থুনুকী দাস
থুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা হাজাৰ হাজাৰ জনতাৰ সমদলত তেওঁ অংশগ্ৰহণ কৰি আগুৱাই গৈছিল৷ পিছত এই সমদলৰ দতি ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা কৰে আৰু সেই লাঠিচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত থুনুকী দাসৰ কিছুদিন পিছতেই মৃত্যু ঘটে৷[1]