দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা

মেঘালয়ৰ জিলা

দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য (ইংৰাজী: South West Garo Hills)[1] ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। ২০১২ চনৰ ৭ আগষ্টত আমপতি অসামৰিক উপ-বিভাগটোক দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য হিচাপে এখন পূৰ্ণাংগ জিলালৈ উন্নীত কৰা হয় আৰু ইয়াৰ জিলাৰ সদৰ আমপতিত অৱস্থিত।[2] ইয়াক ভাৰতৰ মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী ড° মুকুল চাংমাই উদ্বোধন কৰে।

দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা
—  মেঘালয়ৰ জিলা  —
মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অৱস্থান।
মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অৱস্থান।
দেশ ভাৰত
ৰাজ্য মেঘালয়
স্থাপিত
মুখ্যালয় আমপতি
মাটিকালি
 - মুঠ ৮২২ কি.মি. 
(৩১৭.৪ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১,৭২,৪৯৫ জন
 - জনঘনত্ব ২০৯.৮ প্ৰতি বৰ্গ কি.মি. 
(৫৪৩.৫ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - সাক্ষৰতাৰ হাৰ ৫৬.৭%
 - লিংগ অনুপাত
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
ৱেবছাইট southwestgarohills.gov.in
মেঘালয়ৰ মুখ্যমন্ত্ৰী ড° মুকুল চাংমাৰ দ্বাৰা দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা উদ্বোধন; ৭ আগষ্ট, ২০১২

ইতিহাস সম্পাদনা কৰক

দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলাখন বৰ্তমানৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে। জিলাখনৰ সকলো গাঁৱক দুটা Community and Rural Development Block য়ে পৰিচালনা কৰে৷ সেই দুটা ব্লক হৈছে- বেটাচিং আৰু জিকজাক Community and Rural Development Block৷

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ জনসংখ্যা হৈছে ১,৭২,৪৯৫জন তাৰে ৮৭,১৩৫ গৰাকী পুৰুষ আৰু ৮৫,৩৬০ গৰাকী মহিলা। ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫৬.৭%।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

আধিকাৰিক ৱেবছাইট