cheung, Ada S. (2021-09-06). "The Effect of Gender-Affirming Hormones on Gender Dysphoria, Quality of Life, and Psychological Functioning in Transgender Individuals: A Systematic Review". Transgender Health. doi:10.1089/trgh.2020.0094. ISSN 2688-4887. https://www.liebertpub.com/doi/10.1089/trgh.2020.0094. 
  6. Hembree, Wylie C.; Cohen-Kettenis, Peggy; Delemarre-van de Waal, Henriette A.; Gooren, Louis J.; Meyer, Walter J.; Spack, Norman P.; Tangpricha, Vin; Montori, Victor M. et al. (1 September 2009). "Endocrine Treatment of Transsexual Persons:An Endocrine Society Clinical Practice Guideline". The Journal of Clinical Endocrinology & Metabolism খণ্ড 94 (9): 3132–3154. doi:10.1210/jc.2009-0345. PMID 19509099. 
  7. Nota, N. M.; Wiepjes, C. M.; de Blok CJM; Gooren LJG; Kreukels BPC; Den Heijer, M. (2019). "Nota NM, Wiepjes CM, de Blok, C. J. M., Gooren LJG, Kreukels BPC, den Heijer M. "Occurrence of acute cardiovascular events in transgender individuals receiving hormone therapy." Circulation (2019).". Circulation খণ্ড 139 (11): 1461–1462. doi:10.1161/CIRCULATIONAHA.118.038584. PMID 30776252. 
  8. Alzahrani, T.; Nguyen, T.; Ryan, A.; Dwairy, A.; McCaffrey, J.; Yunus, R.; Forgione, J.; Krepp, J. et al. (2019). "Alzahrani T, Nguyen T, Ryan A, et al. "Cardiovascular disease risk factors and myocardial infarction in the transgender population." Circ Cardiovasc Qual Outcomes (2019).". Circ Cardiovasc Qual Outcomes খণ্ড 12 (4): e005597. doi:10.1161/CIRCOUTCOMES.119.005597. PMID 30950651. 
  9. Unger, Cécile A. (5 December 2016). "Hormone therapy for transgender patients". Translational Andrology and Urology খণ্ড 5 (6): 880. doi:10.21037/tau.2016.09.04. ISSN 2223-4691. PMID 28078219. 
  10. Cocchetti, Carlotta; Ristori, Jiska; Romani, Alessia; Maggi, Mario; Fisher, Alessandra Daphne (2020-05-26). "Hormonal Treatment Strategies Tailored to Non-Binary Transgender Individuals". Journal of Clinical Medicine খণ্ড 9 (6): 1609. doi:10.3390/jcm9061609. ISSN 2077-0383. PMID 32466485. 
  11. Testosterone Injection FTM: The Risks and Safely, প্ৰকাশক GenderGP Transgender Services, October 13, 2021, https://www.gendergp.com/testosterone-injection-ftm/