দুন্দুভি পুৰণি ভাৰতীয় বাদ্যৰ ভিতৰত প্ৰখ্যাত। বৈদিক অনুষ্ঠানসমূহত দুন্দুভিক প্ৰাধান্য দিয়াটো তাৎপৰ্যপূৰ্ণ। অথৰ্ববেদত এই বাদ্যক উদ্দেশ্যি এটা স্তৱক ৰচনা কৰা হৈছে। হৰিণাৰ ছালেৰে আবৃত দুন্দুভিৰ ধ্বনিৰে দেৱতাসকলে শত্ৰুৰ অন্তৰত ত্ৰাসৰ সঞ্চাৰ কৰি সিহঁতক পৰাজিত কৰিবলৈ সমৰ্থ হৈছিল। প্ৰাচীন কালত যুদ্ধৰ উপৰি শান্তি আৰু উৎসৱৰ কালতো ইয়াক ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়। ৰথ চালন প্ৰতিযোগিতাত ৰথীসকলক উৎসাহিত কৰিবলৈ দুন্দুভিৰ ব্যৱহাৰ উল্লেখযোগ্য। বাজপেয় যজ্ঞত একেলগে সোতটা দুন্দুভি যজ্ঞথলীৰ চৌদিশে বজোৱাৰ ৰীতি আছিল।[1] দুন্দুভি বাদকৰ লগতে বাঁহী, তালবাদকসকলক পৱিত্ৰ জ্ঞান কৰি মকৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত মহাব্ৰতত সেইসকলক আহুতি দিয়া বুলি এটা মত আছে। ভৰতৰ নাট্যশাস্ত্ৰৰ তেত্ৰিশ অধ্যায়ত আছে : স্বাতি মুনিয়ে দেৱবাদ্য মুৰজ দেখি তাৰ অনুকৰণত মুৰজ বাদ্য নিৰ্মাণ কৰে। ই দেখাত অৰ্ধগোলাকাৰ। সংগীত ৰত্নাকৰ মতে আম কাঠেৰে নিৰ্মিত এই বাদ্যৰ ভিতৰটো কাঁহৰ পাতেৰে মোৰা আৰু মুখভাগ চামৰাৰে আচ্ছাদিত। চামৰাৰে সজা কঠিন লাঠি অথবা পহুৰ শিঙেৰে এই বিধ বাদ্য বজোৱাৰ কথা সংগীত শাস্ত্ৰত উল্লিখিত হৈছে। পুৰণি অসমীয়া সাহিত্যত দুন্দুভিৰ সঘন প্ৰয়োগ পোৱা যায়।[2]

দুটামান উদাহৰণ:

  • দুন্দুভি মৃদংগ দাম বাজে ঢাক ঢোল (মাধৱ কন্দলি- ৰামায়ণ লংকাকাণ্ড)
  • দুম দুম দুন্দুভি ঢোলে (মাধৱদেৱৰ বৰগীত)
  • শংখ, ঘণ্টা কৰতাল দুন্দুভি বজাৱে ভাল (সূৰ্যখড়ি দৈৱজ্ঞ)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. অসমৰ সংস্কৃিত কোষ, সম্পাদক- ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-৩৩২
  2. অসমৰ সংস্কৃিত কোষ, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-৩৩২