তুলসীদাস বা গোস্বামী তুলসীদাস হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্ৰধান কবিসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ সংস্কৃত বাল্মীকি ৰামায়ণৰ তেওঁ অৱধি ভাষালৈ কৰা ৰামচৰিত-মানসৰ অনুবাদৰ বাবে প্ৰধানকৈ প্ৰখ্যাত। তুলসীয়ে জীৱনৰ অধিক কাল বাৰানসীৰ আশী ঘাটৰ সমীপত কটায়। তেওঁৰ সাধনাৰ স্থানখিনি বৰ্তমান তুলসী ঘাট নামে প্ৰখ্যাত। বাৰানসীৰ এই ঘাটৰ নাতি দূৰৈত তেওঁৰ স্মৃতিত তুলসী-মানস মন্দিৰ নিৰ্মাণ কৰা হৈছে। বাৰানসীৰ সংকট মোচন হনুমান মিন্দৰ তেওঁ প্ৰতিষ্ঠা কৰা বুলি জনা যায়।

জন্ম আৰু শৈশৱসম্পাদনা কৰক

গোস্বামী তুলসীদাসৰ জন্ম হয় ১৫৫৪ চনত।[1] তেওঁৰ জন্মস্থান সম্পৰ্কে যথেষ্ট বিতৰ্ক আছে। অযোধ্যা, ৰাজাপুৰ, চিত্ৰকূট আদি ঠাই তুলসীদাসৰ জন্মস্থান বুলি দাবী কৰে। তেওঁৰ দেউতাকৰ নাম আছিল আত্মৰাম শুক্ল ডুবে, মাতৃৰ নাম হুলাচী আৰু প্ৰথম অৱস্থাত তেওঁৰ নিজৰ নাম আছিল ৰাম ব’লা। তেওঁৰ শহুৰ আছিল দীনবন্ধু পাঠক নামৰ এজন ব্যক্তি আৰু তেওঁৰ পৰিবাৰৰ নাম আছিল ৰত্নাৱলী। তুলসীদাসৰ পুত্ৰৰ নাম আছিল তাৰক। ১৬২৩ চনত তুলসীদাসে মৃত্যুবৰণ কৰে। তুলসীদাসে নিজৰ জীৱনৰ বিষয়ে প্ৰত্যক্ষভাৱে একো লিখা নাছিল। ধাৰণা কৰা হয় যে তেওঁক নিজ পিতৃ-মাতৃয়ে পৰিত্যাগ কৰিছিল। আৰু যিজন যাযাবৰ ভিক্ষু তেওঁক তুলিতালি ডাঙৰ-দীঘল কৰিছিল (তওঁৰ দিহা-পৰামৰ্শতে তুলসীদাসে আধ্যাত্মিক জ্ঞান লাভ কৰিছিল।[2]

অবিনাশ ৰয় নামৰ এজনে লিখা তুলসীপ্ৰকাশ’নামৰ গ্ৰন্থখনৰ ওপৰত ভিত্তি কৰি ৰামদত্ত ভৰদ্বাজে লিখিছে, ‘তুলসীৰ মাত্ৰ দহ মাহ বয়সতে তেওঁৰ পিতৃ-মাতৃ ঢুকাইছিল। তেওঁৰ শৈশৱকালটো আছিল সম্পূৰ্ণ যন্ত্ৰণাদায়ক আৰু কষ্টকৰ। জীয়াই থাকিবৰ বাবে তেওঁ ভিক্ষা কৰিছিল। তেওঁৰ পিতৃ-মাতৃ অৱশ্যে বেচ সম্ত্ৰান্ত আছিল, কিন্তু তেওঁলোকৰ মৃত্যুৰ লগতে তুলসীৰ খুড়াকজনৰ মৃত্যুৰ পিচত তুলসী হৈ পৰিছিল ঘাতমাউৰা, যাৰ উপাৰ্জনৰ কোনো উৎস নাছিল। কিন্তু তেওঁৰ আইতাক জীয়াই আছিল, আৰু আইতাকেই তুলসীক ভগৱান ৰামৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিক্ষা দিছিল। মুখত ভগৱান ৰামৰ নাম লৈয়েই তুলসীয়ে ভিক্ষা কৰিবলৈ গৈছিল।[2]

এইখিনিৰ পৰা সিদ্ধান্ত লব পৰা যায় যে তুলসীৰ শৈশৱকালটো সুখৰ আৰু আৰামদায়ক নাছিল। শিশু অৱস্থাতে তেওঁ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লাগিছিল। সম্ভৱতঃ শৈশৱকালতে তেওঁৰ পিতৃ-মাতৃৰ পৰা আঁতৰিবলগীয়া হৈছিল।

পাৰিবাৰিক জীৱনসম্পাদনা কৰক

প্ৰচলিত মত অনুসৰি তুলসীৰ পৰিবাৰ ৰত্নাৱলীৰ অনুপ্ৰেৰণাতে তুলসীয়ে অঘৰী তপস্বীৰ জীৱন বাছি লৈছিল। সাধাৰণ মানুহে ৰত্নাৱলীক অতি উচ্চ আসনত ৰাখে আৰু তেওঁৰ বিষয়েও কেইবাখনোগ্ৰন্থ ৰচনা কৰা হৈছে। বেণীমাধৱ দাসৰ ‘মূল গোসাঁইচৰিত”ত উল্লেখ আছে যে তুলসীৰ তেওঁৰ প্ৰতি থকা অধিক প্ৰেমভাবৰ বাবে সৃষ্টি হোৱা খঙৰ ভমকত ৰত্নাৱলীয়ে এবাৰ কৈছিল, ‘এই মঙহ আৰু হাড়ৰ জঁকাটোৰ বাবে থকা তোমাৰ সমৰ্পণমূলক ভাবৰ যদি আধাও ৰামৰ বাবে দিলাহেঁতেন তেতিয়াহলে তুমি নিশ্চয়কৈ পৃথিৱীৰ অন্তহীন জন্ম আৰু মৃত্যুৰ ৰহস্যকলৈ থকা মানুহৰ ভয় অতিক্ৰম কৰিব পাৰিলাহেঁতেন। এই শৰীৰত বন্দী আত্মাই উপলব্ধি কৰা দুখ আৰু শোকৰ অন্ত পেলাব পাৰিলাহেঁতেন। ’ তুলসীৰ জীৱন সম্পকৰ্কীয় কেইবাখনো জীৱনীয়ে ৰত্নাৱলীৰ প্ৰতি থকা তেওঁৰ গভীৰ একাত্মতাৰ কথা উল্লেখ কৰিছে। তুলসীয়ে নিজেও তেওঁৰ বিবাহিত জীৱনৰ বিষয়ে প্ৰৰোক্ষভাৱে কিছু ইংগিত দিছে যদিও এই বিষয়ে পণ্ডিতসকলৰ মাজত শংকাৰ অৱকাশ আছে।[2]

চৰিত আৰু জীৱনী গ্ৰন্থত তুলসীদাসসম্পাদনা কৰক

তুলসীৰ শিষ্যসকলে তেওঁৰ জীৱনটোক লৈ কিছুমান অলৌকিক ধ্যান-ধাৰণা সুমুৱাই কেইবাখনো চৰিত লিখি উলিয়াইছিল। ৰঘুবৰ সিং, ভৱানী দাস, জানকী ৰায়ৰ দৰে বহুতে তুলসীদাসৰ জীৱনী লিখিছে। তুলসীদাসৰ জীৱন সম্পৰ্কে কিছু কথা বেণীমাধৱ দাসে লিখা ‘মূল গোসাঁইচৰিত’ নামৰ গ্ৰন্থখনত পোৱা যায়। কোৱা হয় যে বেণীমাধৱ দাস তুলসীৰ শিষ্য আছিল আৰু তুলসীৰ লগে লগেই ঘূৰিছিল। তুলসীৰ জীৱনৰ কিছু উল্লেখযোগ্য ঘটনা যেনে তেওঁৰ জন্ম, জন্মস্থান, পৰিবাৰৰ উপদেশত তেওঁ কৰা পৰিয়াল ত্যাগ, মোগল সম্ৰাট জাহাংগীৰৰ লগত তেওঁৰ চিনাকি আদিৰ বিৱৰণ এই জীৱনীখনত আছে। নিজৰ জীৱন কালতে তুলসীদাস সাধুকথালৈ পৰিণত হৈছিল। পৰিয়ালকেন্দ্ৰিক জীৱন পৰিত্যাগ কৰাৰ পিচত তুলসীয়ে ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমণ কৰিছিল। কাশী, চিত্ৰকূট আৰু অযোধ্যা আছিল তেওঁৰ পছন্দৰ ঠাই। বিভিন্ন ভিক্ষু আৰু বাষিবোৰৰ লগত তেওঁ শাস্তি বিচাৰি ঘূৰি ফুৰিছিল। পিচলৈ তেওঁ এক দীঘলীয়া তীৰ্থযাত্ৰা কৰিছিল, ‘মূল গোসাঁইচৰিত’ নামৰ গ্ৰন্থখনৰ মতে এই তীৰ্থযাত্ৰা চৈধ্য বছৰ দহ মাহ সোতৰ দিনৰ দীঘলীয়া যাত্ৰা আছিল। তীৰ্থযাত্ৰাৰ সময়ছোৱাত তেওঁ প্ৰয়াগ, অযোধ্যা আৰু জগন্নাথ পুৰী ভ্ৰমণ কৰিছিল। পুৰীৰ পৰা তেওঁ দক্ষিণ ভাৰতত থকা ৰামেশ্বৰমলৈ গৈছিল। তেওঁ কৈলাস মানসৰোবৰলৈ ভ্ৰমণ কৰাৰ কথা চৰিত সমূহত পোৱা যায়।

তুলসীদাসৰ ৰচনাসম্পাদনা কৰক

গোস্বামী তুলসীদাসে হিন্দী ৰামকাৱ্য ৰচনাৰ ক্ষেত্ৰত মহত্ত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। হিন্দী ৰামভক্তিধাৰাত বহুকেইজন কবি আছে যদিও তুলসীদাসৰ বাবে ৰাম ভক্তিধাৰাই সাহিত্যিক মহত্ত্ব লাভ কৰিছে। তুলসীদাসৰ ৰচনাৰ ভিতৰত ৰামচৰিত-মানস, বৰৱৈ ৰামায়ণ, ৰামগীতাৱলী, বিনয়পত্ৰিকা, কবিতাৱলী, ৰামাজ্ঞাপ্ৰশ্ন, জানকীমংগল আৰু দোহাৱলী আদি অন্য়তম। এইবিলাকৰ ভিতৰত অধিক প্ৰসিদ্ধ আৰু জনপ্ৰিয় ৰামচৰিতমানসেই এখন পূৰ্ণাংগ কাব্য। বাকীবিলাকত ৰামকথাৰ অংশবিশেষহে বৰ্ণনা কৰা আছে। ধৰ্মীয় আৰু সাহিত্যিক উভয় দৃষ্টিতেই ‘ৰামচৰিত- মানস মহত্ত্বপূৰ্ণ। ৰামভক্তিৰ বিকাশতো এই গ্ৰন্থৰ অৱদান অনন্য। তুলসী-ৰামচৰিতমানসত নানা ঠাইৰপৰা ৰামকথাৰ বিভিন্ন সম্ভাৰ প্ৰয়োগ কৰিছে। ৰাম-চৰিতমানসত তুলসীদাসে স্বকীয় কৱিসুলভ কলা-কৌশল খটুৱাই ৰাম- ভক্তিৰ এক সুন্দৰ ৰূপ সৃষ্টি কৰিছে। বাণ্মীকীয় ৰামায়ৰ বাহিৰেও অন্য ৰামায়ণ সাহিত্যৰ দ্বাৰা কবিজন প্ৰভৱিত হোৱা কাৰণে তেওঁৰ বিভিন্ন ৰচনাত একেটা কাহিনীকে বিভিন্ন ধৰণে পোৱা যায়। ৰামচৰিত-মানসৰ কাহিনী ভাগত ঘাইকৈ সংস্কৃত অধ্যাত্ম ৰামায়ণ আৰু জয়দেৱৰ প্ৰসন্নৰাঘৱ নাটকৰ প্ৰভাৱ পৰিছে।[3] ছাৰ জৰ্জ গ্ৰিয়েৰছনে তুলসীদাসৰ ৰামচৰিত মানসৰ বিষয়ে কৈছে যে গোটেই ইংলেণ্ডখনত বাইবেলখনৰ যিমান প্ৰভাৱ, বেংগল, পাঞ্জাব, হিমালয়, বিন্ধ্য আৰু মধ্য প্ৰদেশত এই ৰামায়ণখনৰ প্ৰভাৱ ততোধিক। একে মতামত গ্ৰিফিথ নামৰ এজন বিদ্বানৰ মতেও ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলবিলাকত তুলসীদাসৰ ৰামায়ণৰ প্ৰভাৱ, জনপ্ৰিয়তা আৰু সন্মান ইংলেণ্ডত বাইবেলৰ জনপ্ৰিয়তা আৰু প্ৰভাৱতকৈও বেছি। পৃথিৱীৰ বিভিন্ন ভাষালৈ ৰামচৰিত মানসৰ অনুবাদ হৈছে।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. পোদ্দাৰ, হনুমানপ্ৰসাদ. শ্ৰীৰামচৰিতমানস. প্ৰকাশক গোৰখপুৰ: গীতাপ্ৰেস,. পৃষ্ঠা. ৯৬৭. 
  2. 2.0 2.1 2.2 গোস্বামী,, ইন্দিৰা. ৰামায়ণ গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ (প্ৰথম সম্পাদনা). প্ৰকাশক গুৱাহাটী: দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ. পৃষ্ঠা. ২৬-৪০. 
  3. মহন্ত, কেশদা (২০১১). অসমীয়া ৰাময়ণী সাহিত্য কথাবস্তুৰ আঁতিগুৰি. বেদকণ্ঠ. পৃষ্ঠা. ৩৮.