জাং-গাম বা লেডী জাং-গাম বা ডেই-জাং-গাম (ইংৰাজী: Lady Jang-geum) হৈছে কোৰিয়াৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰাজবৈদ্য বা ৰয়েল ফিজিচিয়ান। তেওঁৰ বিষয়ে জোছন ৰাজবংশৰ নথিপত্ৰত ১০ বাৰ উল্লেখ পোৱা গৈছে। এই কথাৰ সম্ভেদ পোৱা যায় যে ৰজা জাংজং জাং-গামৰ চিকিৎসা জ্ঞানত সন্তুষ্ট হৈছিল আৰু ৰাজপৰিয়ালৰ আদৰ-যত্ন লোৱাৰ বাবে তেওঁৰ ওপৰত বিশ্বাস কৰিছিল। তেতিয়াৰ পৰা, জাং-গাম ৰাজসভাৰ তৃতীয় সৰ্বোচ্চ পদবীৰ বিষয়া হৈছিল, আৰু তেওঁক নামৰ আগত ডেই (মহান) উপাধি ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল।

ডেই জাং-গাম
জন্ম জাং-গাম
পঞ্চদশ শতিকা
জোছন ৰাজ্য
মৃত্যু ষোড়শ শতিকা
জোছন ৰাজ্য
ৰাষ্ট্ৰীয়তা জোছন (কোৰিয়ান)
অন্য নাম ডেই জাং-গাম (মহান জাং-গাম)
পেচা চিকিৎসক
সক্ৰিয় হৈ থকা সময় ১৫১৩ - ১৫৫০
জনা যায় কোৰিয়াৰ ৰজা জাংজঙৰ প্ৰথমগৰাকী মহিলা ৰাজবৈদ্য

কিছুমান উৎসই জাং-গামৰ প্ৰকৃত অস্তিত্বক প্ৰমাণিত কৰে[1][2][3] যদিও ই এতিয়াও পণ্ডিতসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আছে।

জোছন ৰাজবংশৰ নথিসমূহত উল্লেখ সম্পাদনা কৰক

জোছন ৰাজবংশৰ নথিসমূহত জাং-গামৰ নাম, কেতিয়াবা ইউনিয়ো (মহিলা নিৰাময়কাৰী) উপাধিৰ সৈতে ১০ বাৰ উল্লেখ কৰা হৈছিল।

ৰাজসভাৰ কিছুসংখ্যক বিষয়াই সদ্যপ্ৰয়াত ৰাণী জাংগিয়াঙৰ শুশ্ৰূষা কৰা সকলো ইউনিয়ো অৰ্থাৎ মহিলা নিৰাময়কাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ৰজা জাংজঙলৈ আৱেদন প্ৰেৰণ কৰে। এই ইউনিয়োসকলৰ ভিতৰত জাং-গাম আছিল অন্যতম।[4] সিংহাসনৰ বৈধ উত্তৰাধিকাৰীৰ (ভৱিষ্যতৰ ৰজা ইনজং; ১০ মাৰ্চ) জন্মৰ পিছতেই প্ৰসৱোত্তৰ জটিলতাৰ ফলত ১৬ মাৰ্চৰ মাজনিশা ৰাণী জাংগিয়াঙৰ (জাংজঙৰ দ্বিতীয় পত্নী) মৃত্যু হয়।[5][6] এয়া আছিল নথিত জাং-গামৰ নামৰ প্ৰথম উল্লেখ (০৪ এপ্ৰিল ১৫১৫)। উক্ত আৱেদন ৰজা জাংজঙে অস্বীকাৰ কৰি কৈছিল: "সুৰক্ষিত সন্তান জন্মত (ৰাণীৰ) পালন কৰা ভূমিকাৰ বাবে জাং-গাম এক বৃহৎ কৃতিত্বৰ যোগ্য আছিল, কিন্তু মই এতিয়ালৈকে তেওঁৰ কামৰ বাবে তেওঁক পুৰস্কৃত কৰা নাই, আন কাৰণৰ বাবে। এতিয়া আপোনালোকে (ৰাজসভাৰ বিষয়াসকলে) মোক তেওঁক শাস্তি দিবলৈ কৈছে কিয়নো ৰাণী লৰ মৃত্যু হৈছে, কিন্তু মই সেইটো নকৰোঁ‌ আৰু লগতে মই তেওঁক পুৰস্কৃতও নকৰোঁ‌।" (৫ এপ্ৰিল ১৫১৫)[7]

ৰাজমাও (ৰাণী জিয়ংহাইয়ন) ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত জাংজঙে চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলক পুৰস্কৃত কৰা বুলি নথিভুক্ত কৰা হৈছিল।[8] জাং-গামক (লগতে সহকৰ্মী ইউনিয়ো এগৰাকীক) ১০ বস্তা চাউল আৰু ১০ বস্তা বীনেৰে পুৰস্কৃত কৰা হৈছিল।

জাংজঙে এক অসুস্থতাৰ পিছত মন্তব্য কৰিছিল: "[...] অৱশ্যে, ডেই জাং-গাম আন যিকোনো ইউনিয়োতকৈ ভাল আছিল। ফলস্বৰূপে, তেওঁক ৰজাৰ চোৱাচিতা কৰিবলৈ অনুমতি দিয়া হৈছিল।" (৮ জানুৱাৰী ১৫২৫) [9] নথিসমূহত জাং-গামৰ নামৰ সৈতে সংলগ্ন ডেই (মহান) উপাধি সংযোগ কৰা এইটোৱেই প্ৰথম উদাহৰণ আছিল (২৪ ছেপ্টেম্বৰ ১৫২২)।

জাংজঙে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে মন্তব্য কৰি এইদৰে কৈছিল: "মই কেইবামাহৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিছো। ৰাজকীয় চিকিৎসকসকল প্ৰশংসা আৰু পুৰস্কাৰৰ যোগ্য। [...] ইউনিয়ো ডেই জাং-গাম আৰু কাই-গাম প্ৰত্যেককে ১৫ বস্তা চাউল, ১৫ বস্তা বীন আৰু ১০ জাপ কাপোৰেৰে পুৰস্কৃত কৰা হ'ব।" (৬ মাৰ্চ ১৫৩৩) [10]

জাংজঙে এক আদেশ সম্পৰ্কে মন্তব্য কৰিছিল: "চৰ্দি হোৱাৰ পিছৰে পৰা মই দীৰ্ঘদিন ধৰি মোৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাই। কেইদিনমান আগতে, মই এখন শৈক্ষিক সভাত অংশ লৈছিলোঁ‌ (দৰ্শনৰ বিষয়ে আলোচনা কৰিবলৈ), কিন্তু ঠাণ্ডা বতৰে মোৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মই ইতিমধ্যে ৰাজকীয় চিকিৎসক পাৰ্ক চে-জিঅ' আৰু হং চিম, লগতে ইউনিয়ো ডেই জাং-গাম, ইউন-বি, আৰু বাকীসকলক বিধানৰ বিষয়ে ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ সৈতে আলোচনা কৰিবলৈ কৈছিলোঁ‌। [...]" (২১ ফেব্ৰুৱাৰী ১৫৪৪) [11] জাংজং পিছত তেওঁৰ চৰ্দি-জ্বৰৰ পৰা আৰোগ্য হৈছিল, আৰু ৰাজবৈদ্য আৰু তেওঁলোকৰ কৰ্মচাৰীসকলক পুৰস্কৃত কৰা বুলি নথিভুক্ত কৰা হৈছিল (০২ মাৰ্চ ১৫৪৪)। [12] ডেই জাং-গামক ৫ বস্তা চাউল আৰু বীনেৰে পুৰস্কৃত কৰা হৈছিল।

জাংজঙৰ স্বাস্থ্যসম্পৰ্কে তেওঁলোকৰ অনুসন্ধানসন্দৰ্ভত ৰাজসভাৰ উচ্চ পদস্থ বিষয়া আৰু জাং-গামৰ মাজত হোৱা বাৰ্তালাপ নথিসমূহত লিপিবদ্ধ কৰা হয় (৯ নৱেম্বৰ ১৫৪৪))।[13] জাংজঙে মন্তব্য কৰিছিল (কিছুমান আত্মীয়ই তেওঁৰ সুস্থতাৰ বাবে লিখিত বাৰ্তা প্ৰেৰণ কৰাৰ সন্দৰ্ভত): "মই এতিয়াও কোষ্ঠকাঠিন্যত ভুগি আছোঁ। কি বিধান প্ৰস্তুত কৰা উচিত সেয়া আলোচনাৰ মজিয়াত আছে। মহিলা চিকিৎসকে মোৰ অৱস্থাৰ বিষয়ে সকলো জানে," ইয়াত জাং-গামৰ উদ্ধৃতি সন্নিৱিষ্ট কৰা হৈছে (১০ নৱেম্বৰ ১৫৪৪)। [14] জাংজং আৰোগ্য হোৱা বুলি মন্ত্ৰীসকললৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত জাংজঙে উপস্থিত থকা সকলো চিকিৎসা বিষয়াক বন্ধৰ দিন প্ৰদান কৰিছিল। জাংজঙে উল্লেখ কৰিছিল যে জাং-গামে ৰাতিপুৱা তেওঁক সাক্ষাৎ কৰিছিল, আৰু তেওঁ জাং-গামক সকাহ অনুভৱ কৰাৰ কথা কৈছিল (১৩ নৱেম্বৰ ১৫৪৪)।[15] ইয়াৰে ১৬ দিনৰ পিছত (২৯ নৱেম্বৰ) জাংজঙৰ মৃত্যু হয়।[16]

জনপ্ৰিয় সংস্কৃতিত সম্পাদনা কৰক

দক্ষিণ কোৰিয়াৰ এক দূৰদৰ্শন শৃংখলা হিচাপে জাং-গামৰ জীৱনীভিত্তিক ডেই জাং গাম নামৰ এক শৃংখলা ২০০৩ চনৰ পৰা ২০০৪ চনৰ ভিতৰত প্ৰচাৰিত হয়। এই শৃংখলাক জুৱেল ইন দ্য পেলেচ বুলিও জনা যায়। লি বায়ুং-হুনৰ দ্বাৰা পৰিচালিত এই দূৰদৰ্শন শৃংখলাটো প্ৰথমবাৰৰ বাবে এমবিচিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ প্ৰতি দৰ্শকৰ গড় ৰেটিং আছিল ৪৫.৮% আৰু সৰ্বাধিক ৰেটিং আছিল ৫৭.১%।[17] ই সৰ্বকালৰ দশম সৰ্বাধিক মূল্যাঙ্কন কৰা কোৰিয়ান নাটক হিচাপে পৰিগণিত হয়। এই শৃংখলাটো পিছত বিশ্বৰ ৯১খন দেশত সম্প্ৰচাৰিত কৰা হয়।[18] শৃংখলাটোৰ নাম ভূমিকাত আছিল লী য়াং-এই।

দ্য ফিউজিটিভ অৱ জোছন (হেভেনছ অৰ্ডাৰ: দ্য ষ্টৰী অৱ দ্য ফিউজিটিভ ফ্ৰম জোছন) নামৰ ২০১৩ চনত সম্প্ৰচাৰিত দক্ষিণ কোৰিয়াৰ আন এক দূৰদৰ্শন শৃংখলাটো ডেই-জাং-গামৰ চৰিত্ৰক উপস্থাপন কৰা হৈছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Daejanggeum (Jewel in the Palace)". Korea Tourism Organization. Archived from the original on 29 October 2013. https://web.archive.org/web/20131029061510/http://www.visitkorea.or.kr/ena/CU/CU_EN_8_5_1_6.jsp। আহৰণ কৰা হৈছে: 21 February 2012. "...only woman to serve as head physician to the King in the rigidly hierarchical and male-dominated social structure of the Joseon Dynasty." 
  2. "Daejanggeum spurs continuing interest in royal court cuisine". Hancinema. 8 January 2009. http://www.hancinema.net/daejanggeum-spurs-continuing-interest-in-royal-court-cuisine-17593.html। আহৰণ কৰা হৈছে: 21 February 2012. "Janggeum was a real person, mentioned in Joseon Dynasty annals who lived in Korea some 500 years ago." 
  3. Shin, Myung-Ho (2008). "Annals of Joseon History Brought To Life by the Digital Era". http://koreana.kf.or.kr/pdf_file/2008/2008_AUTUMN_E022.pdf। আহৰণ কৰা হৈছে: 21 February 2012. "When the producer Lee Byung Hoon was working on the historical drama “Heo Jun,” he came across a noteworthy passage while searching the Annals of the Joseon Dynasty for information about Heo Jun (1539-1615), a Joseon court physician who attended the royal family. It was a statement by King Jungjong (r. 1506-1544) who declared: “No one knows my illnesses as well as Jang Geum.”" 
  4. 조선왕조실록 (Annals of the Joseon Dynasty) 중종실록 (Annals of King Jungjong) 21권 (volume 21), 1515년 음력 3월 21일 (3rd lunar month 21st day) 1번째기사 (1st entry)
  5. Ibid. 21권 (volume 21), 1515년 음력 3월 2일 (3rd lunar month 2nd day) 1번째기사 (1st entry)
  6. Ibid. 21권 (volume 21), 1515년 음력 2월 25일 (2nd lunar month 25th day) 6번째기사 (6th entry)
  7. Ibid. 21권 (volume 21), 1515년 음력 3월 22일 (3rd lunar month 22nd day) 2번째기사 (2nd entry)
  8. Ibid. 46권 (volume 46), 1522년 음력 9월 5일 (9th lunar month 5th day) 1번째기사 (1st entry)
  9. Ibid. 52권 (volume 52), 1525년 음력 12월 15일 (12th lunar month 15th day) 2번째기사 (2nd entry)
  10. Ibid. 73권 (volume 73), 1533년 음력 2월 11일 (2nd lunar month 11th day) 1번째기사 (1st entry)
  11. Ibid. 101권 (volume 101), 1544년 음력 1월 29일 (1st lunar month 29th day) 1번째기사 (1st entry)
  12. Ibid. 102권 (volume 102), 1544년 음력 2월 9일 (2nd lunar month 9th day) 1번째기사 (1st entry)
  13. Ibid. 105권 (volume 105), 1544년 음력 10월 25일 (10th lunar month 25th day) 3번째기사 (3rd entry)
  14. Ibid. 105권 (volume 105), 1544년 음력 10월 26일 (10th lunar month 26th day) 1번째기사 (1st entry)
  15. Ibid. 105권 (volume 105), 1544년 음력 10월 29일 (10th lunar month 29th day) 1번째기사 (1st entry)
  16. Ibid. 105권 (volume 105), 1544년 음력 11월 15일 (11th lunar month 15h day) 12번째기사 (12th entry)
  17. 기자i사진, 글장회정; 포토뱅크, 제공경향신문; 스토리온. "가장 기다려지는 여배우 이영애, '대장금 2'로 컴백 임박?". lady.khan.co.kr. http://lady.khan.co.kr/khlady.html?mode=view&code=5&artid=201112291435361&pt=nv। আহৰণ কৰা হৈছে: 2021-04-02. 
  18. Hua, Vanessa (August 31, 2005). "Japanese soaps cleaning up". Asia Times. Archived from the original on March 24, 2016. https://web.archive.org/web/20160324111645/http://www.atimes.com/atimes/Korea/GH31Dg01.html। আহৰণ কৰা হৈছে: September 5, 2021.