ঠেকুৱা (নেপালী: ठेकुआ; ঠোকোৱা বা ঠেকাৰিছ), যাক 'খাজুৰিয়া' বা 'থিকৰী' বুলিও কোৱা হয়,[1] ভাৰতীয় উপমহাদেশৰ একপ্ৰকাৰৰ শুকান মিঠাই। বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালৰ তেৰাই অঞ্চলত ই অতি জনপ্ৰিয়।[2]

ঠেকুৱা
অন্য নাম 'খাজুৰিয়া' বা 'থিকৰী'
প্ৰকাৰ পিঠা, বিস্কুট
প্ৰকাৰ মিঠাই
উৎপত্তিৰ স্থান ভাৰত আৰু নেপাল
অঞ্চল ভাৰত (উত্তৰ প্ৰদেশ, বিহাৰ), নেপাল (মধেশ, লুম্বিনী)
মুখ্য উপাদান ঘেঁহুৰ আটা, চুজি, গলাই লোৱা চেনি বা গুড়, ৰুকি লোৱা নাৰিকল, শুকান ফলৰ সৰু টুকুৰা, গাখীৰ আৰু ঘিঁউ।

ঠেকুৱা হৈছে ছট পূজাৰ সময়ত উপাস্য দেৱতালৈ উৎসৰ্গ কৰা এক প্ৰসাদ।[3][4][5] এই ঠাইৰ লোকসকলে যুগ যুগ ধৰি ইয়াক মিঠা জলপান হিচাপে ব্যৱহাৰ কৰি আহিছে।[6][7]

প্ৰস্তুতকৰণৰ বিধি সম্পাদনা কৰক

ঠেকুৱা বনাবলৈ ব্যৱহাৰ হোৱা প্ৰধান উপাদানসমূহ হ’ল ঘেঁহুৰ আটা, চুজি, গলাই লোৱা চেনি, ৰুকি লোৱা নাৰিকল, শুকান ফলৰ সৰু টুকুৰা, গাখীৰ আৰু ঘিঁউ। চেনিৰ বিকল্প হিচাপে কেতিয়াবা গুড় ব্যৱহাৰ কৰিব পাৰি।[6] এই উপাদান সমূহ ব্যৱহাৰ কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰি ইলাচি মিহলাই সোৱাদ বৃদ্ধি কৰিব পাৰি। মিশ্ৰণখিনিৰ পৰা ফুল, পাত আদি আৰ্হিৰ পিঠা বনাই ঘিঁউ বা শস্যজাত তেলত ৰঙা বাদামী ৰং হোৱালৈকে গাঢ়কৈ ভাজিব লাগে। গৰম হ’লে ই কোমল হয় যদিও ঠাণ্ডা হোৱাৰ পিছত কঠিন হৈ পৰে। পিঠাৰ আকাৰ দিবলৈ বহুতে সাঁ‌চ ব্যৱহাৰ কৰে। ইয়াত কোনো ধৰণৰ সংৰক্ষক দ্ৰব্যৰ প্ৰয়োজন নহয, খাবৰ বাবে কেইবাদিনলৈয়ো সংৰক্ষণ কৰিব পাৰি।

নথিভুক্ত সম্পাদনা কৰক

লিমকা বুক অৱ ৰেকৰ্ডছৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিহাৰৰ দৰভংগাৰ ১৬ জনীয়া এটা দলে ২০১৯ চনত ৯১ কেজি ওজনৰ ঠেকুৱা প্ৰস্তুত কৰিছিল।[8]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sharma, Gunjan (2 November 2019). "Thekua: The blessing Of Chhath Maiya" (en ভাষাত). G Plus. https://www.guwahatiplus.com/article-detail/thekua-the-blessing-of-chhath-maiya। আহৰণ কৰা হৈছে: 2019-11-15. 
  2. Bureau, The Week. "Snack time delights" (en ভাষাত). My Republica. http://myrepublica.nagariknetwork.com/news/72826/। আহৰণ কৰা হৈছে: 2021-10-10. 
  3. "Sun god to smile on devotees, scientists say" (en ভাষাত). Telegraph India. 30 October 2019. https://www.telegraphindia.com/states/jharkhand/sun-god-to-smile-on-devotees-scientists-say/cid/1715684। আহৰণ কৰা হৈছে: 2019-11-15. 
  4. "All you need to know about Thekua and how you can make it at home" (en ভাষাত). The Times of India. 2019-11-02. https://timesofindia.indiatimes.com/life-style/food-news/all-you-need-to-know-about-thekua-and-how-you-can-make-it-at-home/photostory/71854374.cms। আহৰণ কৰা হৈছে: 2019-11-15. 
  5. "Sun worshippers" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/opinion/2016/11/08/sun-worshippers। আহৰণ কৰা হৈছে: 2021-10-10. 
  6. 6.0 6.1 "'Rasiao-kheer', 'thekua' make for festive platter". The Times of India. 1 November 2011. Archived from the original on 11 May 2013. https://web.archive.org/web/20130511191915/http://articles.timesofindia.indiatimes.com/2011-11-01/ludhiana/30345212_1_chhath-puja-ancient-hindu-festival-sun-god। আহৰণ কৰা হৈছে: 13 March 2012. 
  7. Grover, Neha (2 November 2019). "Chhath Puja 2019: Thekua And More; 5 Traditional Recipes To Celebrate The Festival With". NDTV Food. https://food.ndtv.com/food-drinks/chhath-puja-2019-thekua-and-more-5-traditional-recipes-to-celebrate-the-festival-with-2125804। আহৰণ কৰা হৈছে: 2019-11-15. 
  8. Nov 1, Sanjiv Das. "Bihar: Makers of 91kg 'thekua' eyeing Limca book" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/patna/bihar-makers-of-91kg-thekua-eyeing-limca-book/articleshow/71845655.cms। আহৰণ কৰা হৈছে: 2019-11-15. 

বাহ্যিক সংযোগ সম্পাদনা কৰক