তৃণমূল গণ পৰিষদ (Grassroot Peoples Association) ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল।

তৃণমূল গণ পৰিষদ
নেতা অতুল বৰা
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ২০০০
মূখ্য কাৰ্যালয় আনন্দ প্লাজা কমপ্লেক্স, চতুৰ্থ মহলা, গণেশগুৰি চাৰিআলি, গুৱাহাটী-৭৮১০০৬

ইতিহাস সম্পাদনা কৰক

তৃণমূল গণ পৰিষদ(চমুকৈ তৃগপ-TGP) ২০০০ চনত অসম গণ পৰিষদ দলৰ বিভাজনৰ দ্বাৰা গঠন হৈছিল। সেই সময়ৰ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এই দলটো গঠন হৈছিল। দলটোৰ নিৰ্বাচনী প্ৰতীকচিহ্ন আছিল "কাপ-প্লে'ট"। [1]

নিৰ্বাচন সম্পাদনা কৰক

২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জোঁট গঠন কৰিছিল। বিহপুৰীয়া সমষ্টিৰ পৰা বৰ্ষীয়ান প্ৰেমধৰ বৰা এই নিৰ্বাচনত বিধায়ক ৰূপে অসম বিধানসঅভালৈ নিৰ্বাচিত হৈছিল।

২০০৪ চনৰ লোকসভা নিৰ্বাচনত অধ্যাপক দেবেন দত্তই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তৃগপৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ ১৪,৯৩৩ টা ভোট (মুঠ ভোটৰ ১.৬৯%) পাইছিল।

নেতৃত্ব সম্পাদনা কৰক

  • অতুল বৰা
  • দেবেন দত্ত
  • পুলকেশ বৰুৱা

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক