দন্ত চিকিৎসা (ইংৰাজী: dentistry) মুখ গহ্বৰ, সাধাৰণতে দাঁত যদিও লগতে মুখৰ বিশেষকৈ মেক্সফেচিয়েল অঞ্চলৰ আৱৰণি কলাৰ গঠন আদিৰ অধ্যয়ন, চিকিৎসা, ৰোগৰ প্ৰতিৰোধ আৰু উপচাৰ, বিসংগতি আৰু পৰিস্থিতিৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ এটা শাখা।[2] এই শাখাটো প্ৰাথমিকভাৱে দাঁতৰ লগত জড়িত যদিও, দন্ত চিকিৎসাৰ ক্ষেত্ৰখন কেৱল দাঁতৰ গঠন, বিকাশ, আৰু বিসংগতিৰ অধ্যয়নতে (odontology; প্ৰাচীন গ্ৰীক ὀδούς (odoús, "দাঁত")ৰ পৰা) সীমাবদ্ধ নহয়।


এজন ৰোগীক দন্ত চিকিৎসকে চিকিৎসা প্ৰদান কৰি থকা মুহূৰ্ত্ত ( কাষত দন্ত চিকিৎসকৰ সহযোগী )
জীৱিকা
নাম দন্ত চিকিৎসক (Dentist, Dental Surgeon, Doctor)[1]
সক্ৰিয়তাৰ ক্ষেত্ৰ
স্বাস্থ্য সেৱা
বিৱৰণ
যোগ্যতা সহানুভুতি, আন্তব্যক্তিগত সম্পৰ্ক যোগ্যতা, দক্ষ ব্যক্তি, হস্তচালিত কৌশল, বিবেচনাত্মক চিন্তা, বিশ্লেষণাত্মক যোগ্যতা, সন্মিলিত দলবদ্ধ কাৰ্য্য, পৰিকল্পনা যোগ্যতা আৰু শিল্পকাৰিতা
প্ৰয়োজনীয় শিক্ষা
দন্ত চিকিৎসাবিজ্ঞানৰ স্নাতক
এজন দন্ত চিকিৎসকে সহায়কৰ সতে দাঁত উঠাই আছে
অনুদৈৰ্ঘ্যভাবে ছেদ কৰা গুৰিদাঁতৰ দৃশ্য; 1: ক্ৰাউন (crown), 2: ৰুট( root) 3: এনামেল (enamel), 4: ডেণ্টিন আৰু ডেণ্টিনৰ দণ্ড (dentin and dentin tubules), 5: পাল্প গহ্বৰ (pulp chamber), 6: ৰক্তবাহী নলিকা আৰু স্নায়ু, 7: পেৰিঅ'ডণ্টেল লিগামেণ্ট (periodontal ligament), 8: এপেক্স (apex), 9: এলভিঅ'লাৰ হাড় ( alveolar bone)

সামগ্ৰিক স্বাস্থ্যৰ বাবে দন্ত চিকিৎসা অতি গুৰুত্বপূৰ্ণ। দাঁতৰ চিকিৎসা কৰা লোকসকলক দন্ত চিকিৎসক (dentist) বোলে। অন্যান্য সহযোগীৰ (dental auxiliaries (dental assistant, dental hygienist, dental technician, আৰু dental therapist) সৈতে দন্ত চিকিৎসকসকলে দলীয়ভাৱে চিকিৎসা কৰে। তেওঁলোকে ব্যক্তিগতভাৱে (primary care), চৰকাৰী চিকিৎসালয়ত (secondary care) আৰু অন্যান্য অনুষ্ঠানত (কাৰাগাৰ, সেনাবাহিনীৰ শিবিৰ, আদি) সেৱা প্ৰদান কৰে।

দন্ত চিকিৎসাৰ ইতিহাস মানৱতা আৰু সভ্যতাৰ ইতিহাসৰ দৰেই অতি পুৰণি। খ্ৰীষ্টপূৰ্ব প্ৰায় ৭০০০ বছৰৰ পৰাই ইয়াৰ প্ৰমাণ উপলব্ধ। সিন্ধু সভ্যতাৰ হৰপ্পা যুগতো ইয়াৰ প্ৰমাণ পোৱা গৈছে।[3] দাঁতৰ শল্য চিকিৎসাই প্ৰথম চিকিৎসা বিজ্ঞানক বিশেষীকৰণ কৰিছিল বুলি অনুমান কৰা হয়।[4]

ইতিহাস সম্পাদনা কৰক

চিকিৎসা পদ্ধতি সম্পাদনা কৰক

শিক্ষা আৰু অনুজ্ঞা পত্ৰ সম্পাদনা কৰক

বিশেষজ্ঞতা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Neil Costley; Jo Fawcett. "General Dental Council Patient and Public Attitudes to Standards for Dental Professionals, Ethical Guidance and Use of the Term Doctor". General Dental Council/George Street Research. 
  2. "Glossary of Dental Clinical and Administrative Terms". American Dental Association. http://www.ada.org/glossaryforprofessionals.aspx। আহৰণ কৰা হৈছে: 1 February 2014. 
  3. "Stone age man used dentist drill". BBC News. 6 April 2006. http://news.bbc.co.uk/1/hi/sci/tech/4882968.stm। আহৰণ কৰা হৈছে: 24 May 2010. 
  4. Suddick, RP; Harris, NO (1990). "Historical perspectives of oral biology: a series". Critical reviews in oral biology and medicine : an official publication of the American Association of Oral Biologists খণ্ড 1 (2): 135–51. doi:10.1177/10454411900010020301. PMID 2129621.