ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য

ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্কটোক বিগত সময়ত বহুতো গৱেষক; বিশেষকৈ মনোবিজ্ঞানী, সমাজবিজ্ঞানী, নৃতত্ত্ববিদ আৰু স্বাস্থ্য-বিশেষজ্ঞসকলে অধ্যয়ন কৰিছে। অধ্যয়নৰ ব্যাপকতা ১৯৯০ৰ মধ্যভাগৰ পৰা বাঢ়িবলৈ ধৰে, যেতিয়া ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰসাৰ-প্ৰচাৰে জনপ্ৰিয়তা লাভ কৰে। গৱেষণাৰ এটা গুৰুত্বপূৰ্ণ অংশই "অতি-ব্যৱহাৰ" প্ৰপঞ্চটো যি ডিজিটেল আসক্তি নাইবা ডিজিটেল নিৰ্ভৰশীলতা হিচাপেও পৰিচিত- সেই বিষয়ে অন্বেষণ কৰিছে।[2][3]" এই প্ৰপঞ্চটোৰ প্ৰকাশ সংস্কৃতি আৰু সমাজভেদে ভিন্ন ভিন্ন হয়। একাংশ বিশেষজ্ঞই মানসিক স্বাস্থ্যকে ধৰি বিভিন্ন মাধ্যমত ডিজিটেল মিডিয়াৰ মধ্যমীয়া ব্যৱহাৰৰ সুফলবোৰ অনুসন্ধান কৰিছে আৰু কেতবোৰ নব্য কাৰিকৰী সমাধানেৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাও বিবেচনা কৰি চাইছে।[4]

ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য
স্মাৰ্টফোন ব্যৱহাৰ কৰি থকা অৱস্থাত এগৰাকী কিশোৰী
ডিজিটেল মিডিয়া আৰু মানসিক স্বাস্থ্যৰ মাজৰ সম্পৰ্কটোক অধ্যয়ন কৰি থকা হৈছে।[1]
আনুষঙ্গিক যন্ত্ৰ স্ক্ৰীণ টাইম, গেমিং ব্যাধি,ইণ্টাৰনেটৰ সমস্যাযুক্ত ব্যৱহাৰ, ছ'ছিয়েল মিডিয়াৰ সমস্যাযুক্ত ব্যৱহাৰ, স্মাৰ্টফোনৰ সমস্যাযুক্ত ব্যৱহাৰ

ডিজিটেল মিডিয়া আৰু "স্ক্ৰীণ টাইম"-এ শিশুৰ চিন্তা কৰাৰ ধৰণটোত প্ৰভাৱ পেলাইছে। লগতে তেওঁলোকে ইতিবাচক আৰু নেতিবাচক দিশৰ কিদৰে প্ৰতিক্ৰিয়া কৰে-সেইটো দিশকো প্ৰভাৱান্বিত কৰিছে। কিন্তু ডিজিটেল মিডিয়া আৰু মানসিক স্বাস্থ্যৰ পৰিণতিসম্বন্ধীয় কোনোধৰণৰ অনুমানযুক্ত নৈমিত্তিক সংযোগক গৱেষকসকলে নিশ্চয়তাৰে গ্ৰহণ কৰিব পৰা নাই। সেই সূত্ৰ বা সংযোগবোৰ ব্যক্তিবিশেষ আৰু ব্যক্তিবিশেষে ব্যৱহাৰ কৰা মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। বহুকেইটা প্ৰযুক্তি প্ৰতিষ্ঠানে ডিজিটেল মিডিয়াৰ সংশয়পূৰ্ণ ব্যৱহাৰ কমোৱাৰ লক্ষ্যেৰে সংকল্পবদ্ধ হৈছে আৰু নিজা নিজা কৌশল ঘোষণা কৰিছে।[5]

মানসিক স্বাস্থ্যসম্পাদনা কৰক

 
স্মাৰ্টফোন ব্যৱহাৰ কৰি থকা অৱস্থাত এটি শিশু

২০১৯ চনত সম্পন্ন হোৱা আলোচনাৰ এটা প্ৰণালীবদ্ধ মানাংকনে সমস্যাযুক্ত ইণ্টাৰনেট ব্যৱহাৰৰ লগত মনস্তাত্ত্বিক অথবা আচৰণগত সমস্যাৰ লগত থকা সম্পৰ্কৰ বিবেচনা কৰিবলৈ দিহা দিয়ে-যেনে বিষণ্ণতা, উৎকণ্ঠা, উগ্ৰতা, আগ্ৰাসন, মনোযোগবিহীন উচ্চকৰ্মযুক্ত বৈষম্য (attention deficit hyperactivity disorder) আদি। নৈমিত্তিক কিবা সম্পৰ্কৰ অস্তিত্বতা সম্বন্ধে অধ্যয়নসমূহে সঠিককৈ একো ক'ব নোৱাৰিলে। পৰ্যালোচকসকলে ভৱিষ্যাপেক্ষ অধ্যয়ন-আৰ্হিৰ গুৰুত্বত জোৰ দিলে।[6] ডিজিটেল মাধ্যমৰ অতি-ব্যৱহাৰক বিষণ্ণতাৰ লক্ষণৰ লগত সংযুক্ত কৰা হৈছে যদিও, মেজাজ সুস্থিৰ কৰাৰ কিছুমান পৰিস্থিতিত ডিজিটেল মিডিয়াৰ ব্যৱহাৰ কৰিব পাৰি।[7][8] আনহাতে ADHDৰ লক্ষণ আৰু ডিজিটেল মাধ্যম পৰস্পৰভাৱে সম্পৰ্কযুক্ত- এই বিষয়ে ভৱিষ্যাপেক্ষ এক বৃহৎ অধ্যয়নত ইতিবাচক ইংগিত লাভ কৰা হৈছে।[9]ADHDৰ লক্ষণ "অত্যধিক মনোযোগ"-এ মানুহক গেম খেলা অথবা অনলাইন বাৰ্তালাপৰ বাবে ডিজিটেল মিডিয়া অধিক-ব্যৱহাৰ কৰিবলৈ পৰিচালিত কৰিব পাৰে।[10]

ক্লিনিকেল চাইক'লজিকেল ছায়েন্স (Clinical Psychological Science)ত ২০১৮ চনত প্ৰকাশিত দুটা প্ৰস্থচ্ছেদীয় জৰীপে(cross-sectional survey) আমেৰিকাৰ ৫০৬,৮২০ গৰাকী হাইস্কুলীয়া শিক্ষাৰ্থীৰ মাজত জৰীপ সম্পন্ন কৰি উদ্ঘাটন কৰে যে, বিষণ্ণতাৰ লক্ষণ আৰু আত্মহত্যাৰ প্ৰৱণতাৰ উচ্চ হাৰৰ লগত ডিজিটেল মিডিয়া জড়িত। জৰীপৰ মোখনি মাৰি তেওঁলোকে কয় যে, ইলেক্ট্ৰনিক সঁজুলিৰ লগত অধিক সময় কটোৱা আৰু "স্ক্ৰীন-বিহীন কাৰ্যকলাপ" যেনে-সামাজিক সম্পৰ্ক, ক্ৰীড়া, ব্যায়াম, ঘৰুৱা কাম আদিত কম সময় অতিবাহিত কৰাৰ প্ৰৱণতাটোৰ লগত বিষণ্নতাৰ লক্ষণ আৰু আত্মহত্যাসম্পৰ্কীয় পৰিণতি, পৰিকল্পনা, বা প্ৰয়াসৰ আন্তঃসম্পৰ্ক আছে; বিশেষকৈ কিশোৰীৰ ক্ষেত্ৰত।[11] একেটা প্ৰকাশনতে ওলোৱা পৰৱৰ্তী এটা প্ৰতিবেদনে এই গৱেষণাৰ প্ৰণালীটোৰ ওপৰত প্ৰশ্নচিহ্ন তোলে আৰু জৰীপটোক "গৱেষণাৰ অশুদ্ধ মানাংকন, মুখ্য চলকৰ মাজত নগণ্য আন্তঃসম্পৰ্ক, আৰু অপৰ্যাপ্ত আৰু অনুপযুক্ত পৰিসাংখ্যিক বিশ্লেষণ" হিচাপে অভিহিত কৰে ("inaccurate research measurements, negligible correlations between the main variables, [and] insufficient and inadequate statistical analyses".)[12]

বাইপ'লাৰ ডিছঅৰ্ডাৰ আৰু প্ৰযুক্তিবিদ্যাৰ মাজত থকা সম্পৰ্কটোক এটা একক জৰীপৰ জৰিয়তে অনুসন্ধান কৰা হৈছে; "কম্পিউটাৰছ ফ'ৰ হিউমেন বিহেভিয়ৰ"ৰ ৮৪ গৰাকী অংশগ্ৰহণকাৰীৰ দ্বাৰা। নিজৰ মেজাজ সম্পৰ্কে নিজে আগবঢ়োৱা প্ৰতিবেদনৰ ভিত্তিত, এই জৰীপটোৱে প্ৰযুক্তি ব্যৱহাৰত উল্লেখযোগ্য বৈসাদৃশ্য দেখা পায়। প্ৰতিবেদকসকলে পাছলৈ এইবুলি মন্তব্য আগবঢ়ায় যে, বাইপ'লাৰ ডিছঅৰ্ডাৰৰ ৰোগী এজনৰ বাবে প্ৰযুক্তিবিদ্যা দ্বিপ্ৰান্তীয় তৰোৱালৰ ("double-edged sword") দৰে হ'ব পাৰে; যিয়ে উপকাৰ আৰু অপকাৰ দুয়োটাই সংঘটন কৰিব পাৰে।[13]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "Impact of social media and screen-use on young people's health". 31 January 2019. https://publications.parliament.uk/pa/cm201719/cmselect/cmsctech/822/822.pdf. 
  2. "Internet Addiction Disorder - Signs, Symptoms, and Treatments" (en-US ভাষাত). https://www.psycom.net/iadcriteria.html. 
  3. Peper, Erik; Harvey, Richard (2018-03-30). "Digital Addiction: Increased Loneliness, Anxiety, and Depression" (en ভাষাত). NeuroRegulation খণ্ড 5 (1): 3. doi:10.15540/nr.5.1.3. ISSN 2373-0587. 
  4. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC4183915/
  5. Fearns, Debra (2015-06-09). "A Prescription for Psychiatry: Why We Need a Whole New Approach to Mental Health and Wellbeing Kinderman Peter A Prescription for Psychiatry: Why We Need a Whole New Approach to Mental Health and Wellbeing224pp £18.99 Palgrave Macmillan 9781137408709 1137408707". Mental Health Practice খণ্ড 18 (9): 10–10. doi:10.7748/mhp.18.9.10.s11. ISSN 1465-8720. http://dx.doi.org/10.7748/mhp.18.9.10.s11. 
  6. "Screen-based activities and children and young people's mental health: A Systematic Map of Reviews". EPPI-Centre, Social Science Research Unit, UCL Institute of Education, University College London. 1 January 2019. http://eppi.ioe.ac.uk/cms/Portals/0/PDF%20reviews%20and%20summaries/Systematic%20Map%20of%20Reviews%20on%20Screen-based%20activties_08.01.19.pdf?ver=2019-01-29-155200-517. 
  7. "Digital Media, Anxiety, and Depression in Children". Pediatrics খণ্ড 140 (Suppl 2): S76–S80. November 2017. doi:10.1542/peds.2016-1758G. PMID 29093037. 
  8. "Problematic smartphone use: A conceptual overview and systematic review of relations with anxiety and depression psychopathology". Journal of Affective Disorders খণ্ড 207: 251–259. January 2017. doi:10.1016/j.jad.2016.08.030. PMID 27736736. 
  9. Krull, Kevin (19 February 2019). "Attention deficit hyperactivity disorder in children and adolescents, clinical features and diagnosis". UpToDate. https://www.uptodate.com/contents/attention-deficit-hyperactivity-disorder-in-children-and-adolescents-clinical-features-and-diagnosis?sectionName=Diagnosis%20in%20adolescents&topicRef=8349&anchor=H830607539&source=see_link#H830607539. 
  10. "Updated European Consensus Statement on diagnosis and treatment of adult ADHD". European Psychiatry খণ্ড 56: 14–34. February 2019. doi:10.1016/j.eurpsy.2018.11.001. PMID 30453134. 
  11. Twenge, Jean M.; Joiner, Thomas E.; Rogers, Megan L.; Martin, Gabrielle N. (2018). "Increases in Depressive Symptoms, Suicide-Related Outcomes, and Suicide Rates Among U.S. Adolescents After 2010 and Links to Increased New Media Screen Time" (en-US ভাষাত). Clinical Psychological Science খণ্ড 6 (1): 3–17. doi:10.1177/2167702617723376. 
  12. "New-Media Screen Time is Not (Necessarily) Linked to Depression: Comments on Twenge, Joiner, Rogers, and Martin (2018)". Clinical Psychological Science খণ্ড 8 (2): 374–378. May 2019. doi:10.1177/2167702619849412. 
  13. "The double-edged sword: A mixed methods study of the interplay between bipolar disorder and technology use". Computers in Human Behavior খণ্ড 75: 288–300. 1 October 2017. doi:10.1016/j.chb.2017.05.009. https://epublications.marquette.edu/cgi/viewcontent.cgi?article=1561&context=mscs_fac। আহৰণ কৰা হৈছে: 4 December 2019.