তৰাৱতী বড়ি (জন্ম : ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।[1]

তৰাৱতী বড়ি
আন নাম ঐনিতম সম্ৰাজ্ঞী
জন্ম ১৬ এপ্ৰিল, ১৯৫০
শিৱসাগৰ জিলাৰ দিচাংমুখৰ মাজৰবাৰী গাওঁ
মূল অসম, ভাৰত
সংগীতৰ প্ৰকাৰ লোক-সংগীত
পেচা কণ্ঠশিল্পী


জন্ম সম্পাদনা কৰক

শিৱসাগৰ জিলাৰ দিচাং মুখৰ মাজৰবাৰী গাঁৱত ১৯৫০ চনত তৰাৱতী বড়িৰ জন্ম হৈছিল।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • অসম চৰকাৰৰ শিল্পী পেঞ্চন[2]
  • মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বিশেষ সন্মান ২০১৫[3]
  • প্ৰাগ প্ৰেৰণা সন্মান ২০১৯[3]
  • মিচিং দৃৰবৌ কৌবাঙৰ নিতম দকচৰি সন্মান[3]
  • ড° ভূপেন হাজৰিকা সংহতি বঁটা ২০২২[3]
  • সংগীত নাটক একাডেমী বঁটা ২০২২[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক