দন্দুৱা দ্ৰোহ (ইংৰাজী: Dundiya rebellion) ১৮শ শতিকাৰ শেষৰফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱা-চিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাইয়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল।[1] কোচবিহাৰ আৰু বিজনীৰ ৰজাৰ গোপন সহযোগত তেওঁলোকে কছাৰী, পঞ্জাবী আৰু হিন্দুস্তানী শৰনাৰ্থীৰ এটা দল গঠন কৰে আৰু নিজকে স্বাধীন ঘোষণা কৰি প্ৰায় গোটেই উত্তৰ গুৱাহাটী অধিকাৰ কৰে।

উজনি অসমত বুঢ়াগোহাঁই ব্যস্ত থকা বাবে বৰফুকনে তেওঁৰ পৰা সহায় নাপালে। তেওঁৰ হিন্দুস্তানী সৈন্যৰ এটা দল আৰু লগতে স্থানীয় বেলতলা আৰু ডিমৰুৱা ৰজাৰ কিছু সৈন্যৰ লগত ব্ৰহ্মপুত্ৰ পাৰ কৰি বিদ্ৰোহীসকল আক্ৰমণ কৰে। হৰদত্ত আৰু বীৰদত্ত পলাবলৈ সক্ষম হ'লেও পাছত তেওঁলোক ধৰা পৰে আৰু মৃত্যুদণ্ড বিহা হয়। বৰফুকনক ইয়াৰ বঁটাস্বৰূপে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. S. L. Baruah (1993). Last Days of Ahom Monarchy. প্ৰকাশক New delhi: Munshiram Manoharlal Publishers Pvt Ltd. পৃষ্ঠা. 151. 
  2. E. A. Gait (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink and Co.. পৃষ্ঠা. 214-15.