ঢাকা বিশ্ববিদ্যালয় (সংক্ষিপ্তভাৱে ডি ইউ ) হৈছে বাংলাদেশৰ এখন স্বায়ত্তশাসিত চৰকাৰী গৱেষণা বিশ্ববিদ্যালয়। ১৯২১ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অক্সব্ৰিজ শিক্ষা ব্যৱস্থা অনুসৰণ কৰি প্ৰতিষ্ঠা কৰা হয়। ১৯২১ চনৰ ১ জুলাইৰ পৰা ইয়াৰ শিক্ষামূলক কাৰ্যসূচী আৰম্ভ হয়।[3] প্ৰথম অৱস্থাত বিভিন্ন পটভূমিৰ পণ্ডিত আৰু বিজ্ঞানীসকলে কঠোৰ গুণগত নিয়ন্ত্ৰণৰ প্ৰেক্ষাপটত ইয়াক অক্সফৰ্ড অৱ দ্য ইষ্ট হিচাপে স্বীকৃতি দিছিল।[4]

ঢাকা বিশ্ববিদ্যালয়
ঢাকা বিশ্ববিদ্যালয়ের লোগো.svg
ঢাকা বিশ্ববিদ্যালয়ের লোগো। ঢাবির মনোগ্রাম শিল্পী সমরজিৎ রায় চৌধুরী
মূলমন্ত্ৰ সত্যের জয় সুনিশ্চিত
স্থাপিত ১৯২১; ১০৩ বছৰ  আগতে (1921)
ধৰণ ৰাজহুৱা বিশ্ববিদ্যালয়সমূহ
ধৰ্মীয় ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
আচাৰ্য সাঁচ:বাংলাদেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি
উপাচাৰ্য মহম্মদ আখটাৰউজ্জামান
ডীন ১৩ জন
শৈক্ষিক কৰ্মচাৰী ১৯৯২[1]
প্ৰশাসনিক কৰ্মচাৰী ৪,৪১৭
শিক্ষাৰ্থী ৪৬,১৫০ (২০১৮-২০১৯)[2]
স্থান ঢাকা, বাংলাদেশ
চৌহদ নাগৰ, ২৮৩ একৰ (115 হেক্টৰ) (ইনস্টিটিউট অব লেদার ইঞ্জিনিয়ারিং ব্যতীত)
উপনাম ঢাবি
ৱেবছাইট সাঁচ:ইউআরএল

বৰ্তমান বিশ্ববিদ্যালয়খনৰ মুঠ ১০৫ খন সংযুক্ত মহাবিদ্যালয় আছে, য'ত আছে ১৩ টা অনুষদ, ৮৩ টা বিভাগ, ১৩ টা প্ৰতিষ্ঠান, ৫৬ টা গৱেষণা ব্যুৰো আৰু কেন্দ্ৰ, ২০ টা আৱাসিক হল আৰু ৩ টা ছাত্ৰাবাস, আৰু ৭ টা স্নাতক পৰ্যায়ৰ সংযুক্ত চৰকাৰী মহাবিদ্যালয়। সংযুক্ত মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু কাৰ্য্যকলাপ বেলেগ বেলেগ। ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল বাংলাদেশৰ সৰ্ববৃহৎ পুথিভঁৰাল।[5]

ঢাকা বিশ্ববিদ্যালয়ত অসংখ্য বিশিষ্ট ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছে, য'ত আছে ১৩ জন ৰাষ্ট্ৰপতি, ৭ জন প্ৰধানমন্ত্ৰী আৰু এজন নোবেল বঁটা বিজয়ী। বাংলাদেশ জাতিৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে ইয়াত অধ্যয়ন কৰিছিল আৰু বাংলাদেশক স্বাধীন কৰি তোলাত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ অৱদান আছিল।[4] এই বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে সৰ্বাধিক বাংলাদেশ বিজ্ঞান একাডেমীৰ পদক লাভ কৰিছে।[6] [7] ইয়াৰ উপৰিও বাংলাদেশৰ একমাত্ৰ বিশ্ববিদ্যালয় যিয়ে এছিয়া উইকৰ শীৰ্ষ ১০০খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে।[8]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Error: no |title= specified when using {{Cite web}}". 
  2. "Error: no |title= specified when using {{Cite web}}". 
  3. হাওলাদার, আসিফ. "গৌরবোজ্জ্বল অতীত নিয়ে শতবর্ষে ঢাকা বিশ্ববিদ্যালয়" (bn ভাষাত). Prothomalo. https://www.prothomalo.com/bangladesh/%E0%A6%97%E0%A7%8C%E0%A6%B0%E0%A6%AC%E0%A7%8B%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A7%8D%E0%A6%AC%E0%A6%B2-%E0%A6%85%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A7%87-%E0%A6%B6%E0%A6%A4%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A2%E0%A6%BE%E0%A6%95%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F। আহৰণ কৰা হৈছে: 2022-05-21. 
  4. 4.0 4.1 মিয়া, সাজাহান. "ঢাকা বিশ্ববিদ্যালয়". বাংলাপিডিয়া: বাংলাদেশের জাতীয় জ্ঞানকোষ. বাংলাদেশ এশিয়াটিক সোসাইটি. https://bn.banglapedia.org/index.php/%E0%A6%A2%E0%A6%BE%E0%A6%95%E0%A6%BE_%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC। আহৰণ কৰা হৈছে: ২৯ জুন ২০২১. 
  5. "Dhaka University Library". Archived from the original on 8 March 2013. https://web.archive.org/web/20130308044619/http://www.du.ac.bd/du_library.php। আহৰণ কৰা হৈছে: 7 April 2013. 
  6. "Academy Gold Medal Award". bas.org.bd. Archived from the original on ২৬ সেপ্টেম্বর ২০১৫. https://web.archive.org/web/20150926174053/http://www.bas.org.bd/awards/gold-medal-award.html। আহৰণ কৰা হৈছে: ২২ জুন ২০১২. 
  7. munir. "BAS Gold Medal Award Ceremony 2011". bas.org.bd. Archived from the original on ২৯ জুলাই ২০১৩. https://web.archive.org/web/20130729174235/http://www.bas.org.bd/news/news-archive/256.html। আহৰণ কৰা হৈছে: ২২ জুন ২০১২. 
  8. "TIME Magazine -- Asia Edition -- March 10, 2013 - Vol. 183, No. 9". এশিয়া উইক. Archived from the original on ২৮ জানুয়ারি ২০০১. https://web.archive.org/web/20010128111100/http://www.asiaweek.com/asiaweek/features/universities2000/multi/64.html.