ডিমৌ নদী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ডিমৌ নদী হৈছে দিচাঙ নদীৰ উপনদী। এই নদীখনৰ দৈৰ্ঘ্য ৫৮ কি:মি: আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কি:মি:।
ডিমৌ নদী | |
দেশ | ভাৰত |
---|---|
প্ৰদেশ | অসম |
উৎস | ঘগৰাজান কাৱৈমাৰি জান |
- অৱস্থান | লেঙেৰী অঞ্চল, ডিব্ৰুগড় জিলা, অসম, ভাৰত |
মোহনা | দিচাং নদী |
- অৱস্থান | ডিখৌমুখ, ডিব্ৰুগড় জিলা, অসম |
উৎপত্তি
সম্পাদনা কৰকডিব্ৰুগড় জিলাত লেঙেৰী অঞ্চলৰ ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি ডিমৌ নদীৰ উৎপত্তি হয়।
গতিপথ
সম্পাদনা কৰকঘগৰাজান আৰু কাৱৈমাৰি জান মিলি পশ্চিমমুৱাহৈ নামদাং বনাঞ্চলৰ মাজেদি বৈ আহে। তাৰ পৰা খোৱাংৰ পৰা ৬কি:মি: পূবত কলৌলোৱা জানৰ সৈতে লগ লাগে। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ খোৱাং চহৰৰ কাষেৰে গৈ তিলৈ নদী লগ লাগিছে। তাৰ পাচত দক্ষিণ-পশ্চিমমুৱা হৈ ডিমৌ ওচৰৰ দিখাৰি বাগানলৈকে বৈ আহি পশ্চিমমুৱা হয়। ইয়াৰ পৰা পানীদিহিং বনাঞ্চল মাজেদি বৈ গৈ ধাইআলি পাৰ হৈ আখৈফুটীয়াৰ পশ্চিমৰ ডিখৌমুখত ডিমৌ নদী দিচাঙ নদীৰ সৈতে লগ লাগিছে।