দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ

লোক উৎসৱ

দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ (ইংৰাজী: DaliJunj Aru Hengerbhonga Utsav) কামৰূপ জিলাৰ ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ত দূৰ্গাপূজাৰ সময়ত পালিত এক লোক-উৎসৱ৷ নৱমী পূজাৰ দিনা এই পৰম্পৰা পালিত হয়৷ জনবিশ্বাসমতে পূজাৰ কেইদিন বাহিৰৰ পূজামণ্ডপসমূহত পূজা খাই মন্দিৰলৈ উভতি আহোঁতে, আন কিছুমানৰ মতে মহাদেৱক নোসোধাকৈ মাতৃগৃহলৈ যোৱা[1] পাৰ্বতীক মহাদেৱে মন্দিৰত প্ৰৱেশ কৰাত প্ৰৱেশ দ্বাৰত বাঁহ বান্ধি বাধা দিয়ে আৰু বাদানুবাদ হয়৷ তাৰপিছত দেৱীয়ে বলপূৰ্বক বাঁহৰ হেঙাৰ ভাঙি মন্দিৰত প্ৰৱেশ কৰে৷ ছয়গাঁৱৰ এই চণ্ডিকা দেৱালয়ৰ লগত চান্দ সদাগৰৰ কাহিনী জড়িত৷[2] কথিত আছে চান্দ সদাগৰে সপোনত পোৱা নিৰ্দেশমতে কৈলাসৰ পৰা দূৰ্গা দেৱীক কান্ধত আনি চম্পক নগৰত স্থাপন কৰিছিল৷ এই মন্দিৰেই শ্ৰীশ্ৰীচণ্ডিকা মন্দিৰ৷ শিৱসিংহৰ দিনৰে পৰা ইয়াত পূজা-অৰ্চনা চলি আহিছে৷ এই মন্দিৰৰ দেৱী পূজা কিছু ব্যতিক্ৰমী৷ ষষ্ঠীৰ দিনা ঘটপূজাৰে দূৰ্গা পূজা আৰম্ভ হয়৷[1]

লোকবিশ্বাসমতে, পূজাৰ কেইদিন বাহিৰত পূজা খাই নৱমীৰ সন্ধিয়া মন্দিৰত প্ৰৱেশ কৰিবলৈ পাঁচবাৰ প্ৰদক্ষিণ কৰে৷ এই সময়তে কলগছৰ ডিলা দলিয়াই ভক্তসকলৰ মাজত যুঁজ হয়৷ এয়েই দলিযুঁজ৷ তাৰপাছত মহাদেৱে মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াত দেৱীৰ ভক্তসকলে দেৱীক সহায় কৰিবলৈ আগবাঢ়ে আৰু শিৱভক্ত আৰু দেৱীভক্তৰ মাজত বাঁহডালক লৈ টনা-আজোৰা হয়৷ ইয়াকে হেঙাৰভঙা যুঁজ বোলে৷ এই যুঁজ চাবলৈ মন্দিৰ চৌহদত অনেক মানুহৰ সমাগম হয়৷[3]

এই দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱৰ নেতৃত্ব দিয়ে দুগৰাকী ব্ৰাহ্মণ ভক্তই৷ এগৰাকী শিৱৰ আৰু আনগৰাকীয়ে দূৰ্গাৰ ভাও দি অনুষ্ঠানটো পৰিৱেশন কৰে৷ নৱমীৰ দিনা পিছবেলা দেৱীৰ ভক্তসকলে দেৱীক ডাংকোলাকৈ আনি মন্দিৰৰ চাৰিওফালে পাঁচবাৰ ঘূৰোৱাৰ পিছত শিৱৰ ভাও লোৱা ভকতজনে দূৰ্গাৰ ভাও লোৱা ভকতজনক উদ্দেশ্যি কথিত ভাষাত বাদানুবাদ হয়৷

শিৱভক্ত: এমান দিন ক’ক গেইছিলি?
দূৰ্গাভক্ত: মাইথেৰ ঘৰত গেইছিলু৷
শিৱভক্ত: কাক সুধি গেইছিলি?
দূৰ্গাভক্ত: মাইথেৰ ঘৰোত যাওঁতে কাকনো সুধিবা লাগে?
শিৱভক্ত: গাতোচোন ৰক্ত, মাংস, মদ, গাহৰি...মিয়াৰেৰ গেছিলিনা কবাত বলি খাবা গেছিলি?
দূৰ্গাভক্ত: মাইথেৰ ঘৰত পোৰামাছ আৰু পণ্টাভাত খাই আইহছু৷[1]

এই কথাত মহাদেৱে বিশ্বাস নকৰে আৰু মন্দিৰ প্ৰৱেশত বাধা দিয়াত দুয়োপক্ষৰ ভকতসকলৰ মাজত দলিযুঁজ হয়৷ এই যুঁজত মহাদেৱ পৰাস্ত হৈ বাঁহ বান্ধি হেঙাৰ দিয়ে৷ ভকতসকলে এই বাঁহৰ হেঙাৰো ভাঙি দেৱীক মন্দিৰত প্ৰৱেশ কৰোৱায়৷

হেঙাৰভঙাৰ বাঁহডালক সফলতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ এই বাঁহৰ এটি অংশ মাছ মৰা সঁজুলিত সংযোগ কৰিব পাৰিলে অধিক মাছ ধৰিব পাৰি আৰু অপায়-অমংগল দূৰ হয় বুলি বিশ্বাস৷ সেয়ে, এটুকুৰা বাঁহৰ বাবে কেতিয়াবা অৰিয়াঅৰিও হোৱা দেখা যায়৷[1]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 বৰা, ড° ভদ্ৰ কান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৫৪. 
  2. "ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয় আৰু বাঘেশ্বৰী দেৱালয়ত দূৰ্গা পূজা". https://www.etvbharat.com/assamese/assam/city/guwahati/puja-preparation-in-chandika-and-bagheswari-devalaya-chaygaon/assam20190930104717443. 
  3. https://assam.eastmojo.com/news/assam-news/durga-puja-at-chaigaon/