দবাৰ খিতাপসমূহ

দবাৰ খিতাপ হৈছে নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা উপাধি। এনে উপাধি সাধাৰণতে আজীৱন প্ৰদান কৰা হয়। আন্তঃৰাষ্ট্ৰীয় দবা সংস্থাই কেইবাটাও উপাধি প্ৰদান কৰে। ইয়াৰে আটাইতকৈ সন্মানীয় উপাধিটো হ’ল গ্ৰেণ্ডমাষ্টাৰ; বহুতো ৰাষ্ট্ৰীয় দবা ফেডাৰেচনেও "ৰাষ্ট্ৰীয় মাষ্টাৰ"ৰ দৰে উপাধি প্ৰদান কৰে।[1] সাধাৰণতে দবা মাষ্টাৰ হ’ল ইমান দক্ষতাসম্পন্ন খেলুৱৈ যে তেওঁলোকে সাধাৰণতে বেছিভাগ অপেছাদাৰীক পৰাস্ত কৰিব পাৰে।

বিশ্ব দবা সংস্থা বা চমুতে "ফিদে" স্থাপনৰ সময়ত "ৰাষ্ট্ৰীয় মাষ্টাৰ" উপাধিতকৈ উচ্চ খিতাপৰ সৃষ্টি কৰা‌ হয়। ১৯৫০ চনত ফিদেই "গ্ৰেণ্ডমাষ্টাৰ" আৰু "আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ" উপাধি সৃষ্টি কৰে, যাৰ প্ৰয়োজনীয়তা দিন যোৱাৰ লগে লগে ক্ৰমান্বয়ে আনুষ্ঠানিক হৈ পৰিল। ১৯৭৮ চনত ফিদেই "ফিদে‌ মাষ্টাৰ" নামৰ আন এটা নিম্ন খাপৰ খিতাপ‌ সৃষ্টি কৰে।

দবাৰ খিতাপসমূহ

  • গ্ৰেণ্ডমাষ্টাৰ (জি এম) হৈছে এজন দবা খেলুৱৈয়ে লাভ কৰিব পৰা সৰ্বোচ্চ খিতাপ। এজন খেলুৱৈয়ে গ্ৰেণ্ডমাষ্টাৰ খিতাপ লাভৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সাধাৰণ উপায় হ’ল এটা সময়ত ২৫০০ ফিদে ৰেটিং লাভ কৰা আৰু আবেদনকাৰীৰ নিজা দেশৰ উপৰিও আন দেশৰ গ্ৰেণ্ডমাষ্টাৰে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত তিনিটা অনুকূল ফলাফল ( নৰ্মছ বুলি কোৱা হয়) লাভ কৰা।
  • আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম): ন্যূনতম ২৪০০ ৰেটিং আৰু তিনিটা নৰ্মছৰ প্ৰয়োজন, আনহাতে জিএম খিতাপৰ তুলনাত নৰ্ম লাভৰ আৱশ্যকীয় অৰ্হতা কম।
  • ফিদে মাষ্টাৰ (এফ এম): ন্যূনতম ৰেটিং ২৩০০ৰ প্ৰয়োজন। কোনো নৰ্মচৰ প্ৰয়োজন নাই।

ওপৰত উল্লেখ কৰা উপাধিসমূহ পুৰুষ আৰু মহিলাৰ বাবে মুকলি। কেৱল মহিলাৰ বাবে পৃথক পৃথক খিতাপো আছে :

১৯৭৮ চনত নোনা গাপ্ৰিন্দছভিলিৰ পৰা আৰম্ভ কৰি ৪২ গৰাকী মহিলাইও জিএম খিতাপ অৰ্জন কৰিছে।[2]


কিছুমান উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ শীৰ্ষস্থান বা তাৰ ওচৰৰ স্থান দখল কৰি এই খিতাপবোৰ লাভ কৰাৰ এক বিকল্প উপায় আছে। উদাহৰণস্বৰূপে, বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ জয় কৰা ব্যক্তিক জিএম খিতাপ প্ৰদান কৰা হয়।[3]

ফিডে অনলাইন এৰিনাৰ জৰিয়তে লিংগ নিৰ্বিশেষে "নিম্ন খাপৰ" খেলুৱৈৰ বাবেও খিতাপ প্ৰদান কৰা হয়।[4]

  • এৰিনা গ্ৰেণ্ডমাষ্টাৰ (এজিএম): ন্যূনতম অনলাইন ফিদে ৰেটিং ২০০০ ৰ প্ৰয়োজন।
  • এৰিনা ইণ্টাৰনেশ্যনেল মাষ্টাৰ (এআইএম): ন্যূনতম অনলাইন ফিদে ৰেটিং ১৭০০ ৰ প্ৰয়োজন।
  • এৰিনা ফিদে মাষ্টাৰ (এএফ এম): ন্যূনতম অনলাইন ফিদে ৰেটিং ১৪০০ ৰ প্ৰয়োজন।

কোনো এটা এৰিনা খিতাপৰ বাবে কোনো নৰ্মছৰ প্ৰয়োজন নাই, অৱশ্যে খেলুৱৈয়ে একেৰাহে কমেও ১৫০খন বুলেট গেম, ১০০খন ব্লিটজ গেম বা ৫০খন ৰেপিড গেমৰ বাবে প্ৰয়োজনীয় ন্যূনতম অনলাইন ৰেটিং বজাই ৰাখিব লাগিব।

তথ্যসূত্ৰসমূহ

সম্পাদনা কৰক
  1. World Chess Federation. FIDE Handbook: Chess Rules. 1.0. Requirements for the titles designated in 0.31. Archived March 15, 2008, at the Wayback Machine Retrieved 9 December 2006.
  2. Current FIDE lists of top players with their titles are online at fide.com Archived April 30, 2008, at the Wayback Machine. Retrieved 11 December 2006
  3. "B. Permanent Commissions / 01. International Title Regulations (Qualification Commission) / FIDE Title Regulations effective from 1 January 2023 / FIDE Handbook" (en ভাষাত). International Chess Federation (FIDE). https://handbook.fide.com/chapter/B012023। আহৰণ কৰা হৈছে: 2023-05-03. 
  4. "What is the FOA Title? | FIDE Online Arena Help Center" (en ভাষাত). support.chessarena.com. https://support.chessarena.com/en/articles/6740792-what-is-the-foa-title। আহৰণ কৰা হৈছে: 2024-02-04.