ডান ব্ৰিষ্ট (ইংৰাজী: Dun Briste Sea Stack) আয়াৰলেণ্ডত কাৰ্বনিফেৰাছ যুগত, ই সম্ভৱতঃ মিচিচিপিয়ান যুগত, প্ৰায় ৩৫০ মিলিয়ন বছৰ আগতে গঠিত হোৱা এক প্ৰাকৃতিকভাৱে তৈয়াৰী সাগৰীয় খুঁটি বা স্তম্ভ যাক ভূ-ৰূপবিজ্ঞানত ষ্টেক বুলি কোৱা হয়।[1]

১৩৯৩ চনত এক প্ৰচণ্ড ডাৱৰ খণ্ড ইয়াৰ ওপৰত পৰিছিল আৰু ইয়াক ভাঙি সাগৰৰ মাজলৈ নিলগাই নিছিল। ১৯৮০ চনত ইয়াৰ ওপৰত অৱতৰণ কৰি জৰীপ চলোৱা গৱেষকসকলে এসময়ত ই মূল ভূখণ্ডৰ অংশ আছিল বুলি প্ৰমাণ দাখিল কৰিছিল, য'ত তেওঁলোকে শিলৰ অট্টালিকা আৰু ভেড়াৰ পাৰ হোৱাৰ অৱশিষ্ট পাইছিল।[2][3]

যেতিয়া ডান ব্ৰিষ্ট গঠন কেপৰ পৰা পৃথক হোৱা নাছিল, আইৰিছ পেট্ৰিয়াৰ্কে আয়াৰলেণ্ডৰ প্ৰথম গীৰ্জাসমূহৰ ভিতৰত এটা নিৰ্মাণ কৰিছিল।[4] দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ওচৰৰ ঘৰটোৱে আইৰিছ ক'ষ্ট গাৰ্ডৰ বাবে লুকাউট পোষ্ট হিচাপে কাম কৰিছিল।[5]

ডান ব্ৰিষ্ট, ডাউনপেট্ৰিক হেড
ডান ব্ৰিষ্ট-সাগৰীয় স্তম্ভ
ডান ব্ৰিষ্ট

আয়াৰলেণ্ডৰ কাউণ্টি মেয়'ৰ বালিকাষ্টল চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত ই ঠিক ডাউনপেট্ৰিক হেডৰ মূৰত অৱস্থিত।[6] ২০ মিটাৰ দূৰত্বত আৰু ২২৮ মিটাৰ গভীৰতাত এইখন সাগৰৰ ঠিক ওপৰত থকাৰ দৰে লাগে। ইয়াৰ উচ্চতা ৪৫ মিটাৰ, বহলে ৬৩ মিটাৰ আৰু ২৩ মিটাৰ।[7]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "Dun Briste Sea Stack". Downpatrick Head. https://www.dunbriste.com/dun-briste.html. 
  2. Miller, Iain (July 5, 2022). "Dún Bristé Sea Stack". https://endorfeen.com/dun-briste-sea-stack/. 
  3. "That Sea Stack from Reddit Didn't Take 'Millions of Years' to Form". livescience.com. February 15, 2018. https://www.livescience.com/61769-dun-briste-sea-stack-reddit.html. 
  4. "Dún Briste, la roca sola ante el Atlántico". Viajes National Geographic. April 24, 2022. https://viajes.nationalgeographic.com.es/a/dun-briste-roca-sola-ante-atlantico_18102. 
  5. "Dun Briste, un precioso rincón de …". vicmun.com. https://vicmun.com/stories/dun-briste-un-precioso-rincon-de-la-bella-irlanda/. 
  6. "Downpatrick Head". Ireland.com. https://www.ireland.com/es-es/destinations/county/mayo/downpatrick-head/. 
  7. "Dun Briste: una impresionante pila del mar en Irlanda". Vista al Mar. December 16, 2015. https://www.vistaalmar.es/recursos/fotografia-video/5369-dun-briste-una-impresionante-pila-del-mar-en-irlanda.html.