থিড়াম্বু নৃত্যম বা থিড়াম্বু নৃত্য হৈছে ভাৰতৰ উত্তৰ মালাবাৰ অঞ্চলৰ মন্দিৰসমূহত পৰিবেশন কৰা হিন্দু পৰম্পৰাগত লোক-নৃত্য। ইয়াক প্ৰধানকৈ নামবুদিৰী সম্প্ৰদায়ে আৰু শিৱল্লী, কৰ্হাদে আৰু হাব্যক আদি কিছু ব্ৰাহ্মণ, থিয়য়াৰ সম্প্ৰদায়ে পৰিৱেশন কৰে।[1]

থিড়াম্বু নৃত্য
থিড়াম্বু নৃত্য

থিড়াম্বু নৃত্যমত শিল্পীসকলে তেওঁলোকৰ আৰাধ্য দেৱতা ‘থিড়াম্বু’ৰ সজ্জিত প্ৰতিমূৰ্ত্তি মূৰত লৈ নৃত্য কৰে।[2]

মন্দিৰৰ ভিতৰ আৰু বাহিৰ দুয়োতে এই নৃত্য মঞ্চস্থ কৰা হয়। এই নৃত্য মঞ্চস্থ কৰাৰ বাবে দহজন ব্যক্তিৰ প্ৰয়োজন। সুন্দৰকৈ সজ্জিত কৰা দেৱতাৰ মুৰ্তী মূৰত তুলি লৈ নৃত্য পৰিবেশন কৰা হয়। ঢোলৰ ছন্দত ভৰি চালনাৰে নৃত্য কৰা হয়। থিড়াম্বু নৃত্যম সাধাৰণতে নামবুথিৰি (কেৰালাৰ ব্ৰাহ্মণ) আৰু থিয়াৰাসকলে কৰে। এই নৃত্যৰ বাবে সাতজন সংগীতজ্ঞ আৰু দুজন প্ৰদীপধাৰী থাকিব লাগে।[3] এই নৃত্য কেৱল শিল্পী পুৰুষসকলেহে কৰে। সংগীতজ্ঞসকল মাৰাৰ বা পথুৱাল সম্প্ৰদায়ৰ আৰু পুষ্পাকন (উন্নী), নাম্বীছান, ভাৰিয়াৰ, উন্নিথিৰি সম্প্ৰদায়ৰ লোকে প্ৰদীপ বহন কৰে।

নৃত্যশিল্পী সকলে ভাঁজ কৰা কাপোৰৰ স্কাৰ্ট, ৰেচমৰ গেঞ্জী, কাণফুলি, খাৰু, ডিঙিত পিন্ধা গহনা আৰু উষ্ণীপীতম নামৰ এবিধ পাগুৰি পৰিধান কৰে। উৰায়াল, দেৱতাক আমন্ত্ৰণ, ঠাকিলাদী আদন্তা, চেম্বাদা, পমচান আদি বিভিন্ন পৰ্যায়ৰ মাজেৰে এই অনুষ্ঠানৰ সূচনা কৰা হয়। এই নৃত্যত সাধাৰণতে নৃত্যশিল্পীৰ এটা দল থাকে, ইয়াৰে পাঁচজনে সংগীত বজায় আৰু দুজনে প্ৰদীপবোৰ ওপৰলৈ তুলি ধৰে।[3]

নাট্যশাস্ত্ৰত নিৰ্ধাৰিত নৃত্যৰ নীতি অনুসৰণ কৰা থিড়াম্বু নৃত্যম অনুষ্ঠানৰ ইতিহাস ৬০০–৭০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। সাধাৰণতে কেৰেলাৰ কান্নুৰ আৰু কাছাৰগড়ৰ মন্দিৰসমূহত নামবুদিৰিসকলে এই পৰম্পৰা পালন কৰিছিল।

থিড়াম্বু নৃত্যমৰ উৎপত্তি সম্পৰ্কে এতিয়াও সঠিক অনুসন্ধান কৰিব পৰা হোৱা নাই। কোলাথিৰিৰ সময়ত উত্তৰ মালাবাৰলৈ প্ৰব্ৰজন কৰা তুলু ব্ৰাহ্মণসকলে হয়তো কৰ্ণাটকৰ পৰা এই নৃত্যৰ প্ৰচলন কৰিছিল য'ত "দৰ্শন বালি" নামৰ "নৃত্যম"ৰ এটা ৰূপ প্ৰচলিত আছিল। প্ৰতিমূৰ্ত্তীবোৰ বাঁহেৰে তৈয়াৰ কৰা হয় আৰু জটিল ডিজাইনৰ দ্বাৰা এটা সুন্দৰ সজ্জা তৈয়াৰ কৰা হয়। সাধাৰণ লোকাচাৰ অনুষ্ঠিত কৰাৰ পিছত পৰম্পৰাগত শৈলীৰ সাজ-পোছাক পৰিধান কৰি পুৰোহিত নৃত্যশিল্পীজন ওলাই আহি পতাকাৰ তলত থিয় হৈ প্ৰায় ১০ কিলোগ্ৰাম ওজনৰ প্ৰতিৰূপখন মূৰত ওপৰত তুলি লৈ ঐশ্বৰিক নৃত্য আৰম্ভ কৰে।[4]

আন এটা কিংবদন্তি মতে : এজন নামবুথিৰীয়ে কুঁহিলা গছৰ তলত বহি ধ্যান কৰি আছিল। তেঁওৰ গোটেই শৰীৰত ঘাঁ হৈছিল। মাজে মাজে গছৰ পৰা সৰি পৰা ফলবোৰে তেওঁৰ শৰীৰত পৰি তেওঁক অধিক যন্ত্ৰণা দিছিল। যন্ত্ৰণাত তেওঁ গছজোপাক অভিশাপ দিছিল : “এই গছজোপাই আৰু ফল নিদিব।” উৎসৱৰ সময়ত নৃত্য কৰা নামবুথিৰি পুৰোহিতসকলে গছৰ তলত এটি সৰু “মণ্ডপম” বা মণ্ডপ সাজি তাত বিভিন্ন দেৱতাৰ মূৰ্তি স্থাপন কৰে আৰু লোকসকলে এই দেৱতাসকলক আৰাধনা কৰে।[5]

প্ৰদৰ্শন

সম্পাদনা কৰক

“কোট্টি উৰায়িকল”ৰ যোগেদি থিড়াম্বু নৃত্যমৰ আৰম্ভণি কৰা হয়, এই স্তৰত বিভিন্ন ছন্দত ঢোল বজোৱা হয়, যিয়ে পৰিবেশক আৰু দৰ্শক সকলোকে সমানে মনোৰঞ্জন দিয়ে। তাৰ পিছত “থিড়াম্বু" মূৰত লৈ ছন্দ মিলাই নৃত্যশিল্পীসকলে নৃত্য আৰম্ভ কৰে।

সময়ৰ পৰিবৰ্তনৰ লগে লগে এই অনন্য লোকাচাৰ কলাৰ ৰূপটোৰো কিছু পৰিৱৰ্তন ঘটিছে। থিড়াম্বু নৃত্যমৰ থলামৰ সামান্য পৰিৱৰ্তন ঘটিছে যদিও ইয়াৰ মৌলিক ধাৰণাবোৰৰ বিশেষ সলনি হোৱা নাই আৰু এই পৰিৱৰ্তনে শিল্পটোত অধিক নতুনত্ব আৰু বৈচিত্ৰ্যৰ সংযোজন কৰিছে। এই শিল্পত আৱেগ প্ৰকাশৰ কোনো পৰিসৰ নাই।

থ্ৰিচম্বৰমৰ থিড়াম্বু নৃত্যম সম্পৰ্কীয় এটা কিংবদন্তি প্ৰচলিত। ভগৱান শ্ৰীকৃষ্ণৰ এজন উগ্ৰ ভক্ত আছিল - এজন নামবুথিৰী। কৃষ্ণৰ আশীৰ্বাদ বিচাৰি তেওঁ প্ৰতিদিনে মন্দিৰলৈ গৈছিল। এসময়ত তেওঁ বুঢ়া হৈ গ’ল আৰু মন্দিৰটোলৈ খোজ কাঢ়ি যাব নোৱাৰা হৈ পৰিল। শাৰীৰিক অক্ষমতাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিলে : “হে মোৰ প্ৰিয় কৃষ্ণ, মই তোমাৰ ওচৰলৈ যাব নোৱাৰো; মোক ক্ষমা কৰা"। কিংবদন্তিমতে, সেই নিশা ভগৱান কৃষ্ণই তেওঁৰ ভাতৃ বলোৰামৰ সৈতে তেওঁৰ ওচৰলৈ আহি নামবুথিৰীৰ ঘৰৰ ঠিক সন্মুখৰ “পোক্কোট্টু নাড়া" নামৰ ঠাইত নৃত্য কৰিছিল। সেইবাবে থ্ৰিচম্বৰমৰ থিড়াম্বু নৃত্যমত দুয়োজনৰ মূৰ্ত্তী মূৰত লৈ বাদ্যযন্ত্ৰৰ তালত নৃত্য কৰা হয়।[6]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক