থুৰীয়া
কাণত পিন্ধা এবিধ অলংকাৰ
থুৰীয়া কাণত পিন্ধা এবিধ অলংকাৰ। এবিধ বিশেষ বাখৰেৰে এইবিধ অলংকাৰ সজোৱা হয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে। ইয়াৰ চানেকি এপাহ ফুলৰ দৰে। সমুখৰ ফুলটোৰ পিছফালে এডাল শলা থাকে, সেই শলা ডাল কাণৰ লতিৰে সুমুৱাই দি পিছপিনৰ অংশটো পেঁচ গজালৰ (স্ক্ৰু) দৰে পকাই পৰিধান কৰা হয়। থুৰীয়া বিভিন্ন প্ৰকাৰৰ আছে। যেনে- উকা থুৰীয়া, বাখৰুৱা থুৰীয়া, সোণৰ থুৰীয়া, বাখৰ পতা, ৰূপৰ থুৰীয়া, জাংফাই থুৰীয়া ইত্যাদি। [1]

তথ্যসংগ্ৰহ
সম্পাদনা কৰক- অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ১৮০)
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2025-05-02. https://web.archive.org/web/20250502105432/https://dipr.assam.gov.in/। আহৰণ কৰা হৈছে: 25-07-2025.