দ্য বিটল্‌চ

(দা বিটল্‌চৰ পৰা পুনঃনিৰ্দেশিত)

দ্য বিটল্‌চ (ইংৰাজী: The Beatles) আছিল এটা প্ৰসিদ্ধ আমেৰিকান ৰকবেণ্ড। ১৯৬০ চনত লিভাৰপুলত এই বেণ্ডটো গঠিত হৈছিল। বেণ্ডৰ গুৰি ধৰিছিল জন লেনন, প'ল মেককাৰ্টনি, জৰ্জ হেৰিছন আৰু ৰিংগো ষ্টাৰে। তেওঁলোকক প্ৰায়েই "সৰ্বকালৰ সবাতোকৈ প্ৰভাৱশালী বেণ্ড" হিচাপে আখ্যায়িত কৰা হয়।[1] এই দলটোৱে পপ সংগীতৰ উত্থান আৰু বিৱৰ্তনত অসামান্য বৰঙনি আগবঢ়াইছিল আৰু পপ সংগীতক এক কলাৰ মৰ্যাদা প্ৰদান কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৬০ চনত উদ্ভৱ হোৱা বিপৰীত সংস্কৃতি (Counterculture)-ৰ বিকাশতো দ্য বিটল্‌চৰ অৰিহণা আছিল। [2]

দ্য বিটল্‌চ
A square quartered into four head shots of young men with moptop haircuts. All four wear white shirts and dark coats.
১৯৬৪ চনৰ ফেব্ৰুৱাৰীত দ্য বিটল্‌চ: ওপৰশাৰীৰ বাঁওফালৰপৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে; জন লেনন, প'ল মেককাৰ্টনি, ৰিংগো ষ্টাৰ আৰু জৰ্জ হেৰিছন
প্ৰাথমিক তথ্য
মূল লিভাৰপুল, ইংলেণ্ড
সংগীতৰ প্ৰকাৰ
কাৰ্যকাল ১৯৬০-৭০
ৰেকৰ্ড লেবেল
সহযোগী 
ৱেবছাইট thebeatles.com
পূৰ্বৰ সদস্য

ইতিহাস সম্পাদনা কৰক

 
১৯৬৪ চনত আমেৰিকাৰ কেনেডি এয়াৰপৰ্টত উপস্থিত হোৱাৰ পিছত অনুৰাগীৰ অভিবাদন গ্ৰহণ কৰাৰ সময়ত দ্য বিটল্‌চ

১৯৫৭ চনৰ মাৰ্চ মাহত ষোল্ল বছৰীয়া জন লেননে তেওঁ পঢ়া লিভাৰপুলৰ কোৱেৰি বেঙ্ক হাইস্কুলৰ কেইজনমান বন্ধু-বান্ধৱৰ লগত এটা স্কিফল গোট গঠন কৰে। তেওঁলোকে নিজকে "ব্লেকজেকেট" বুলি পৰিচয় দিয়ে। কিন্তু সেইটো নাম অইন এটা বেণ্ডে ইতিমধ্যেই ব্যৱহাৰ কৰি থকা বুলি জানি তেওঁলোকে নামটো সলাই "দ্য কোৱেৰিমেন" ৰাখে। [3] জুলাই মাহত জন লেননে পোন্ধৰ বছৰীয়া প'ল মেককাৰ্টনিক লগ পায় আৰু তেওঁক ৰিদম গীটাৰিষ্ট হিচাপে বেণ্ডত অন্তৰ্ভুক্ত কৰে। [4] ১৯৫৮ চনৰ ফেব্ৰুৱাৰিত মেককাৰ্টনিয়ে তেওঁৰ বন্ধু জৰ্জ হেৰিছনক বেণ্ডটো চাবলৈ মাতে। পোন্ধৰ বছৰীয়া হেৰিছনে লেননৰ আগ্ৰহত এটা অ'দিছ্যন দিয়ে। হেৰিছনৰ বাদনে লেননক বৰকৈ আনন্দিত কৰে কিন্তু কম বয়সৰ বাবে তেওঁ হেৰিছনক বেণ্ডত সুমুৱাবলৈ বৰকৈ ইচ্ছা প্ৰকাশ নকৰিলে। পিছে হেৰিছনৰ নেৰানেপেৰা অনুৰোধে কেইমাহমানৰ পিছত লেননৰ মন গলাই পেলালে আৰু মেককাৰ্টনিৰ উদ্যোগত সম্পন্ন হোৱা দ্বিতীয়টো সাক্ষাতত লেননে হেৰিছনক বেণ্ডত চামিল কৰোৱালে। দ্বিতীয়টো সাক্ষাতত হেৰিছনে লিভাৰপুলৰ বাছৰ ওপৰতলাত "ৰৌঞ্চি" নামৰ গীতটোৰ এটা যন্ত্ৰকৃত সংগীত(Instrumental)ৰ লীড গীটাৰ অংশখিনি বজায়,[5] আৰু এনেকৈয়ে জৰ্জ হেৰিছন বেণ্ডৰ লিড গীটাৰিষ্ট হিচাপে সংযুক্ত হয়। [6][7]

১৯৫৯ চনৰ জানুৱাৰীত লেননে লিভাৰপুল কলেজ অৱ আৰ্টছত পঢ়িবলৈ আহে আৰু তেওঁৰ কুৱেৰি বেঙ্কৰ সংগীসকলেও দলটো এৰি যায়গৈ। [8] লেননৰ চিত্ৰাংকন বিদ্যালয়ৰ বন্ধু ষ্টুৱাৰ্ট ছাটক্লিফ-এ ১৯৬০ চনৰ জানুৱাৰীত বেণ্ডটোত যোগদান কৰে। তেওঁৱেই পোনপ্ৰথমবাৰৰ বাবে বেণ্ডৰ নামটো সলাই 'বিটলছ্' কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। "বাডি হ'লি" আৰু "দ্য ক্ৰিকেটছ"ৰ বাবে নামটো উছৰ্গা কৰা হৈছিল। [9][10] তেওঁলোকে এই নামটো মে' মাহলৈকে ব্যৱহাৰ কৰে, তাৰপিছত তেওঁলোক "ছিলভাৰ বিটল্‌চ" হৈ পৰে। সেয়া আছিল পপ গায়ক তথা সতীৰ্থ জনি জেণ্টলৰ লগত এটা সৰু ট্যু'ৰ কৰাৰ আগতে। অৱশেষত জুলাইৰ মধ্যভাগত তেওঁলোকে বেণ্ডৰ নামটো "দ্য বিটল্‌চ" কৰি দিয়ে। [11]

দ্য বিটল্‌চৰ মেনেজাৰ এলান উইলিয়ামছ্-এ, তেওঁলোকৰ কাৰণে হামবাৰ্গত এটা আৱাসগৃহৰ ব্যৱস্থা কৰে। সেইসময়ত তেওঁলোকৰ বেণ্ডত এজন পূৰ্ণ-কালীন ড্ৰামবাদক নথকাৰ বাবে ১৯৬০ চনৰ মধ্য-আগষ্টত তেওঁলোকে পেটি বেষ্টৰ অডিশ্যন লৈ বেণ্ডত অন্তৰ্ভুক্ত কৰে। [12]

 
মঞ্চত জৰ্জ হেৰিছন আৰু ৰিংগো ষ্টাৰ

হেমবাৰ্গত থকাৰ কালতে লিভাৰপুলত তেওঁলোকৰ জনপ্ৰিয়তা ক্ৰমাৎ ঊৰ্ধমুখী হ'বলৈ ধৰে। অৱশ্যে একেটা ক্লাৱতে ৰাতিৰ পিছত ৰাতি পৰিৱেশন কৰি তেওঁলোক কোনোবাপৰত অৱশো হৈ পৰিছিল। [13] ১৯৬১ চনৰ নৱেম্বৰত কেভাৰ্ণ ক্লাৱত কোনোবা এটা পৰিৱেশনৰ সময়ত তেওঁলোকে ব্ৰায়ান এপষ্টেইন নামৰ স্থানীয় ৰেকৰ্ড-বিপনীৰ মালিক আৰু সংগীতৰ বিষয়ে কাকতত স্তম্ভ লিখা মানুহজনক লগ পায়। [14] সেই সাক্ষাৎপৰ্বৰ বিষয়ে তেওঁ পাছলৈ এইদৰে কয়-"শুনা মাত্ৰকে মোৰ সেইবোৰ ভাল লাগিছিল। তেওঁলোক আছিল সতেজ, সৰল আৰু তেওঁলোকৰ মাজত মই আশাকৰাধৰণে একধৰণৰ তাৰকাসদৃশ চিন আছিল। [15]

১৯৬২ চনৰ জানুৱাৰীত এইজন এপষ্টেইনকে বিটল্‌চে নিজৰ মেনেজাৰ হিচাপে নিযুক্ত কৰে। [16] সেইবছৰৰে এপ্ৰিলত জাৰ্মানীলৈ ওভতাৰ পথত তেওঁলোকে ছাটক্লিফৰ মগজুত ৰক্তক্ষৰণ হৈ মৃত্যু হোৱাৰ সংবাদটো লাভ কৰে। [17]

কেইমাহমানৰ পিছত জৰ্জ মাৰ্টিন নামৰ এজন প্ৰযোজকে বিটল্‌চক ইএমআই ৰ পাৰ্লোফোনৰ বাবে চুক্তিবদ্ধ কৰে। [17]

মাৰ্টিনৰ লগত তেওঁলোকৰ প্ৰথমটো বাণীবদ্ধ হয় ইএমআইৰ আব্বে ৰ'ড ষ্টুডিঅ'ত; ১৯৬২ চনৰ ৬ জুনত। [18] ড্ৰামবাদক পেটি বেষ্টৰ প্ৰদৰ্শন দুৰ্বল আখ্যা দি মাৰ্টিনে মেনেজাৰ এপষ্টেইনৰ সমুখত নিজৰ অভিযোগ দাখিল কৰে আৰু তাৰ পৰিৱৰ্তে এগৰাকী দক্ষ ড্ৰামবাদকক অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। [19] বিটল্‌চে ইতিমধ্যেই বেষ্টক বিদায় দিয়াৰ সিদ্ধান্তটো লৈ থৈছিল,[20] সেয়ে তেওঁলোকে বেষ্টক মধ্য-আগষ্টত বিদায় জনাই ৰিংগো ষ্টাৰক বেণ্ডত সুমুৱাই লয়। ৰিংগো ষ্টাৰে ৰ'ৰি ষ্টৰ্ম আৰু হাৰিকেনছৰ দল ত্যাগ কৰি বিটল্‌চত প্ৰৱেশ কৰে। [18]

প্ৰভাৱ সম্পাদনা কৰক

 
১৯৬৪ চনত গ্ৰেমী বঁটা পাওঁতে ইএমআই (EMI)-এ বিটল্‌চক এইদৰে শুভেচ্ছা জনাইছিল

বিটল্‌চৰ বেণ্ডটোক বিভিন্ন সময়ত বিভিন্ন ব্যক্তি আৰু সংগীতজ্ঞই প্ৰভাৱান্বিত কৰিছে। বিটল্‌চক প্ৰাৰম্ভিক পৰ্যায়ত প্ৰভাৱান্বিত কৰিছিল এলভিছ প্ৰেছলি, কাৰ্ল পাৰকিনছ্, লিটল ৰিছাৰ্ড আৰু চ্ছাক বেৰিয়ে। [21] ১৯৬২ চনত এপ্ৰিলৰ পৰা মে'লৈ হেমবাৰ্গৰ ষ্টাৰ ক্লাৱত প্ৰতিৱেশী লিটল ৰিচাৰ্ডৰ লগত থকাৰ সময়ত, ৰিচাৰ্ডে তেওঁৰ গীতবোৰ সঠিক পদ্ধতিৰে কেনেকৈ পৰিৱেশন কৰিব লাগে-সেইবিষয়ে শিকাইছিল। [22] প্ৰেচলিৰ বিষয়ে পাছলৈ লেননে এইদৰে মন্তব্য কৰিছিল যে-"এলভিছক নুশুনালৈকে মোক একোৱেই প্ৰভাৱিত কৰিব পৰা নাছিল। যদিহে এলভিছ নাথাকিলহেঁতেন, বিটছলৰো কোনো অস্তিত্ব নাথাকিলহেঁতেন। "[23] এইসকলৰ বাহিৰেও বিটল্‌চক প্ৰথমাৱস্থাত প্ৰভাৱিত কৰিছিল বাড্ডি হলি, এডি ক'চ্ছৰেণ, ৰয় অৰ্বিচন আৰু দ্য এভাৰলি ব্ৰাডাৰছে। [24]

সন্মান, বঁটা আদি সম্পাদনা কৰক

  • ১৯৬৫ চনত কুইন এলিজাবেথ (দ্বিতীয়)-ই জন লেনন, মেককাৰ্টনি, হেৰিছন আৰু ষ্টাৰক "মেম্বাৰছ্ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ" হিচাপে নিযুক্তি দিয়ে। [25]
  • "লেট ইট বি" (১৯৭০) নামৰ ছবিখনে ১৯৭১ চনত শ্ৰেষ্ঠ মৌলিক গীতৰ অকাডেমী বঁটা লাভ কৰে। [26]
  • বিটল্‌চে আমেৰিকা যুক্তৰাষ্ট্ৰত সাতটা গ্ৰেমী বঁটা[27], পোন্ধৰটা ইভ'ৰ ন'ভেলো বঁটা,[28] ছটা ডায়মণ্ড এলবাম, ২০টা মাল্টি-প্লেটিনাম এলবাম, ১৬টা প্লেটিনাম এলবাম আৰু ৬টা গ'ল্ড এলবাম লাভ কৰে। [29]
  • আনহাতে আমেৰিকা যুক্তৰাজ্যত, বিটল্‌চে চাৰিটা মাল্টি-প্লেটিনাম এলবাম, চাৰিটা প্লেটিনাম এলবাম, আঠটা গ'ল্ড এলবাম আৰু এটা ছিলভাৰ এলবাম লাভ কৰে। [30]
  • ১৯৮৮ চনত তেওঁলোকে "ৰক এণ্ড ৰোল হ'ল অৱ ফেম"তো প্ৰৱেশ কৰে।[31]
  • বিটল্‌চ হৈছে ইতিহাসৰ সৰ্বাধিক মূল্যত বিক্ৰী হোৱা বেণ্ড। তেওঁলোকে ২০১৩ চনলৈকে ৮০০ মিলিয়ন (অৰ্থাৎ ৮০ কোটি) এলবাম বিক্ৰী কৰিবলৈ সক্ষম হৈছে।[32][35]
  • বিলবৰ্ডৰ আলোচনীত তেওঁলোকক সৰ্বকালৰ সৰ্বসতেজ ১০০ জন শিল্পীৰ তালিকাৰ শীৰ্ষত স্থান দিয়া হৈছে। [36] ২০১৭ চনলৈকে বিলবৰ্ডত সৰ্বাধিকবাৰ শীৰ্ষত থকাৰ অভিলেখ গঢ়িবলৈ বিটল্‌চ সক্ষম হৈছে (২০বাৰ)।[37]
  • তেওঁলোকক সামূহিকভাৱে টাইম আলোচনীৰ "বিংশ শতিকাৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তি"ত স্থান দিয়া হৈছে। [38]
  • ২০১৪ চনত তেওঁলোকে গ্ৰেমীৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।[39]
  • ২০০১ চনৰ পৰা ১৬ জানুৱাৰী দিনটো ৰাষ্ট্ৰসংঘৰ অধীনত বিশ্ববাসীয়ে "বিশ্ব বিটল্‌চ দিৱস" হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ১৯৫৭ চনৰ এইটো দিনতে কেভাৰ্ণ ক্লাৱৰ উদ্বোধন হৈছিল।[40][41]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Hasted, Nick (2017). You Really Got Me: The Story of The Kinks. Omnibus Press. পৃষ্ঠা. 425. 
  2. Frontani 2007, পৃষ্ঠা. 125.
  3. Spitz 2005, পৃষ্ঠা. 47–52.
  4. Spitz 2005, পৃষ্ঠা. 93–99.
  5. Miles 1997, পৃষ্ঠা 47; Spitz 2005, পৃষ্ঠা 127.
  6. Miles 1997, পৃষ্ঠা. 47.
  7. Lewisohn 1992, পৃষ্ঠা. 13.
  8. Harry 2000a, পৃষ্ঠা. 103.
  9. Lewisohn 1992, পৃষ্ঠা. 18.
  10. Gilliland 1969, show 27, track 4.
  11. Lewisohn 1992, পৃষ্ঠা. 18–22.
  12. Lewisohn 1992, পৃষ্ঠা. 21–25.
  13. Lewisohn 1992, পৃষ্ঠা. 33.
  14. Miles 1997, পৃষ্ঠা. 84–87.
  15. Lewisohn 1992, পৃষ্ঠা. 34–35.
  16. Miles 1997, পৃষ্ঠা. 84–88.
  17. 17.0 17.1 Lewisohn 1992, পৃষ্ঠা. 56.
  18. 18.0 18.1 Lewisohn 1992, পৃষ্ঠা. 59.
  19. Spitz 2005, পৃষ্ঠা. 318, 322.
  20. Miles 1998, পৃষ্ঠা. 49–50.
  21. Harry 2000a, পৃষ্ঠা. 140, 660, 856–858, 881.
  22. Harry 2000a, পৃষ্ঠা. 660.
  23. Harry 2000a, পৃষ্ঠা. 881.
  24. Spitz 2005, পৃষ্ঠা. 111, 123, 131, 133.
  25. Spitz 2005, পৃষ্ঠা. 556.
  26. Southall & Perry 2006, পৃষ্ঠা. 96.
  27. Grammy.com.
  28. Harry 2000a, পৃষ্ঠা. 559–560.
  29. RIAA 2009b.
  30. British Phonographic Industry 2009.
  31. https://www.cleveland.com/entertainment/2015/04/revisit_the_beatles_1988_rock.html
  32. "The Beatles and Bravado Come Together" (Press release). Universal Music Group. 12 June 2013. https://www.prnewswire.com/news-releases/the-beatles-and-bravado-come-together-211205321.html। আহৰণ কৰা হৈছে: 13 June 2017. "Apple Corps Ltd. was founded by The Beatles in 1968 to oversee the band's own creative and business interests. As part of its management of The Beatles' entire intellectual property canon, the London-based company has administered the legendary band's recorded catalogue, with more than 800 million physical and digital albums sold to date." 
  33. Gould 2007, পৃষ্ঠা. 9.
  34. "Best-selling group". guinnessworldrecords.com. https://www.guinnessworldrecords.com/world-records/best-selling-group। আহৰণ কৰা হৈছে: 23 October 2019. 
  35. Another estimate gives total international sales of over 1 billion units,[33] a figure based on EMI's statement and recognised by Guinness World Records.[34]
  36. Billboard 2008a.
  37. Rutherford, Kevin (30 March 2017). "The Beatles, Aerosmith & Godsmack: A History of 'Come Together' on the Charts". Billboard. https://www.billboard.com/articles/columns/chart-beat/7744226/the-beatles-come-together-chart-history-aerosmith-godsmack। আহৰণ কৰা হৈছে: 31 March 2017. 
  38. Loder 1998.
  39. "Paul McCartney and Ringo Starr Share Grammy Stage for Rare Performance". Rolling Stone. 26 January 2014. https://www.rollingstone.com/music/news/paul-mccartney-and-ringo-starr-share-grammy-stage-for-rare-performance-20140126। আহৰণ কৰা হৈছে: 30 January 2014. 
  40. Rossiyskaya Gazeta: Мир отмечает день The Beatles (16.01.2013)
  41. World marks January 16 The Beatles Day (16 January 2018)

বাহ্যিক সংযোগ সম্পাদনা কৰক