ডেট্ৰইট ষ্টাডী ক্লাৱ ১৮৯৮ চনত মিচিগানৰ ডেট্ৰইটত আফ্ৰিকান আমেৰিকান মহিলাসকলে গঠন কৰা এক কৃষ্ণাংগ মহিলা সাহিত্য সংগঠন, যিসকলে ব্যক্তিগতভাৱে বৌদ্ধিক কৃতিত্ব লাভ কৰিছিল আৰু কৃষ্ণাংগ সম্প্ৰদায়ৰ সামাজিক উন্নতিৰ বাবে উৎসৰ্গিত আছিল।[1] ১৮৯০ চনত সমগ্ৰ দেশৰ আন বহুতো কৃষ্ণাংগ মহিলা ক্লাৱৰ সৈতে এই ক্লাৱ একেলগ হয়।[2] ডেট্ৰইট ষ্টাডি ক্লাৱৰ মূল সৃষ্টিকৰ্তাসকলে সাহিত্য আৰু সামাজিক বিষয়ৰ বিষয়ে তেওঁলোকৰ জ্ঞান বুদ্ধি বিকাশৰ বাবে এই ক্লাৱটো প্ৰতিষ্ঠা কৰিছিল। পিছলৈ তেওঁলোকে সেই কামক সম্প্ৰদায় কল্যাণৰ কামলৈ সম্প্ৰসাৰিত কৰিলে। ২০১৮ চনত গোটটোৱে এশ বিশ বছৰীয়া অবিৰত কাৰ্যকলাপৰ উদযাপন কৰে।

ইতিহাস সম্পাদনা কৰক

১৮৯৮ চনৰ ২ মাৰ্চত গেব্ৰিয়েল পেলহাম আৰু তেওঁৰ পাঁচগৰাকী বন্ধু—ফেনী এণ্ডাৰছন, চাৰা ৱাৰ্ছ, জে পলিন স্মিথ, মিচেছ উইল এণ্ডাৰছন আৰু মিচেছ টমলিছনে পেলহামৰ ঘৰত সাহিত্য-সংস্কৃতি আৰু সামজিক বিষয় আলোচনা কৰিবলৈ লগ হৈছিল আৰু তাতেই এই ক্লাৱটো গঠন কৰা হয়৷ পলিন স্মিথে ক্লাৱৰ প্ৰথম সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] সদস্যসকলে প্ৰথমতে তেওঁলোকৰ গোটটোক ব্ৰাউনিং ষ্টাডি ক্লাৱ বুলি অভিহিত কৰিছিল, কাৰণ তেওঁলোকে ঊনবিংশ শতিকাৰ জনপ্ৰিয় ব্ৰিটিছ কবি আৰু নাট্যকাৰ ৰবাৰ্ট ব্ৰাউনিঙৰ (কবি এলিজাবেথ বেৰেট ব্ৰাউনিঙৰ স্বামী) লেখাৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰি আছিল। তেওঁলোকে ক্লাৱটোৰ মূলমন্ত্ৰৰ বাবে ব্ৰাউনিঙৰ পদ্যৰ এটা শাৰী গ্ৰহণ কৰিছিল: “মানুহে নিজৰ জীৱনৰ নিৰ্ধাৰিত পুৰস্কাৰৰ বাবে সৰ্বোচ্চ যুঁজ দিয়ক।” পাঁচ বছৰৰ পাছত গোটৰ সদস্যসকলে ক্লাৱৰ বিষয়ৰ পৰিসৰ বৃদ্ধি কৰি আন লেখক, শিল্প, ধৰ্ম, ইতিহাস আদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। ১৯০৪ চনত মহিলাসকলে নিজৰ সংস্থাটোৰ নাম সলনি কৰি ডেট্ৰইট ষ্টাডি ক্লাৱ নামেৰে নামাকৰণ কৰে যদিও ৰবাৰ্ট ব্ৰাউনিঙৰ জীৱন আৰু কৰ্মৰ বাবে বাৰ্ষিক এখন সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুত হয়।[4] ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে কৃষ্ণাংগ মহিলা ক্লাৱ আন্দোলন গঠন কৰা বহু গোটৰ ভিতৰত ডেট্ৰইট ষ্টাডি ক্লাবও আছিল।

কাম-কাজ সম্পাদনা কৰক

ক্লাৱৰ সদস্যসকলে কৃষ্ণাংগ শিশুসকলৰ শিক্ষা আৰু বৃদ্ধ কৃষ্ণাংগ মহিলাসকলৰ সহযোগিতাৰ প্ৰতি চিন্তিত আছিল। ১৮৯৭ চনত ষ্টাডি ক্লাৱৰ সদস্য তথা প্ৰভাৱশালী পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী ফেনী ৰিচাৰ্ডছে মেৰী মেককয় (কলচেষ্টাৰ, অন্টাৰিঅ’, কানাডা আৰু ইপ্চিলান্টি উদ্ভাৱক এলিজা মেককয়ৰ পত্নী)ৰ সৈতে ডেট্ৰইটত ফিলিছ হুইটলী হোম এলংগ ফৰ এজড কালাৰ্ড লেডিজৰ প্ৰতিষ্ঠা কৰে। ৰিচাৰ্ডছ আছিল কৃষ্ণাংগ প্ৰাচীনসকলৰ বাবে নিৰাপদ স্থান হুইটলী হোমৰ প্ৰথম সভাপতি। বিংশ শতিকাৰ প্ৰথমাৰ্ধত ডেট্ৰইট ষ্টাডি ক্লাৱৰ সদস্যসকলে হুইটলী হোমৰ বাসিন্দাসকলৰ বাবে বাৰ্ষিক খ্ৰীষ্টমাছ পাৰ্টি অনুষ্ঠিত কৰিছিল আৰু প্ৰতি বছৰে উপহাৰৰ বাবে পাঁচ ডলাৰ দান কৰিছিল৷[5]

১৯১৭ চনত নেচনেল এছ’চিয়েশ্যন অৱ কলাৰড উইমেনে বিলোপবাদী, লেখক আৰু কৰ্মী ফ্ৰেডেৰিক ডগলাছৰ ঘৰ চিডাৰ হিলক বচাবলৈ ধন সংগ্ৰহ অভিযান আৰম্ভ কৰে। সমগ্ৰ দেশৰ ক্লাৱসমূহৰ প্ৰচেষ্টাৰে এনএচিডব্লিউৱে ঘৰটো ক্ৰয় কৰি পুনৰুদ্ধাৰ কৰিছিল। ডেট্ৰইট ষ্টাডি ক্লাৱৰ মহিলাসকলে সম্পত্তিটো ক্ৰয় আৰু ৰক্ষণাবেক্ষণৰ বাবে ধন আগবঢ়োৱাৰ উদ্দেশ্যে কম্মেমোৰাটিভ স্পুন বিক্ৰী কৰিছিল। চিডাৰ হিলক বচাই ইয়াক স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰাৰ অভিযান আফ্ৰিকান আমেৰিকান সাংস্কৃতিক ঐতিহ্যৰ ভৌতিক চিহ্নিতকাৰীসমূহ সংৰক্ষণ আৰু তাৰ দ্বাৰা কৃষ্ণাংগ অতীতৰ উত্তৰাধিকাৰসমূহক সন্মান জনোৱাৰ বাবে কৃষ্ণাংগ ক্লাৱৰ মহিলাসকলৰ প্ৰতিশ্ৰুতিৰ পৰাই উদ্ভৱ হৈছিল। এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাত ডেট্ৰইট ষ্টাডি ক্লাৱৰ জড়িত হোৱা কাৰ্যই মহিলাৰ ক্লাৱৰ এক বহল নেটৱৰ্কৰ সৈতে গোটটোৰ ঘনিষ্ঠ সম্পৰ্ক প্ৰদৰ্শন কৰিছিল। এনাকোষ্টিয়াত অৱস্থিত চিডাৰ হিল এতিয়া ৰাষ্ট্ৰীয় উদ্যান সেৱাৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় ঐতিহাসিক ল্যাণ্ডমাৰ্ক।[6]

গণ স্বীকৃতি সম্পাদনা কৰক

১৯৯৯ চনৰ ১০ মে’ত ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ডেট্ৰইট ষ্টাডি ক্লাৱৰ ১০০ বছৰীয়া জয়ন্তীৰ বাবে এখন পত্ৰযোগে অভিনন্দন জনায়। ২০১৬ চনৰ এপ্ৰিল মাহত মিচিগানৰ হিষ্ট'ৰিকেল ছ'চাইটিয়ে ডেট্ৰইট ষ্টাডি ক্লাৱৰ শতবাৰ্ষিক দীৰ্ঘায়ুৰ বাবে মাইলষ্টোন বঁটা আৰু ৰাজ্যখনৰ সজীৱতা আৰু বৃদ্ধিত সংস্থাটোৰ অৱদানৰ কথা উল্লেখ কৰা এখন ফলকেৰে স্বীকৃতি দিয়ে।[7]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Miles, Tiya (2019-05-07). "Connecting Clues on the Trail of a Century-Old Black Women’s Club" (en-US ভাষাত). National Council on Public History. https://ncph.org/history-at-work/connecting-clues-on-the-trail-of-a-century-old-black-womens-club/। আহৰণ কৰা হৈছে: 2024-02-02. 
  2. The African American writer, suffragist, and club woman, Frances Ellen Watkins Harper, used the term "woman's era" to refer to this surge in women’s organizational and literary work in the late 1800s and early 1900s; Deborah Gray White, Too Heavy a Load: Black Women in Defense of Themselves, 1894-1994 (New York: Norton, 1999), 37.
  3. Jane R. Thomas, "The Detroit Study Club: A History," The Detroit Study Club 100th Anniversary Celebration (Detroit, MI: The Detroit Study Club, 1999), 17. "The Detroit Study Club Past Presidents," Detroit Study Club Anniversary Celebration, 58.
  4. Dorothy Anne Lee, "Why Browning," Detroit Study Club 100th Anniversary Celebration, 29-31. "A Century and Beyond: The Detroit Study Club," Detroit Study Club 100th Anniversary Celebration, 16.
  5. Thomas, “A History,” Detroit Study Club 100th Anniversary Celebration, 18; Herb Boyd, Black Detroit: A People’s History of Self-Determination (New York: HarperCollins, 2017) 54, 84; John B. Reid, “A Career to Build, a People to Serve, a Purpose to Accomplish,” in ed. Darlene Clark Hine, We Specialize in the Wholly Impossible: A Reader in Black Women’s History (Brooklyn, NY: Carlson, 1995), 313; Dorothy Salem, “The National Association of Colored Women,” in ed. Darlene Clark Hine, Black Women in America: An Historical Encyclopedia (Brooklyn, NY: Carlson Publishing, 1993), 847.
  6. Salem, “National Association of Colored Women,” 849. Brent Leggs, “Growth of Historic Sites: Teaching Public Historians to Advance Preservation Practices,” The Public Historian 40:3, August 2018, 1, 22. Thomas, “A History,” Detroit Study Club 100th Anniversary Celebration, 18. https://www.nps.gov/nr/travel/cultural_diversity/Frederick_Douglass_Historic_Site.html. Accessed April 12, 2018. http://allenbrowne.blogspot.com/2012/09/cedar-hill.html. Accessed April 12, 2018.
  7. President Clinton letter: Detroit Study Club 100th Anniversary Celebration, inside front cover. Michigan state honor: http://hsmichigan.org/programs/milestone-awards/ Archived 2022-03-08 at the Wayback Machine. Carrie Hall, “Detroit Study Club Centennial Award,” photo gallery, Hour Detroit, May 17, 2016. http://www.hourdetroit.com/Hour-Detroit/Party-Pics/Detroit-Study-Club-Centennial-Award/ .