দাণ্ডি সমুদ্ৰ-তীৰ
দাণ্ডি সমুদ্ৰ-তীৰ হ'ল গুজৰাটৰ দাণ্ডি গাঁৱত অৱস্থিত এটি উল্লেখযোগ্য সমুদ্ৰ-তীৰ।[1] আৰৱ সাগৰৰ ই এখন আটাইতকৈ পৰিস্কাৰ সমুদ্ৰ-তীৰ। দাণ্ডি সমুদ্ৰ-তীৰ ঐতিহাসিক ভাৱে প্ৰসিদ্ধ স্থান কাৰণ মোহনদাস কৰমচান্দ গান্ধীয়ে সৱৰমতী আশ্ৰমৰপৰা দাণ্ডি সমুদ্ৰ-তীৰলৈ হোৱা লোণ আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল। এই তীৰতে গান্ধীয়ে লোণ যাত্ৰাৰ অন্তত ইংৰাজসকলৰ লোণ কৰ আইন ভংগ কৰিছিল।
গান্ধীৰ প্ৰতিকৃতি
সম্পাদনা কৰকভাৰতৰ ইতিহাসত দাণ্ডি সমুদ্ৰ-তীৰৰ গুৰুত্ব উপলব্ধিৰ বাবে দাণ্ডি সাগৰৰ পাৰত মহাত্মা গান্ধীৰ দুটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এটি মূৰ্তি ইণ্ডিয়া গেটৰ দৰে, যি লোণ আইন অমান্য আন্দোলনত গান্ধীৰ সফলতাৰ কথা সোঁৱৰায়। আনটো হ'ল হাতত লৱণ অৰ্থাৎ নিমখ লৈ গান্ধীৰ প্ৰতিকৃতি।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2018-09-19. https://web.archive.org/web/20180919005735/http://www.gujarattourism.com/destination/details/3/114। আহৰণ কৰা হৈছে: 2020-10-02.
- ↑ https://www.tripadvisor.in/LocationPhotoDirectLink-g1389100-d9681918-i1656283.