দূৰণীৰ ৰঙ
দূৰণীৰ ৰঙ (ইংৰাজী: Duranir Rong ) ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ পৰিচালনা বিভাগৰ সদ্যোত্তীৰ্ণ মহলীয়াৰ এইখন প্ৰথম পৰিচালিত ছবি আছিল। ছবিখনৰ কাষ্টিঙত কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু সম্পাদনাত ব্যক্তিবিশেষৰ নাম প্ৰকাশ কৰাৰ সলনি জনৈক বুলিহে উল্লেখ কৰিছিল। দূৰণীৰ ৰঙৰ প্ৰিমিয়াৰ শ্বো গুৱাহাটীৰ মেঘদূত পিকচাৰ পেলেচত অনুষ্ঠিত হৈছিল।[1][2]
দূৰণীৰ ৰঙ Duranir Rong | |
---|---|
পৰিচালক | জনছ মহলীয়া |
প্ৰযোজক | জনছ মহলীয়া |
অভিনয়ত | নিপন গোস্বামী পূৰ্ণিমা পাঠক |
চিত্ৰগ্ৰহণকাৰী | জয়কৃষ্ণ পাত্ৰ ইন্দুকল্প হাজৰিকা |
সংগীত পৰিচালক | অজিৎ সিংহ |
মুক্তি |
১৬ নবেম্বৰ ১৯৭৯ |
দৈৰ্ঘ্য |
২ ঘণ্টা ৫৭ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকঅসীম দত্তই এটা স্পিনিং মিলত সহকাৰী প্ৰবন্ধক হিচাপে চাকৰি পালে। তাত গৈ তেওঁ পালে এজন দুৰ্নীতি পৰায়ণ প্ৰবন্ধক ভৱেন্দ্ৰ বৰঠাকুৰক আৰু এজনী দায়িত্ব-জ্ঞানহীন কৰ্মচাৰী জুৰিক। এদিন জুৰিয়ে অতি গুৰুত্বপূৰ্ণ নথি হেৰুৱাই পেলোৱাত অসীম খঙত টিঙিৰিতুলা হ’ল। পিছত তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ ডাঙৰ ভুল হ’ল। কাৰণ তেওঁ জানিব পাৰিলে যে সেই নথিবোৰ নষ্ট কৰি পেলাইছিল অন্য এজনী কৰ্মচাৰী সুনীতাই। অসীমে জুৰিৰ ওচৰত ক্ষমা বিচাৰিলে। এনেকৈ দুয়োৰো মাজত প্ৰেমৰ সূত্ৰপাত হ’ল।[2][1]
ঘটনাক্ৰমে অসীমে জুৰিৰ জীৱনৰ ভয়ঙ্কৰ অতীতৰ কিছুমান কথা জানিব পাৰিলে। অসীমৰো অতীতৰ মিছা কলংকৰ অধ্যায় কিছুমান উন্মুক্ত হৈ পৰিল। এনেকৈ প্ৰেমত ফাট মেলিল আৰু দুয়ো দুয়োৰো পৰা বহুদূৰলৈ আঁতৰি গ’ল।[2]
মিলৰ প্ৰবন্ধক বৰঠাকুৰ এজন লম্পট প্ৰকৃতিৰ ব্যক্তি। বহু নাৰীৰ জীৱন ধ্বংস কৰা বৰঠাকুৰৰ জুৰিৰ প্ৰতি দুৰ্বলতা বহুদিনীয়া। মানসিকভাবে ভাগি পৰা জুৰি আহি বৰঠাকুৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এই সুযোগৰ বাবেই এই লম্পটটোৱে অপেক্ষা কৰি আছিল।[2][1]
আন এজনী নাৰী শীলা, যি বৰঠাকুৰৰ এজনী অভিসাৰিকা। বিশ্বাসঘাটকতাৰ বলি হৈ শীলাই এদিন বৰঠাকুৰক পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে। এই হত্যাকাণ্ডৰ বাবে পুলিচে অসীমক জগৰীয়া কৰিলে। আত্মগোপন কৰি থকা অসীমে এদিন মাজনিশা জুৰিৰ ওচৰলৈ আহিল আৰু তেওঁ যে নিৰ্দোষ সেই কথা জনালে। জুৰিয়ে তেওঁৰ কথা বিশ্বাস নকৰি সংগোপনে পুলিচৰ হাতত ধৰাই দিলে। কিন্তু শীলাই যেতিয়া জুৰিৰ ওচৰত বৰঠাকুৰক তাই হত্যা কৰা বুলি স্বীকাৰ কৰিলে, জুৰি উন্মাদ হৈ পৰিল। অনুতাপত দগ্ধ হৈ তাই অসীমক বিচাৰি গ’ল। শাৰীৰিক আৰু মানসিকভাবে বিধ্বস্ত হৈ তেওঁ ৰোগগ্ৰস্থ হৈ পৰিল আৰু তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হ’ল। জুৰি গৈ হাস্পাতাল পালে। কিন্তু তালৈ গৈ তাই আৱিষ্কাৰ কৰিলে বগা কাপোৰেৰে ঢাকি থোৱা অসীমৰ নিঠৰ দেহ।[2][1][3]
অভিনয় শিল্পী
সম্পাদনা কৰক- নিপন গোস্বামী (অসীম দত্ত,)
- পূৰ্ণিমা পাঠক (জুৰি)
- তচদ্দুক ইউচুফ (ভৱেন্দ্ৰ বৰঠাকুৰ)
- ৰূপজ্যোতি দাস (শীলা)
- চন্দ্ৰধৰ গোস্বামী
- সুৰেন গোস্বামী
- বিজু ফুকন
- অৰুণ নাথ
- কুলেন গোস্বামী
- জুনু বৰুৱা
- উদয় শইকীয়া
- ঘনশ্যাম বৰা
- ক্ষীতিশ কাকতি
- দেবেন শৰ্মা
- দেবেন শইকীয়া আদি।[1][2]
কলা-কুশলী
সম্পাদনা কৰক- (তথ্যছ’কত নথকা)
- কাহিনী, চিত্ৰনাট্য, সংলাপ, সম্পাদনা- জনৈক
- শব্দগ্ৰহণ- ৰাজেন ৰাজখোৱা
পীযুষকান্তি ৰয়
মৃণাল গুহঠাকুৰতা - বেনাৰ- নবাৰুণ ফিল্মছ[1][2]
সঙ্গীত
সম্পাদনা কৰকদূৰণীৰ ৰঙৰ সঙ্গীত পৰিচালনা কৰিছিল অজিৎ সিংহই। গীত লিখিছিল ৰুবি সিংহ, বঙ্কিম শৰ্মা আৰু গোলাম চামদানীয়ে।[4][2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "মন আজি যেন উতলা বতাহত উৰে মাথোঁ উৰে কিনো উলাহত" | ৰুবী সিংহ | পুলক বেনাৰ্জী | |||||||
2. | "মই আজি সঙ্গীবিহীন উদাসীন ক্লান্ত পথিক" | ৰুবী সিংহ | পুলক বেনাৰ্জী | |||||||
3. | "য়ে ৰঙ্গীন ৰাত মে জৱানীকি নশা হ্যায়" | গোলাম চামদানী | হৈমন্তী শুক্লা | |||||||
4. | "জিলিমিলি জিলিমিলি আশাৰ তৰা জ্বলে" | বঙ্কিম শৰ্মা | আৰতি মুখাৰ্জী |
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 271.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 "Durani Rang". Box Office of Assam. Archived from the original on 27 September 2020. https://web.archive.org/web/20200927224007/http://www.boxofficeassam.com/movie/dooronir-rong-duronir-rang/। আহৰণ কৰা হৈছে: 1 June 2020.
- ↑ "Duranir Rong". MOVIEBUFF.COM. https://www.moviebuff.com/duranir-rong। আহৰণ কৰা হৈছে: 1 June 2020.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 299.