ডোগ্ৰী ভাষা
ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ভাৰত-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ অন্যান্য অঞ্চলত[1] পাকিস্তানৰ পঞ্জাব অঞ্চলত[2] এই ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পঞ্জাবী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।
ডোগ্ৰী | |
---|---|
डोगरी ڈوگرى ḍogrī | |
থলুৱা অঞ্চল | ভাৰত, পাকিস্তান |
অঞ্চল | জম্মু, কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাব |
স্থানীয় ভাষিক |
২০ লাখ |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | দেৱনাগৰী, তাকৰী লিপি, পাৰ্চী-আৰৱী লিপি |
ভাষা সংকেত | |
ISO 639-2 | doi |
ISO 639-3 | Variously: doi – ডোগ্ৰী (সাধাৰণ) dgo – ডোগ্ৰী (বিশেষ) xnr – কাংৰি |
লিপি
সম্পাদনা কৰকডোগ্ৰী আদিতে তাকৰি লিপিত লেখা হৈছিল। তাকৰি লিপিৰ সৈতে কাশ্মিৰী ভাষা লিখতে ব্যৱহৃত কৰা শাৰদা লিপি আৰু পঞ্জাবী ভাষা লিখাত ব্যৱহৃত গুৰুমুখী লিপিৰ সৈতে মিল আছিল। বৰ্তমানে ই দেৱনাগৰী লিপিৰে অথবা নাস্তালিক লিপিৰে (পাকিস্তান আৰু পাকিস্তান নিয়ন্ত্ৰিত কাশ্মীৰত) লিখা হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Dogri" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/doi। আহৰণ কৰা হৈছে: 2022-07-15.
- ↑ Cultural Forum. India (Republic) Ministry of Scientific Research and Cultural Affairs.. 1970. পৃষ্ঠা. 24. https://books.google.com/books?id=OjaTSuLMKx8C&q=Shakargarh.