অসমীয়া হিন্দু সমাজত মানুহ মৰাৰ তিনি দিনৰ দিনা পালন কৰা লোকাচাৰেই হ'ল তিলনি। অসমীয়া সমাজত দেহত্যাগ কৰিলে ঘৰৰ লোক আৰু ঘৰখনক অশুচি বুলি জ্ঞান কৰা হয়। গতিকে,মানুহ মৰাৰ তিনিদিনৰ দিনা কাপোৰ কানি ভালদৰে ধুই- পখালি,চাফ-চিকুণ কৰা হয়। এঘটি পানীত তিল,চাউল,এৱা-গাখীৰ, দূবৰি বন আৰু তুলসী পাত মিলাই তিল জাল প্ৰস্তুত কৰি ঘৰ আৰু চৌহদত ছটিয়াই শুচি হয়। সেইদিনা গিয়াতি কুটুমে মৃতকৰ পৰিয়ালক চাউলৰ গুড়ি,কল,গাখীৰ, বিভিন্ন ফল মূল খাবলৈ দিয়ে আৰু গধূলি পৰিয়ালৰ লোকে প্ৰথম হবিছ কৰে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. তিলনি (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১. পৃষ্ঠা. ৩২৬.