মৃতকক দিয়া প্ৰথা হৈছে ঠেঙ্গাল কছাৰী সমাজত পৰিয়ালবৰ্গৰ মঙ্গলাৰ্থে পালন কৰা এক পুৰণি প্ৰথা। বিহু সংক্ৰান্তিত, খেতি বাতিৰ আৰম্ভণিত আৰু সামৰণিত, বেমাৰ আজাৰ,অপায়-অমংগল ইত্যাদি হলে মৃতকক দিয়াৰ নিয়ম পালন কৰা হয়। ঠেঙ্গাল কছাৰীসকলে প্ৰত্যেক বিহুত মৃতকক স্মৰণ কৰি পৰিয়ালটিৰ মঙ্গল কামনা কৰি মৃতকক দিয়ে।[1]

নিয়ম-নীতি সম্পাদনা কৰক

তেওঁলোকে মৃতকক দিয়া অনুষ্ঠানটো ৰান্ধনী শালত কৰে। মৃতকক দিবৰ বাবে ভাত, মাছ, মাংস, মদ, জা-জলপান, তামোল-পাণ আদিৰ প্ৰয়োজন। মৃতক ব্যক্তিয়ে জীৱিত কালত খাই ভাল পোৱা বস্তুও লগত আগবঢ়োৱা হয়। এই সকলোবোৰ দ্ৰব্য কলপাতত সজাই মৃতকৰ উদ্দেশ্যে আগবঢ়াই দিয়ে। এই দ্ৰব্যসমূহ ঌখন কলপাতত সজাই মৃতকৰ বাবে আগবঢ়াই আৰু মৃতকৰ উদ্দেশ্যে এবাটি মদ আগবঢ়োৱা হয়। লগতে চাকি-শলিতাও জ্বলায়। এনেদৰে আগবঢ়োৱাৰ পিছত মৃতকক দিয়া পৰিয়ালৰ জেষ্ঠজনে সেৱা কৰি মৃতকৰ উদ্দেশ্যে কৰি কয় -

বেৰেও নেৰাখে চালেও নেৰাখে
নেৰাখে সহোদৰ ভাই
মৰা মৃতকে ৰাখিব নোৱাৰিলে
ৰাখোঁতা কোনোৱে নাই

এনেদৰে মৃতকক দিওঁতে খাদ্যসমূহ মৃতকে কোনেও নেদেখাকৈ খায়হি বুলি বিশ্বাস আছে।

মৃতকক দিয়াৰ অন্য এটা নিয়ম আছে। সেইটো হৈছে পিৰ দিয়া। সাধাৰণতে পিৰ দিওঁতে কেঁচা পিঠাগুড়ি, গুৰ, চেনি, গাখীৰ, আদি দ্ৰব্য আগবঢ়োৱা হয়। এই দ্ৰব্যসমূহ কলপাতত সজাই লৈ পুখুৰীৰ পাৰত সেৱা কৰি মৃতকলৈ সজোৱা পাত পানীত উটুৱাই দিয়া হয়।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 বৰা, নন্দ. অসমত ঠেঙ্গাল কছাৰীৰ ইতিবৃত্ত.