ট্ৰেন্সনিষ্ট্ৰিয়াৰ নাৰী
ট্ৰেন্সনিষ্ট্ৰিয়াৰ মহিলাসকল (ইংৰাজী: Women in Transnistria) হৈছে ট্ৰেন্সনিষ্ট্ৰিয়াত বাস কৰা বা তাৰ পৰা অহা মহিলা (ট্ৰেন্সনিষ্ট্ৰিয়া বুলিও বানানটো লিখা হ'ব পাৰে; আৰু ইয়াক প্ৰিডনেষ্ট্ৰ'ভিয়ান মল্ডাভিয়ান ৰিপাব্লিক বুলিও কোৱা হয়, আৰু সংক্ষিপ্তভাৱে কোৱা হয় পিএমআৰ)।
জনসংখ্যা
সম্পাদনা কৰক২০০৪ চনত কৰা লোকপিয়লৰ ভিত্তিত জানিব পৰা গৈছে যে ৫৫৫,০০০ লোকৰ ভিতৰত ৫৪% সদস্য মহিলাৰে গঠিত৷ ইয়াৰে ২১% মহিলাৰ বয়স ৬০ বছৰতকৈ ঊৰ্দ্ধত।[1]
কৰ্মসংস্থান
সম্পাদনা কৰক২০০৪ চনত কৰা লোকপিয়লৰ ভিত্তিত ৩৭% মহিলাই কৰ্মসংস্থাপন লাভ কৰিছে৷ আনহাতে ১৯% মহিলা আছিল নিবনুৱা। অৱসৰপ্ৰাপ্ত মহিলাৰ সংখ্যা ৩৫%।[1]
শিক্ষা
সম্পাদনা কৰক২০০৪ চনৰ লোকপিয়ল অনুসৰি ট্ৰেন্সনিষ্ট্ৰিয়াৰ জনসংখ্যাৰ ৫০.১% "পেছাদাৰী আৰু উচ্চ শিক্ষা" ক্ষেত্ৰৰ ছাত্ৰ আছিল। ১৫.৯% মহিলাই উচ্চ শিক্ষা লাভ কৰিছে যদিও কিছুমানে হয়তো শিক্ষানুষ্ঠানত উচ্চ শিক্ষা সম্পূৰ্ণ কৰা নাই। ৩১.৫% মহিলাই পেছাদাৰী পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। ৩১.৭% মহিলাই মাধ্যমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। ইয়াৰে ৮.৪ গৰাকীয়ে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল।[1]
ৰাজনীতিত নাৰী
সম্পাদনা কৰকযদিও ট্ৰেন্সনিষ্ট্ৰিয়া এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সীমিত স্বীকৃতি পোৱা দেশ, আৰু যদিও ফ্ৰিডম ইন দ্য ৱৰ্ল্ড ২০১২ চনত বৰ্ণনা কৰিছিল যে "[w]omen are underrepresented in most positions of authority", বৰ্তমানৰ ট্ৰেন্সনিষ্ট্ৰিয়ান চৰকাৰত ৮ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ অন্তৰ্ভুক্ত। ট্ৰেন্সনিষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী (টাটিয়ানা টুৰান্সকায়া) আৰু ৪ জনৰ ভিতৰত ৩ গৰাকী উপ-প্ৰধানমন্ত্ৰীয়ে মহিলা (নাটালিয়া নিকিফ’ৰ’ভা, নীনা ষ্টানস্কি আৰু মাইজা পাৰ্নাছ)। ট্ৰেন্সনিষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি প্ৰশাসনত মহিলাক ব্যাপকভাৱে উপস্থাপন কৰা হয়৷ উদাহৰণ দিবলৈ গ'লে প্ৰশাসনৰ মুৰব্বী (নাডেজ্ডা বাৰানোভা)[2] আৰু ৫ জন ৰাষ্ট্ৰপতিৰ উপদেষ্টা (আলয়না ক্লাইউছ, নাডেজ্ডা জাবলটস্কায়া, নাটালিয়া গাৰ্বাৰ, আন্না ইয়ানচুক আৰু গালিনা ছাণ্ডুছা)[3] ৰ কথা ক'ব পাৰি।
ট্ৰেন্সনিষ্ট্ৰিয়াৰ চহৰ আৰু জিলা (ৰিয়ান)ৰ ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হিচাপে মহিলাসকলৰ মাজত কিছু পৰিমাণে কম প্ৰতিনিধিত্ব প্ৰত্যক্ষ কৰা হয় ৷কেৱল ৰাইবনিছা জিলাৰ নেতৃত্বত এগৰাকী মহিলা থাকে৷ কিন্তু ৰাজ্য প্ৰশাসনৰ উপ-মূৰব্বীৰ পদত ব্যাপকভাৱে উপস্থাপন কৰা হয়। বৰ্তমান টিৰাছপল প্ৰশাসনত ৫ গৰাকীৰ ভিতৰত ২ গৰাকী[4]ডেপুটি, বেণ্ডেৰী প্ৰশাসনত ২ গৰাকীৰ ভিতৰত ২ গৰাকী[5], ৰিবনিছা প্ৰশাসনত ৩ গৰাকীৰ ভিতৰত ২ গৰাকী[6], ডুবাছাৰী প্ৰশাসনত ৩ গৰাকীৰ ভিতৰত ২ গৰাকী[7] গৰাকী, ৩ গৰাকীৰ ভিতৰত ২ গৰাকী[8]
মানৱ সৰবৰাহ
সম্পাদনা কৰকনাবালককে ধৰি ট্ৰেন্সনিষ্ট্ৰিয়াৰ কিছুমান মহিলা ঘৰুৱা হিংসা, মানৱ সৰবৰাহ আৰু বেশ্যাবৃত্তিৰ বলি হৈছে,[9] যিবোৰ দেশৰ তিনিটা প্ৰধান সমস্যা। বেছিভাগ সময়তে সৰবৰাহ কৰা ট্ৰেন্সনিষ্ট্ৰিয়ান মহিলা আৰু ছোৱালীক তুৰস্ক আৰু সংযুক্ত আৰব আমিৰশ্বাহীলৈ অনা হয়।[10]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Women's vulnerability to HIV/AIDS in Transnistria Sociological Research Report 2011 Archived 2016-01-26 at the Wayback Machine (with link to English and Russian versions)
- ↑ "Official biography of the Head of Presidential Administration of the Pridnestrovian Moldavian Republic". president.gospmr.org. http://president.gospmr.ru/ru/news/rukovoditel-administracii-prezidenta-pmr.
- ↑ Advisors of the President of the Pridnestrovian Moldavian Republic
- ↑ "Official site of the State Administration of the Tiraspol City and of the Dnestrovsk City of the Pridnestrovian Moldavian Republic". Archived from the original on 2012-11-24. https://web.archive.org/web/20121124063621/http://www.tirasadmin.org/p0164.htm। আহৰণ কৰা হৈছে: 2023-04-04.
- ↑ "Official site of the State Administration of the Bendery City of the Pridnestrovian Moldavian Republic". Archived from the original on 2012-06-06. https://web.archive.org/web/20120606234548/http://bendery.pmr-gov.org/rukadm.html। আহৰণ কৰা হৈছে: 2023-04-04.
- ↑ "Official site of the State Administration of the Rybnitsa raion and the Rybnitsa City of the Pridnestrovian Moldavian Republic". Archived from the original on 2015-09-05. https://web.archive.org/web/20150905072152/http://rybnitsa.org/content/%D0%B0%D0%BF%D0%BF%D0%B0%D1%80%D0%B0%D1%82-%D1%83%D0%BF%D1%80%D0%B0%D0%B2%D0%BB%D0%B5%D0%BD%D0%B8%D1%8F। আহৰণ কৰা হৈছে: 2023-04-04.
- ↑ "Official site of the State Administration of the Dubossary raion and the Dubossary City of the Pridnestrovian Moldavian Republic". www.dubossary.ru. http://www.dubossary.ru/page.php?3.
- ↑ "Official site of the State Administration of the Grigoriopol raion and the Grigoriopol City of the Pridnestrovian Moldavian Republic". grig-admin.ucoz.org. http://grig-admin.ucoz.org/index/pogreban_n_m/0-27.
- ↑ Transnistria, Freedom in the World 2012, freedomhouse.org
- ↑ Trafficking in Persons Archived 2017-08-11 at the Wayback Machine, A HUMAN SECURITY PERSPECTIVE ON TRANSNISTRIA REASSESSING THE SITUATION WITHIN THE “BLACK HOLE OF EUROPE”, Revue de la Sécurité Humaine/ Human Security Journal – Issue 3 – February 2007, pp. 18-19.